--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত যৌন শোষণ তেনেই সাধাৰণ কথা…এই বিস্ফোৰক মন্তব্য কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে। উদীয়মান অভিনেতাসকলে প্ৰায়ে হিন্দী চলচ্চিত্ৰ উদ্যোগত যৌন শোষণৰ ভুক্তভোগী হ’বলগীয়া হয় বুলি মন্তব্য কৰিছে তেওঁ।কংগনাৰ দৃষ্টিত বলীউডত এইবোৰ তেনেই সাধাৰণ ঘটনা।

নৱাগত অভিনেতা-অভিনেত্ৰীসকলৰ বাবে বলীউডৰ দৰে গ্লেমাৰ জগতখন কিমান সুৰক্ষিত? ইয়াকে লৈ মন্তব্য কৰা দেখা গৈছে বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটক। তেওঁ কয়, ‘মিটু-ৰ আন্দোলনৰ সময়ত এই সত্য পোহৰলৈ আনিবলৈ খোজোতেই সমগ্ৰ বলীউড মোৰ শত্ৰু হৈ পৰিছিল। এসময়ত সকলোৱে মোক নিষিদ্ধ কৰিছিল।’

বিভিন্ন সময়ত কেতবোৰ বিষয়ক কেন্দ্ৰ কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰা দেখা যায় এইগৰাকী অভিনেত্ৰীক। ইয়াৰ পূৰ্বেও বলীউডৰ প্ৰতি যে তেওঁৰ তেনে অনুৰাগ নাই সেই বিষয়ে স্পষ্ট কৰি দিছিল। কিন্তু প্ৰথমবাৰৰ বাবে বলীউডৰ কাষ্টিং কাউচৰ বিষয়ে মুকলি মন্তব্য কৰিছে কংগনাই। একে সময়তে কংগনাই বলীউডৰ দৰে ফেশ্বন জগতো কোনো ক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি মন্তব্য কৰিছে। ফেশ্বন জগতত নৱাগত সকলে নিৰ্যাতনৰ ভুক্তভোগী হ’বলগীয়া হয় বুলিও দাবী কংগনাৰ।

কংগনাই লগতে কয়, ‘বহুক্ষেত্ৰত এনে ঘটনাৰ দীঘলীয়া চাপ থাকি যায়  ভুক্তভোগীসকলৰ ওপৰত। কেৰিয়াৰৰ আৰম্ভণিতে সকলো হেৰুৱাবলগীয়া হয় তেওঁলোকে।’ মিটু-ৰ আন্দোলনৰ সময়ত সেইবাবে এই ভুক্তভোগীসকলৰ পক্ষ লোৱা বুলি দাবী কৰিছে কংগনাই। তেওঁ কয়, ‘আমি বলীউড উদ্যোগৰ এক স্বচ্ছ প্ৰতিচ্ছবি তুলি ধৰিবলৈ যিমানেই চেষ্টা নকৰো কিয়, বলীউড জগতখন প্ৰকৃততে ঘন অন্ধকাৰাচ্ছন্ন!’

স্বাভাৱিকতে, কংগনাৰ এনে মন্তব্যই জোকাৰি গৈছে সমগ্ৰ বলীউড। কংগনাৰ এনে বিস্ফোৰক মন্তব্য কিম্বা প্ৰতিক্ৰিয়াই বলীউডত কিদৰে প্ৰভাৱ পেলায় সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ