--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৰ্ণাটকত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। স্কুলৰ পৰা উভতি অহাৰ পথতে স্কুল বাছৰ পৰা চিটিকি পৰি এটি  শিশুৰ কৰুণ মৃত্যু ঘটে। দ্ৰুত গতিত চলি থকা স্কুল বাছখনৰ দুৱাৰখন খুলি যোৱাত শিশুটি  বাহিৰলৈ ওলাই  পৰে। শিশুটিয়ে বাছখনৰ পিছফালৰ চকাত পিষ্ট হৈ মত্যুক সাৱটি লয়।

ঘটনাটো কৰ্ণাটকৰ ৰামনগৰ জিলাৰ কনকপুৰা অঞ্চলত সংঘটিত হৈছে।  মৃত শিশুটি শ্ৰী চাই ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী আছিল। ৪ বছৰীয়া শিশুটো বাছখনৰ দুৱাৰৰ ঠিক সন্মুখত বহি আছিল। অভিযোগ কৰা হৈছে যে চালকজনে বাছখনৰ দুৱাৰ বন্ধ কৰিবলৈ পাহৰি গৈছিল। তেওঁৰ সহায়কেও দুৱাৰখন বন্ধ কৰা নাছিল। কোনেও শিশুটোক দুৱাৰৰ সন্মুখৰ পৰা ওলাই ভিতৰলৈ বহিবলৈ পৰামৰ্শ দিয়া নাছিল।

শিশুটোৰ পিতৃয়ে  আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি বাছখনে দ্ৰুত গতিত ধুমুহাৰ দৰে  আগবাঢ়িছিল। মূৰত আঘাত পোৱাৰ ফলতে শিশুটিয়ে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। শিশুটোৰ পিতৃয়ে প্ৰকাশ কৰা মতে চালক আৰু বাছ সহায়কজন অলপ সতৰ্ক হ'লেই দুৰ্ঘটনাটো এৰাই চলিব পাৰিলেহেঁতেন। শিশুটিৰ পিতৃয়ে চালক আৰু সহায়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে অভিযুক্ত দুজনক বিচাৰি আছে। দুৰ্ঘটনাটোৰ পিছতে তেওঁলোকে বাছখন এৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু