--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰআৰআৰ হৈছে যোৱা বছৰৰ আটাইতকৈ দৰ্শনীয় আৰু শক্তিশালী ব্যৱসায়িক চলচ্চিত্ৰ। বছৰটোৰ শেষৰ পৰা, চলচ্চিত্ৰখনে বহু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিবলৈ আৰম্ভ  কৰিছিল। কিন্তু কেৱল জনপ্ৰিয়তাই নহয়, এইবাৰ ছবিখনে লাভ কৰিলে এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ৷  আৰআৰআৰ চলচ্চিত্ৰখনে আন্তৰ্জাতিক পুৰস্কাৰৰ দিশত প্ৰথম পদক্ষেপ লৈছে। ছবিখনে গোল্ডেন গ্লোব বঁটাত দুটা শ্ৰেণীত মনোনীত হোৱা এই ছবিখনে এটা শ্ৰেণীত এই বঁটা লাভ কৰিছে। 


 এছ.এছ. ৰাজামৌলীৰ ব্লকবাষ্টাৰ ছবি আৰ.আৰ.আৰ.-ক দুটা শ্ৰেণীত গোল্ডেন গ্লোব বঁটাত মনোনীত কৰা হৈছিল। এই গ্ৰেণ্ড এৱাৰ্ড অনুষ্ঠানত ঘোষণা কৰা হৈছে যে ভাৰতৰ এই ছবিখনে ইতিহাস সৃষ্টি কৰিছে। 

কোন শাখাত  গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল ছবিখনে?

 গোল্ডেন গ্লোব এৱাৰ্ডছ টুইটাৰ একাউণ্টে টুইট কৰিছে যে 'আৰআৰআৰ' ছবিখনে 'শ্ৰেষ্ঠ মূল গীত চলচ্চিত্ৰ শ্ৰেণী'ৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছে। 'নাটু নাটু' গানটো সমগ্ৰ বিশ্বতে  পছন্দ কৰা হৈছে। এই শ্ৰেণীত ভাৰতীয় চলচ্চিত্ৰ এখনে প্ৰথমবাৰৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছে। বঁটা গ্ৰহণৰ ভাষণৰ ভিডিঅ'টো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। 

 আৰআৰআৰৰ দলটো এই বঁটা প্ৰাপ্ত কৰিবলৈ লছ এঞ্জেলছত উপস্থিত হৈছিল৷উপস্থিত থকা সকলৰ  ভিতৰত আছে পৰিচালক এছ.এছ. ৰাজামৌলী, সংগীত পৰিচালক এম.এম. কীৰাৱানী, অভিনেতা ৰাম চৰণ, জুনিয়ৰ এন.টি.আৰ. আৰু তেওঁলোকৰ পত্নী। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু