--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৰ্ণাটকত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। স্কুলৰ পৰা উভতি অহাৰ পথতে স্কুল বাছৰ পৰা চিটিকি পৰি এটি  শিশুৰ কৰুণ মৃত্যু ঘটে। দ্ৰুত গতিত চলি থকা স্কুল বাছখনৰ দুৱাৰখন খুলি যোৱাত শিশুটি  বাহিৰলৈ ওলাই  পৰে। শিশুটিয়ে বাছখনৰ পিছফালৰ চকাত পিষ্ট হৈ মত্যুক সাৱটি লয়।

ঘটনাটো কৰ্ণাটকৰ ৰামনগৰ জিলাৰ কনকপুৰা অঞ্চলত সংঘটিত হৈছে।  মৃত শিশুটি শ্ৰী চাই ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী আছিল। ৪ বছৰীয়া শিশুটো বাছখনৰ দুৱাৰৰ ঠিক সন্মুখত বহি আছিল। অভিযোগ কৰা হৈছে যে চালকজনে বাছখনৰ দুৱাৰ বন্ধ কৰিবলৈ পাহৰি গৈছিল। তেওঁৰ সহায়কেও দুৱাৰখন বন্ধ কৰা নাছিল। কোনেও শিশুটোক দুৱাৰৰ সন্মুখৰ পৰা ওলাই ভিতৰলৈ বহিবলৈ পৰামৰ্শ দিয়া নাছিল।

শিশুটোৰ পিতৃয়ে  আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি বাছখনে দ্ৰুত গতিত ধুমুহাৰ দৰে  আগবাঢ়িছিল। মূৰত আঘাত পোৱাৰ ফলতে শিশুটিয়ে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। শিশুটোৰ পিতৃয়ে প্ৰকাশ কৰা মতে চালক আৰু বাছ সহায়কজন অলপ সতৰ্ক হ'লেই দুৰ্ঘটনাটো এৰাই চলিব পাৰিলেহেঁতেন। শিশুটিৰ পিতৃয়ে চালক আৰু সহায়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে অভিযুক্ত দুজনক বিচাৰি আছে। দুৰ্ঘটনাটোৰ পিছতে তেওঁলোকে বাছখন এৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক