--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কংগ্ৰেছে কয় যে এয়া বিক্ষিপ্ত ঘটনা নহয়, গ্রাম্য নিয়োগ আঁচনিখন 'প্রণালীবদ্ধভাৱে অন্ত পেলোৱাৰ প্রচেষ্টা।'

ডিজিটেল ডেস্ক : এই বছৰৰ ১০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭লাখ শ্রমিকৰ নাম আঁতৰোৱাৰ খবৰত কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰে। কংগ্ৰেছে কয় যে এয়া বিক্ষিপ্ত ঘটনা নহয়, গ্রাম্য নিয়োগ আঁচনিখন 'প্রণালীবদ্ধভাৱে অন্ত পেলোৱাৰ প্রচেষ্টা।' ইয়াৰ উপৰি বিৰোধী দলটোৱে এম জি এনৰেগাৰ ন্যূনতম পাৰিশ্ৰমিক ৪০০ টকালৈ বৃদ্ধি কৰাৰ দাবীও দোহাৰে।


কংগ্ৰেছৰ যোগাযোগ বিভাগৰ মুৰব্বী, সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সত এটা বাতৰিও শ্বেয়াৰ কৰে, য'ত কোৱা হৈছে যে অক্টোবৰৰ ১০ তাৰিখৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত ১০.৫ লাখ লোকৰ নাম এনৰেগাত অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ২৭.৫ লাখ শ্রমিকৰ নাম কর্তন হৈছে।


ৰমেশে কয়, 'ভাৰতৰ গাঁৱৰ দৰিদ্ৰসকলৰ সংস্থানৰ বিধায়িনী অধিকাৰ নাইকিয়া কৰাৰ আন এক প্রচেষ্টা। যোৱা এমাহত, ১০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ এম এনৰেগা হিতাধিকাৰীৰ ডাটাবেছৰ পৰা ২৭ লাখ নাম মোদী চৰকাৰে কৰ্তন কৰিলে। এই হিতাধিকাৰীসকলৰ ৬ লাখ আছিল সক্রিয় শ্রমিক।


তেওঁ আৰু কয় যে হিতাধিকাৰীৰ এই গণ-কৰ্তনৰ ঘটনা শ্ৰমিকৰ বাবে ই-কে ৱাই চি প্ৰক্ৰিয়াৰ বলৱৎকৰণৰ সৈতে সম্পর্ক আছে। তেওঁ আৰু কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা নেশ্যনেল ম'বাইল মনিটৰিং ছিষ্টেম (এন এম এম এছ) আৰু আধাৰ-বে'ছড পেমেন্ট ছিষ্টেমৰ (এ বি পি এছ) বাবে প্রায় ২ কোটি শ্রমিকে কাম আৰু ধন পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু