--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ পূৰ্বেও যোৱা জুন মাহত মাইক্ৰ'ছফ্টে ৱাশ্বিংটনৰ ৰেডমণ্ডত অৱস্থিত প্ৰতিস্থানটোৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছিল

ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ টেক কোম্পানী মাইক্ৰ’ছফটে পুনৰ এটা ডাঙৰ সিদ্ধান্ত লৈ প্ৰায় ৯১০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।


এই ছাটাই অভিযানত কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব সেয়া এই পৰ্যন্ত মাইক্ৰ'ছফ্টে ৰাজহুৱা কৰা নাই যদিও এটা কথা স্পষ্ট কৰি দিছে যে কোম্পানীটোত কৰ্মৰত হৈ থকা মুঠ কৰ্মচাৰীৰ মাজৰ পৰা ৪ শতাংশ কৰ্মচাৰীক এইবাৰ চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব ৷


যদি এয়াই হয় তেন্তে সমগ্ৰ বিশ্বত কৰ্মৰত হৈ থকা মাইক্ৰ'ছফ্টৰ প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব ।মাত্ৰ এটা মাহৰ ভিতৰতে এই বিখ্যাত কোম্পানীটোৰ এইটো হৈছে বৃহৎ কৰ্মচাৰী ছাটাই অভিযান ৷


এক বিবৃতিত মাইক্ৰ'ছফ্টে কয়- "কোম্পানীটোৰ উত্তৰণৰ হকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা কিম্বা এ আইৰ দ্বাৰা কিছুমান কাম এতিয়াৰে পৰা কৰিবলৈ সিদ্ধান্ত লৈছে মাইক্ৰ'ছফ্টে, যাৰ বাবে এতিয়া অমানিশা নামি আহিছে এই ৯ হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ ৷


উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা জুন মাহত মাইক্ৰ'ছফ্টে ৱাশ্বিংটনৰ ৰেডমণ্ডত অৱস্থিত প্ৰতিস্থানটোৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছিল ৷ তাৰো পূৰ্বে মে' মাহত ৬ হাজাৰ আৰু ইয়াৰো পূৰ্বে দুহেজাৰ কৰ্মচাৰীক ছাটাই কৰিছিল। এই বিখ্যাত ছফ্টৱেৰ কোম্পানীটোত বৰ্তমান কৰ্মৰত হৈ থকা কৰ্মচাৰীৰ সংখ্যা হ'ল প্ৰায় ২,২৮,০০০ গৰাকী ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক