--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ (Amitabh Bachchan) পৰিয়ালত বৈছে আনন্দৰ বন্যা। বচ্চন পৰিয়ালৰ সকলোৰে মুখে মুখে এতিয়া বিয়পিছে মাঁথো হাঁহি। এই আনন্দৰ কাৰণ হ'ল তেওঁলোকৰ পৰিয়াললৈ আগমন ঘটিছে এজন নতুন সদস্যৰ। 


এই নতুন সদস্যক লৈ বেছিকৈ উৎফুল্লিত হৈ পৰিছে অভিষেক-ঐশ্বৰ্যৰ কন্যা তথা অমিতাভ-জয়াৰ নাতিনী আৰাধ্যা। আৰাধ্যা আনন্দিত হোৱাৰ কাৰণ হ'ল তেওঁ লাভ কৰিলে এজন ভায়েক। পাছে আমি আপোনাক জনাওঁ যে এই সন্তানৰ মাতৃ কোনো প্ৰকাৰে ঐশ্বৰ্য ৰায় নহয়। 

অমিতাভ বচ্চনৰ ভাতৃ অজিতাভ বচ্চনৰ কন্যা নেইনাই জন্ম দিলে এটি পুত্ৰ সন্তান। অমিতাভে নেইনাক নিজৰ কন্যাৰ দৰেই ভাবি আহিছে। অমিতাভৰ বাবে নিজ কন্যা শ্বেতা আৰু ভতিজী নেইনা সমান মৰমৰ।

 
পুনৰ ককাদেউতা হ'বলৈ পাই অমিতাভ বচ্চনৰ হিয়া উলাহে নধৰা হৈছে। অমিতাভজী নেইনাৰ নৱজাত সন্তানটোক লৈ বহুত উৎসাহিত হৈ পৰিছে আৰু এতিয়া তেওঁ এই কণমানিটিৰ সৈতে সময় কটাব বিচাৰে। উল্লেখ্য যে ২০১৫ চনত অভিনেতা কুণাল কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেইনা বচ্চন।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু