--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই আফিং খেতিৰ পৰা ১৭০ কিল'গ্রাম আফিং প্রস্তুত কৰাৰ সম্ভাৱনা আছিল। এই আফিংখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ'লহেঁতেন।

ডিজিটেল ডেস্ক: ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ আফিং খেতিৰ বিষয়ে সময়ে সময়ে বাতৰি প্ৰকাশ হৈ আহিছে। শেহতীয়া এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী আফিঙৰ খেতি নষ্ট কৰিছে নিৰাপত্তা বাহিনীয়ে। দেওবাৰে আছাম ৰাইফলছৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছৰ জোৱানে মণিপুৰৰ কাংপকপীত প্রায় ২৫ একৰ ভূমিত কৰা অবৈধ আফিং (পপি) খেতি ধ্বংস কৰিছে।


এই আফিং খেতিৰ পৰা ১৭০ কিল'গ্রাম আফিং প্রস্তুত কৰাৰ সম্ভাৱনা আছিল। এই আফিংখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ'লহেঁতেন। এই অবৈধ আফিং খেতিৰ বিষয়ে চোৰাংচোৱাৰ গোপন খবৰ পাই চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছে শনিবাৰে কাংপকপী জিলাৰ লইব'ল খোল্লেন গাঁৱত যুটীয়া অভিযান চলায়।


অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ বিষয়াসকলে সন্দেহজনক কিছুমান স্থানত তালাচী চলায় আৰু ইয়াৰ পাছতে নিষিদ্ধ আফিঙৰ খেতিডৰা উদ্ধাৰ কৰি ধ্বংস কৰে। আছাম ৰাইফলছৰ বিষয়াসকলে কয় যে যোৱা ৩ নৱেম্বৰত মণিপুৰত ড্রাগছ সৰবৰাহৰ এটা চক্ৰক উৎখাত কৰিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ