--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণাৰ পিছৰে পৰা ‘ডন ৩’ ছবিখনে চৰ্চা লাভ কৰিছে। কাৰণ, শ্বাহৰুখৰ সলনি ৰণবীৰ সিঙে এই ছবিখনত ডনৰ চৰিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এই ছবিখনক লৈ অনুৰাগীসকলে আৰম্ভণিৰে পৰাই ক্ষোভ প্ৰকাশ কৰিছিল। কিন্তু নিৰ্মাতাসকলে কোনো নেতিবাচক মন্তব্যৰ প্ৰতি গুৰুত্ব দিবলৈ অনিচ্ছুক। কাৰণ, তেওঁলোকে ইতিমধ্যে ছবিখনৰ নায়িকা হিচাপে ঘোষণা কৰিছে কিয়াৰা আদবানীক। সূত্ৰ অনুসৰি ছবিখনত আৰু এগৰাকী নায়িকা আছে।

২০০৬ চনত শ্বাহৰুখ খান অভিনীত প্ৰথমখন ‘ডন’ মুক্তি পায়। ছবিখনত প্ৰিয়ংকা চোপ্ৰাই ৰোমাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, কৰীনা কাপুৰ খানে কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। অমিতাভ বচ্চন অভিনীত ‘ডন’ ১৯৭৮ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনৰ ‘য়ে মেৰা দিল’ গীতটোত অমিতাভৰ সৈতে হেলেনক দৰ্শকে দেখিছিল। শ্বাহৰুখৰ ছবিখনত কৰীনাই হেলেনৰ চৰিত্ৰত অভিনয় কৰিছিল।

সূত্ৰ অনুসৰি ফাৰহানে ‘ডন ৩’ ছবিখনত কৰীনাৰ দৰে চৰিত্ৰ এটা লোৱাৰ পৰিকল্পনা কৰিছে। আৰু এই চৰিত্ৰৰ বাবে জানহৱী কাপুৰক অফাৰ দিয়া হৈছে।

শেহতীয়াকৈ ফাৰহানৰ অফিচৰ বাহিৰত জাহ্নৱীক দেখা গ’ল। তেতিয়াৰ পৰাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শুনা যায় যে আগৰ দৰেই নিৰ্মাতাসকলে ছবিখনত এটা বিশেষ গীতৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকে জানহৱীক এই চৰিত্ৰৰ বাবে বাছি লৈছে। উদ্যোগটোৰ এটা অংশৰ পৰা জল্পনা-কল্পনা, নিৰ্মাতাসকলে এই সন্দৰ্ভত অতি সোনকালে ঘোষণা কৰিবলৈ ওলাইছে। এতিয়া হেলেন আৰু কৰীনাৰ পিছত জানহৱীয়ে দৰ্শকৰ আশা পূৰণ কৰিব পাৰিব নে নোৱাৰে সেয়া সময়ে ক’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ