--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে কয় যে এই ক্ষেত্রত চৰকাৰে দেশত লোৱা ব্যৱস্থাসমূহ পর্যাপ্ত হোৱা নাই। এই ক্ষেত্ৰত যাৱতীয় আৱশ্যকীয় কার্যপন্থা ল'বলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনায়।

ডিজিটেল ডেস্ক : দেশত শিশু সন্ধানহীন হোৱাৰ ঘটনা বৃদ্ধি পোৱাৰ বিষয়ত উদ্বেগ প্রকাশ কৰে উচ্চতম ন্যায়ালয়ে। দেশত প্রতি ৮ মিনিটত এটিকৈ শিশু নিখোজ হোৱাৰ এখন আইন সম্বন্ধীয় প্রতিবেদনত প্রকাশ হোৱাৰ পাছতেই মঙলবাৰে উচ্চতম ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰি কয় যে এইটো এটা গুৰুতৰ সমস্যাত পৰিণত হৈছে।


উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে কয় যে এই ক্ষেত্রত চৰকাৰে দেশত লোৱা ব্যৱস্থাসমূহ পর্যাপ্ত হোৱা নাই। এই ক্ষেত্ৰত যাৱতীয় আৱশ্যকীয় কার্যপন্থা ল'বলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনায়। ন্যায়াধীশ নাগাৰত্নই কয়, 'মই বাতৰিকাকতত পঢ়িছোঁ যে দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ হয়। যদি এইটো সত্য হয়, তেনেহ'লে ই এটা গুৰুতৰ সমস্যা।' শীর্ষতম আদালতে কয় যে শিশুক তুলি লোৱা প্ৰক্ৰিয়াটো অতি কঠোৰ। এটা শিশুক তুলি লোৱাৰ বাবে জনসাধাৰণে অবৈধ উপায়ৰ আশ্রয় ল'ব নালাগে।


এই বিষয়ত হোৱা এটা শুনানিৰ সময়ত দেশৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বর্য ভাটিয়ে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতক কয় যে শিশু নিখোজ হোৱাৰ গোচৰসমূহ চোৱা-চিতা কৰিবলৈ এজন ন'ডেল অফিচাৰ নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰক ছমাহৰ সময় লাগে। শীর্ষতম আদালতে অৱশ্যে ছমাহৰ সময় দিবলৈ অস্বীকাৰ কৰে আৰু ৯ ডিচেম্বৰৰ ভিতৰত এই ক্ষেত্ৰত প্রক্রিয়া সম্পূর্ণ কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু