--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই আফিং খেতিৰ পৰা ১৭০ কিল'গ্রাম আফিং প্রস্তুত কৰাৰ সম্ভাৱনা আছিল। এই আফিংখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ'লহেঁতেন।

ডিজিটেল ডেস্ক: ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ আফিং খেতিৰ বিষয়ে সময়ে সময়ে বাতৰি প্ৰকাশ হৈ আহিছে। শেহতীয়া এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী আফিঙৰ খেতি নষ্ট কৰিছে নিৰাপত্তা বাহিনীয়ে। দেওবাৰে আছাম ৰাইফলছৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছৰ জোৱানে মণিপুৰৰ কাংপকপীত প্রায় ২৫ একৰ ভূমিত কৰা অবৈধ আফিং (পপি) খেতি ধ্বংস কৰিছে।


এই আফিং খেতিৰ পৰা ১৭০ কিল'গ্রাম আফিং প্রস্তুত কৰাৰ সম্ভাৱনা আছিল। এই আফিংখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ'লহেঁতেন। এই অবৈধ আফিং খেতিৰ বিষয়ে চোৰাংচোৱাৰ গোপন খবৰ পাই চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছে শনিবাৰে কাংপকপী জিলাৰ লইব'ল খোল্লেন গাঁৱত যুটীয়া অভিযান চলায়।


অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ বিষয়াসকলে সন্দেহজনক কিছুমান স্থানত তালাচী চলায় আৰু ইয়াৰ পাছতে নিষিদ্ধ আফিঙৰ খেতিডৰা উদ্ধাৰ কৰি ধ্বংস কৰে। আছাম ৰাইফলছৰ বিষয়াসকলে কয় যে যোৱা ৩ নৱেম্বৰত মণিপুৰত ড্রাগছ সৰবৰাহৰ এটা চক্ৰক উৎখাত কৰিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু