--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত যৌন শোষণ তেনেই সাধাৰণ কথা…এই বিস্ফোৰক মন্তব্য কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে। উদীয়মান অভিনেতাসকলে প্ৰায়ে হিন্দী চলচ্চিত্ৰ উদ্যোগত যৌন শোষণৰ ভুক্তভোগী হ’বলগীয়া হয় বুলি মন্তব্য কৰিছে তেওঁ।কংগনাৰ দৃষ্টিত বলীউডত এইবোৰ তেনেই সাধাৰণ ঘটনা।

নৱাগত অভিনেতা-অভিনেত্ৰীসকলৰ বাবে বলীউডৰ দৰে গ্লেমাৰ জগতখন কিমান সুৰক্ষিত? ইয়াকে লৈ মন্তব্য কৰা দেখা গৈছে বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটক। তেওঁ কয়, ‘মিটু-ৰ আন্দোলনৰ সময়ত এই সত্য পোহৰলৈ আনিবলৈ খোজোতেই সমগ্ৰ বলীউড মোৰ শত্ৰু হৈ পৰিছিল। এসময়ত সকলোৱে মোক নিষিদ্ধ কৰিছিল।’

বিভিন্ন সময়ত কেতবোৰ বিষয়ক কেন্দ্ৰ কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰা দেখা যায় এইগৰাকী অভিনেত্ৰীক। ইয়াৰ পূৰ্বেও বলীউডৰ প্ৰতি যে তেওঁৰ তেনে অনুৰাগ নাই সেই বিষয়ে স্পষ্ট কৰি দিছিল। কিন্তু প্ৰথমবাৰৰ বাবে বলীউডৰ কাষ্টিং কাউচৰ বিষয়ে মুকলি মন্তব্য কৰিছে কংগনাই। একে সময়তে কংগনাই বলীউডৰ দৰে ফেশ্বন জগতো কোনো ক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি মন্তব্য কৰিছে। ফেশ্বন জগতত নৱাগত সকলে নিৰ্যাতনৰ ভুক্তভোগী হ’বলগীয়া হয় বুলিও দাবী কংগনাৰ।

কংগনাই লগতে কয়, ‘বহুক্ষেত্ৰত এনে ঘটনাৰ দীঘলীয়া চাপ থাকি যায়  ভুক্তভোগীসকলৰ ওপৰত। কেৰিয়াৰৰ আৰম্ভণিতে সকলো হেৰুৱাবলগীয়া হয় তেওঁলোকে।’ মিটু-ৰ আন্দোলনৰ সময়ত সেইবাবে এই ভুক্তভোগীসকলৰ পক্ষ লোৱা বুলি দাবী কৰিছে কংগনাই। তেওঁ কয়, ‘আমি বলীউড উদ্যোগৰ এক স্বচ্ছ প্ৰতিচ্ছবি তুলি ধৰিবলৈ যিমানেই চেষ্টা নকৰো কিয়, বলীউড জগতখন প্ৰকৃততে ঘন অন্ধকাৰাচ্ছন্ন!’

স্বাভাৱিকতে, কংগনাৰ এনে মন্তব্যই জোকাৰি গৈছে সমগ্ৰ বলীউড। কংগনাৰ এনে বিস্ফোৰক মন্তব্য কিম্বা প্ৰতিক্ৰিয়াই বলীউডত কিদৰে প্ৰভাৱ পেলায় সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু