--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  এক অবাঞ্চিত চাঞ্চল্যকৰ অভিযোগ উঠিছে তাৰকা অভিনেতা তথা তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে। ‘বিহাৰী বাবু’ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ‘বিগ বছ’ পঞ্চম ছিজনৰ প্ৰতিযোগী পূজা মিশ্ৰই। পূজাই দাবী কৰিছে যে শত্ৰুঘ্ন সিনহাই ক’লা যাদু জানে আৰু তেওঁ যৌন কেলেংকাৰীৰ সৈতেও জড়িত। পূজাৰ অভিযোগৰ আঙুলি উঠিছে সিনহা পৰিয়ালৰ ফালেও। তেওঁ দাবী কৰিছে যে বলিউডৰ অভিনেতাগৰাকী আৰু সমগ্ৰ সিনহা পৰিয়ালে তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিছে। এক চাঞ্চল্যকৰ অভিযোগ কৰি পূজাই কৈছে যে তেওঁক অবৈধ যৌন সম্পৰ্কত লিপ্ত হ'বলৈ বাধ্য কৰা হৈছিল।

অভিনেত্ৰী পূজা মিশ্ৰই দাবীয়ে ছবিজগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিনেত্ৰীগৰাকীয়ে শত্ৰুঘ্ন সিনহা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এটাৰ পাছত আন এটা বিস্ফোৰক অভিযোগ উত্থপন কৰিছে। শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পূজাই দাবী কৰিছে যে শত্ৰুঘ্ন সিনহাই তেওঁক মাদকদ্ৰব্য খুৱাই অচেতন কৰি লৈ তেওঁক দেহ ব্যৱসায় কৰোঁছিল। তেওঁৰ অভিযোগ হৈছে যে,  কন্যা সোণাক্ষীক ষ্টাৰ বনাবলৈ তেওঁ মোৰ কুমাৰীত্ব বিক্ৰী কৰিছিল।

তেওঁৰ অভিযোগ ইয়াতেই শেষ হোৱা নাই। শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে আন একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পূজা মিশ্ৰই। জ্যেষ্ঠ অভিনেতাজনৰ পত্নী আৰু কন্যাকো তেওঁৰ অভিযোগৰ মাজলৈ টানি আনিছে তেওঁ। আনকি পূজাৰ অভিযোগৰ তালিকাত ছলমান খান আৰু তেওঁৰ ভাতৃসকলৰ নামো আছে।

পূজা এজন আয়কৰ বিভাগক বিষয়াৰ জীয়ৰী। ‘বিগ বছ’ৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে কয়, ‘মোৰ দেউতাই সিনহা পৰিয়ালক ইমান সহায় কৰিছিল, কিন্তু তেওঁলোকে মোৰ কেৰিয়াৰ, মোৰ জীৱন ধ্বংস কৰি দিলে। তেওঁ শত্ৰুঘ্ন সিনহাৰ এজন অতি ঘনিষ্ঠ বন্ধু আছিল। কিন্তু যোৱা ২০ বছৰ ধৰি, তেওঁলোকে মোৰ পিছত উঠি-পৰি লাগিছে। যেতিয়া মোৰ দেউতাই মুম্বাইত কাম কৰি আছিল, পুনম সিনহাই তেওঁৰ ব্ৰেইনৱাশ্ব কৰি কৈছিল যে পতিতাসকলেহে বলীউডত কাম কৰে।

পূজাই লগতে অভিযোগ কৰে যে,, ‘তেওঁ ইমান ডাঙৰ প্ৰতাৰক যে,  আজি তেওঁৰ কন্যা সোণাক্ষী সিনহাই বলীউডৰ ষ্টাৰ হিচাপে পৰিগণিত হৈছে। কিন্তু তেওঁ মোৰ পথ অৱৰোধ কৰিবলৈ তেওঁ মোৰ দেউতাক বিপথে পৰিচালিত কৰিছিল। ২০০৫ চনত অৱসৰৰ পাছত দেউতা পুনেলৈ গুচি গৈছিল। মই ভিডিঅ'কন গেষ্ট হাউচত অকলে আছিলোঁ। তাৰ পিছত মোৰ ওপৰৰ কোঠাটোত বহি পুনম আৰু শত্ৰুঘ্ন সিনহাই মোৰ ওপৰত ক'লা যাদু কৰিছিল। তেওঁলোকে ভয় কৰিছিল যে মই তেওঁলোকতকৈ অধিক বিখ্যাত হ'ম। তেওঁলোকে মোৰ ৩৫ খন চলচ্চিত্ৰ চুৰি কৰিছিল। প্ৰতিবাৰে তেওঁলোকে ছলমান খানৰ নাম শ্বাহৰুখ খানৰ নাম লৈ কথা কৈছিল আৰু দাবী কৰিছিল যে,  তেওঁলোকেহে সেই কথাবোৰ কৈছিল।’

সিনহা পৰিয়ালৰ বিৰুদ্ধে পূজাই আৰু অভিযোগ কৰিছে যে তেওঁলোকে পূজাৰ অনুপস্থিতিত তাইৰ সামগ্ৰী চুৰি কৰিছিল আৰু সোণাক্ষীক পিন্ধাইছিল। কেৱল এয়াই নহয়, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ মিডিয়া কণ্টেক্টছ স্পনচৰ চুৰি কৰি সোণাক্ষীক দিয়াৰ অভিযোগ উত্থাপন কৰিছে। পূজাই অভিযোগ কৰে যে, ‘তেওঁলোকে মোক ড্ৰাগ দিছিল আৰু মোক দেহ ব্যৱসায়ত লগাইছিল। মোৰ শৰীৰ বিক্ৰী কৰিয়েই তেওঁলোক ডাঙৰ মানুহ হৈ পৰিছে। ২-৩ বছৰ আগতে, শত্ৰুঘ্ন সিনহাই অচেতন অৱস্থাত মোৰ পৰা অনুচিত সুবিধা আদায় কৰিছিল। এই অত্যাচাৰ ১৭ বছৰ ধৰি চলি আছে। যদি আন কোনোবা মোৰ ঠাইত থাকিলহেঁতেন, তেওঁ এতিয়ালৈকে আত্মহত্যা কৰিলেহেঁতেন।

পূজাই ‘বিগ বছ’ত সুযোগ পোৱাৰ বিষয়েও অভিযোগ কৰিছিল। তেওঁ কয়, ‘ছলমান খানে মোক বহুত ভাল পায়। তেওঁ বিচাৰিছিল যে মই বহু আগতে বিগ বছত অংশগ্ৰহণ কৰোঁ কিন্তু এই সিনহা দম্পতীৰ কাৰণে এনে হোৱা নাছিল। অৱশেষত মই ‘বিগ বছ’লৈ গৈছিলোঁ। কিন্তু যেতিয়া মই বিখ্যাত হৈছিলোঁ, তেওঁলোকে ঈৰ্ষান্বিত হৈ পৰিছিল। দাবাং ৩তো মোক লোৱাৰ কথা আলোচনা হৈছিল, যেতিয়া শত্ৰুঘ্ন-পুনম বাটৰ কণ্টক হৈ পৰিছিল। তেওঁলোকে মোক জোৰ কৰি ৰিহেবলৈ যাবলৈ বাধ্য কৰিছিল। তেওঁলোকে মোৰ জীৱন শেষ কৰি দিলে।’ পূজা মিশ্ৰৰ এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগে এতিয়া ছবিজগতত আলোড়নৰ সৃষ্টি কৰিছে। অৱশ্যে, সিনহা পৰিয়াল বা শত্ৰুঘ্ন সিনহাৰ পৰা এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ