--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কংগ্ৰেছে কয় যে এয়া বিক্ষিপ্ত ঘটনা নহয়, গ্রাম্য নিয়োগ আঁচনিখন 'প্রণালীবদ্ধভাৱে অন্ত পেলোৱাৰ প্রচেষ্টা।'

ডিজিটেল ডেস্ক : এই বছৰৰ ১০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭লাখ শ্রমিকৰ নাম আঁতৰোৱাৰ খবৰত কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰে। কংগ্ৰেছে কয় যে এয়া বিক্ষিপ্ত ঘটনা নহয়, গ্রাম্য নিয়োগ আঁচনিখন 'প্রণালীবদ্ধভাৱে অন্ত পেলোৱাৰ প্রচেষ্টা।' ইয়াৰ উপৰি বিৰোধী দলটোৱে এম জি এনৰেগাৰ ন্যূনতম পাৰিশ্ৰমিক ৪০০ টকালৈ বৃদ্ধি কৰাৰ দাবীও দোহাৰে।


কংগ্ৰেছৰ যোগাযোগ বিভাগৰ মুৰব্বী, সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সত এটা বাতৰিও শ্বেয়াৰ কৰে, য'ত কোৱা হৈছে যে অক্টোবৰৰ ১০ তাৰিখৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত ১০.৫ লাখ লোকৰ নাম এনৰেগাত অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ২৭.৫ লাখ শ্রমিকৰ নাম কর্তন হৈছে।


ৰমেশে কয়, 'ভাৰতৰ গাঁৱৰ দৰিদ্ৰসকলৰ সংস্থানৰ বিধায়িনী অধিকাৰ নাইকিয়া কৰাৰ আন এক প্রচেষ্টা। যোৱা এমাহত, ১০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ এম এনৰেগা হিতাধিকাৰীৰ ডাটাবেছৰ পৰা ২৭ লাখ নাম মোদী চৰকাৰে কৰ্তন কৰিলে। এই হিতাধিকাৰীসকলৰ ৬ লাখ আছিল সক্রিয় শ্রমিক।


তেওঁ আৰু কয় যে হিতাধিকাৰীৰ এই গণ-কৰ্তনৰ ঘটনা শ্ৰমিকৰ বাবে ই-কে ৱাই চি প্ৰক্ৰিয়াৰ বলৱৎকৰণৰ সৈতে সম্পর্ক আছে। তেওঁ আৰু কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা নেশ্যনেল ম'বাইল মনিটৰিং ছিষ্টেম (এন এম এম এছ) আৰু আধাৰ-বে'ছড পেমেন্ট ছিষ্টেমৰ (এ বি পি এছ) বাবে প্রায় ২ কোটি শ্রমিকে কাম আৰু ধন পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ