--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে কয় যে এই ক্ষেত্রত চৰকাৰে দেশত লোৱা ব্যৱস্থাসমূহ পর্যাপ্ত হোৱা নাই। এই ক্ষেত্ৰত যাৱতীয় আৱশ্যকীয় কার্যপন্থা ল'বলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনায়।

ডিজিটেল ডেস্ক : দেশত শিশু সন্ধানহীন হোৱাৰ ঘটনা বৃদ্ধি পোৱাৰ বিষয়ত উদ্বেগ প্রকাশ কৰে উচ্চতম ন্যায়ালয়ে। দেশত প্রতি ৮ মিনিটত এটিকৈ শিশু নিখোজ হোৱাৰ এখন আইন সম্বন্ধীয় প্রতিবেদনত প্রকাশ হোৱাৰ পাছতেই মঙলবাৰে উচ্চতম ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰি কয় যে এইটো এটা গুৰুতৰ সমস্যাত পৰিণত হৈছে।


উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে কয় যে এই ক্ষেত্রত চৰকাৰে দেশত লোৱা ব্যৱস্থাসমূহ পর্যাপ্ত হোৱা নাই। এই ক্ষেত্ৰত যাৱতীয় আৱশ্যকীয় কার্যপন্থা ল'বলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনায়। ন্যায়াধীশ নাগাৰত্নই কয়, 'মই বাতৰিকাকতত পঢ়িছোঁ যে দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ হয়। যদি এইটো সত্য হয়, তেনেহ'লে ই এটা গুৰুতৰ সমস্যা।' শীর্ষতম আদালতে কয় যে শিশুক তুলি লোৱা প্ৰক্ৰিয়াটো অতি কঠোৰ। এটা শিশুক তুলি লোৱাৰ বাবে জনসাধাৰণে অবৈধ উপায়ৰ আশ্রয় ল'ব নালাগে।


এই বিষয়ত হোৱা এটা শুনানিৰ সময়ত দেশৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বর্য ভাটিয়ে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতক কয় যে শিশু নিখোজ হোৱাৰ গোচৰসমূহ চোৱা-চিতা কৰিবলৈ এজন ন'ডেল অফিচাৰ নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰক ছমাহৰ সময় লাগে। শীর্ষতম আদালতে অৱশ্যে ছমাহৰ সময় দিবলৈ অস্বীকাৰ কৰে আৰু ৯ ডিচেম্বৰৰ ভিতৰত এই ক্ষেত্ৰত প্রক্রিয়া সম্পূর্ণ কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ