--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণাৰ পিছৰে পৰা ‘ডন ৩’ ছবিখনে চৰ্চা লাভ কৰিছে। কাৰণ, শ্বাহৰুখৰ সলনি ৰণবীৰ সিঙে এই ছবিখনত ডনৰ চৰিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এই ছবিখনক লৈ অনুৰাগীসকলে আৰম্ভণিৰে পৰাই ক্ষোভ প্ৰকাশ কৰিছিল। কিন্তু নিৰ্মাতাসকলে কোনো নেতিবাচক মন্তব্যৰ প্ৰতি গুৰুত্ব দিবলৈ অনিচ্ছুক। কাৰণ, তেওঁলোকে ইতিমধ্যে ছবিখনৰ নায়িকা হিচাপে ঘোষণা কৰিছে কিয়াৰা আদবানীক। সূত্ৰ অনুসৰি ছবিখনত আৰু এগৰাকী নায়িকা আছে।

২০০৬ চনত শ্বাহৰুখ খান অভিনীত প্ৰথমখন ‘ডন’ মুক্তি পায়। ছবিখনত প্ৰিয়ংকা চোপ্ৰাই ৰোমাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, কৰীনা কাপুৰ খানে কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। অমিতাভ বচ্চন অভিনীত ‘ডন’ ১৯৭৮ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনৰ ‘য়ে মেৰা দিল’ গীতটোত অমিতাভৰ সৈতে হেলেনক দৰ্শকে দেখিছিল। শ্বাহৰুখৰ ছবিখনত কৰীনাই হেলেনৰ চৰিত্ৰত অভিনয় কৰিছিল।

সূত্ৰ অনুসৰি ফাৰহানে ‘ডন ৩’ ছবিখনত কৰীনাৰ দৰে চৰিত্ৰ এটা লোৱাৰ পৰিকল্পনা কৰিছে। আৰু এই চৰিত্ৰৰ বাবে জানহৱী কাপুৰক অফাৰ দিয়া হৈছে।

শেহতীয়াকৈ ফাৰহানৰ অফিচৰ বাহিৰত জাহ্নৱীক দেখা গ’ল। তেতিয়াৰ পৰাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শুনা যায় যে আগৰ দৰেই নিৰ্মাতাসকলে ছবিখনত এটা বিশেষ গীতৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকে জানহৱীক এই চৰিত্ৰৰ বাবে বাছি লৈছে। উদ্যোগটোৰ এটা অংশৰ পৰা জল্পনা-কল্পনা, নিৰ্মাতাসকলে এই সন্দৰ্ভত অতি সোনকালে ঘোষণা কৰিবলৈ ওলাইছে। এতিয়া হেলেন আৰু কৰীনাৰ পিছত জানহৱীয়ে দৰ্শকৰ আশা পূৰণ কৰিব পাৰিব নে নোৱাৰে সেয়া সময়ে ক’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু