--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ ঘটিছে প্ৰস্ৰাৱ কাণ্ড । এইবাৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (আইজিআইএ) 'প্ৰস্থান' গেটৰ সন্মুখতে এজন ব্যক্তিয়ে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে।  ঘটনাটোত সাঙোৰ খাই থকা লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত তেওঁক জামিনত মুক্তি দিয়া হৈছে।

উল্লেখ্য এয়াৰ ইণ্ডিয়াৰ চলন্ত বিমানৰ ভিতৰতে  একেৰাহে দুটাকৈ প্ৰস্ৰাৱৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ  দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত ঘটা একেধৰণ  ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে। 
লোকজনে  দিল্লীৰ পৰা দাম্মামলৈ উৰা মাৰিব লাগিছিল। অভিযুক্তজনক জৱাহৰ আলী খান বুলি চিনাক্ত কৰা হৈছে। 

তেওঁৰ কাষত থকা বহু  যাত্ৰীয়ে দাবী কৰিছে যে তেওঁ সুৰাপান কৰি আছিল।ঘটনাটো দিল্লী বিমানবন্দৰৰ ৬ নং গেটৰ সন্মুখত সংঘটিত হৈছে। তেওঁৰ বিৰুদ্ধে থকা এজাহাৰখনত লিখা আছে যে 'তেওঁ তেওঁৰ পেণ্টৰ চেইন  খুলি সকলোৰে সন্মুখতে প্ৰস্ৰাৱ কৰিছিল।' জৱাহৰ খান নামৰ লোকজনক  গ্ৰেপ্তাৰ কৰি চফৰদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক সুৰাপায়ী বুলি ঘোষণা কৰিছিল।

অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ আৰু ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে ২৬ নৱেম্বৰত শংকৰ মিশ্ৰ নামৰ এজন ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু