--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰআৰআৰ হৈছে যোৱা বছৰৰ আটাইতকৈ দৰ্শনীয় আৰু শক্তিশালী ব্যৱসায়িক চলচ্চিত্ৰ। বছৰটোৰ শেষৰ পৰা, চলচ্চিত্ৰখনে বহু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিবলৈ আৰম্ভ  কৰিছিল। কিন্তু কেৱল জনপ্ৰিয়তাই নহয়, এইবাৰ ছবিখনে লাভ কৰিলে এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ৷  আৰআৰআৰ চলচ্চিত্ৰখনে আন্তৰ্জাতিক পুৰস্কাৰৰ দিশত প্ৰথম পদক্ষেপ লৈছে। ছবিখনে গোল্ডেন গ্লোব বঁটাত দুটা শ্ৰেণীত মনোনীত হোৱা এই ছবিখনে এটা শ্ৰেণীত এই বঁটা লাভ কৰিছে। 


 এছ.এছ. ৰাজামৌলীৰ ব্লকবাষ্টাৰ ছবি আৰ.আৰ.আৰ.-ক দুটা শ্ৰেণীত গোল্ডেন গ্লোব বঁটাত মনোনীত কৰা হৈছিল। এই গ্ৰেণ্ড এৱাৰ্ড অনুষ্ঠানত ঘোষণা কৰা হৈছে যে ভাৰতৰ এই ছবিখনে ইতিহাস সৃষ্টি কৰিছে। 

কোন শাখাত  গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল ছবিখনে?

 গোল্ডেন গ্লোব এৱাৰ্ডছ টুইটাৰ একাউণ্টে টুইট কৰিছে যে 'আৰআৰআৰ' ছবিখনে 'শ্ৰেষ্ঠ মূল গীত চলচ্চিত্ৰ শ্ৰেণী'ৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছে। 'নাটু নাটু' গানটো সমগ্ৰ বিশ্বতে  পছন্দ কৰা হৈছে। এই শ্ৰেণীত ভাৰতীয় চলচ্চিত্ৰ এখনে প্ৰথমবাৰৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছে। বঁটা গ্ৰহণৰ ভাষণৰ ভিডিঅ'টো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। 

 আৰআৰআৰৰ দলটো এই বঁটা প্ৰাপ্ত কৰিবলৈ লছ এঞ্জেলছত উপস্থিত হৈছিল৷উপস্থিত থকা সকলৰ  ভিতৰত আছে পৰিচালক এছ.এছ. ৰাজামৌলী, সংগীত পৰিচালক এম.এম. কীৰাৱানী, অভিনেতা ৰাম চৰণ, জুনিয়ৰ এন.টি.আৰ. আৰু তেওঁলোকৰ পত্নী। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement