--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ ঘটিছে প্ৰস্ৰাৱ কাণ্ড । এইবাৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (আইজিআইএ) 'প্ৰস্থান' গেটৰ সন্মুখতে এজন ব্যক্তিয়ে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে।  ঘটনাটোত সাঙোৰ খাই থকা লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত তেওঁক জামিনত মুক্তি দিয়া হৈছে।

উল্লেখ্য এয়াৰ ইণ্ডিয়াৰ চলন্ত বিমানৰ ভিতৰতে  একেৰাহে দুটাকৈ প্ৰস্ৰাৱৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ  দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত ঘটা একেধৰণ  ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে। 
লোকজনে  দিল্লীৰ পৰা দাম্মামলৈ উৰা মাৰিব লাগিছিল। অভিযুক্তজনক জৱাহৰ আলী খান বুলি চিনাক্ত কৰা হৈছে। 

তেওঁৰ কাষত থকা বহু  যাত্ৰীয়ে দাবী কৰিছে যে তেওঁ সুৰাপান কৰি আছিল।ঘটনাটো দিল্লী বিমানবন্দৰৰ ৬ নং গেটৰ সন্মুখত সংঘটিত হৈছে। তেওঁৰ বিৰুদ্ধে থকা এজাহাৰখনত লিখা আছে যে 'তেওঁ তেওঁৰ পেণ্টৰ চেইন  খুলি সকলোৰে সন্মুখতে প্ৰস্ৰাৱ কৰিছিল।' জৱাহৰ খান নামৰ লোকজনক  গ্ৰেপ্তাৰ কৰি চফৰদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক সুৰাপায়ী বুলি ঘোষণা কৰিছিল।

অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ আৰু ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে ২৬ নৱেম্বৰত শংকৰ মিশ্ৰ নামৰ এজন ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক