--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ পূৰ্বেও যোৱা জুন মাহত মাইক্ৰ'ছফ্টে ৱাশ্বিংটনৰ ৰেডমণ্ডত অৱস্থিত প্ৰতিস্থানটোৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছিল

ডিজিটেল ডেস্কঃ বিশ্বৰ আগশাৰীৰ টেক কোম্পানী মাইক্ৰ’ছফটে পুনৰ এটা ডাঙৰ সিদ্ধান্ত লৈ প্ৰায় ৯১০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।


এই ছাটাই অভিযানত কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব সেয়া এই পৰ্যন্ত মাইক্ৰ'ছফ্টে ৰাজহুৱা কৰা নাই যদিও এটা কথা স্পষ্ট কৰি দিছে যে কোম্পানীটোত কৰ্মৰত হৈ থকা মুঠ কৰ্মচাৰীৰ মাজৰ পৰা ৪ শতাংশ কৰ্মচাৰীক এইবাৰ চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব ৷


যদি এয়াই হয় তেন্তে সমগ্ৰ বিশ্বত কৰ্মৰত হৈ থকা মাইক্ৰ'ছফ্টৰ প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব ।মাত্ৰ এটা মাহৰ ভিতৰতে এই বিখ্যাত কোম্পানীটোৰ এইটো হৈছে বৃহৎ কৰ্মচাৰী ছাটাই অভিযান ৷


এক বিবৃতিত মাইক্ৰ'ছফ্টে কয়- "কোম্পানীটোৰ উত্তৰণৰ হকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা কিম্বা এ আইৰ দ্বাৰা কিছুমান কাম এতিয়াৰে পৰা কৰিবলৈ সিদ্ধান্ত লৈছে মাইক্ৰ'ছফ্টে, যাৰ বাবে এতিয়া অমানিশা নামি আহিছে এই ৯ হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ ৷


উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা জুন মাহত মাইক্ৰ'ছফ্টে ৱাশ্বিংটনৰ ৰেডমণ্ডত অৱস্থিত প্ৰতিস্থানটোৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৩০০ কৰ্মচাৰীক ছাটাই কৰিছিল ৷ তাৰো পূৰ্বে মে' মাহত ৬ হাজাৰ আৰু ইয়াৰো পূৰ্বে দুহেজাৰ কৰ্মচাৰীক ছাটাই কৰিছিল। এই বিখ্যাত ছফ্টৱেৰ কোম্পানীটোত বৰ্তমান কৰ্মৰত হৈ থকা কৰ্মচাৰীৰ সংখ্যা হ'ল প্ৰায় ২,২৮,০০০ গৰাকী ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ