--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৫০  বছৰ পুৰণি গোচৰ।  অৱশেষত গোচৰটোকলৈ চলি থকা আইনী যুঁজৰ সমাপ্তি ঘটিল । উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ এখন আদালতে বাগপত জিলাৰে  এক  বিবদমান ভূমি বহু কেইটা শুনানিৰ অন্তত হিন্দু পক্ষক গতাই দিয়ে। সেই ভূমিত হিন্দুসকলৰ  'জতুগৃহ' আছিল নে মুছলমানৰ  'মাজাৰ' আছিল তাকেলৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। অৱশেষত আদালতে সেয়া  'জতুগৃহ' আছিল  বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত হিন্দু পক্ষই দাবী কৰিছিল যে ঠাইখন মহাভাৰতৰ সময়ৰে  'জতুগৃহ' আছিল। মুছলিম পক্ষই দাবী কৰিছিল যে তাত এজন চুফী সাধকৰ  সমাধি আছিল। পাঁচ দশকৰ পিছত  উত্তৰ প্ৰদেশৰ স্থানীয় আদালতে বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দুসকলক হস্তান্তৰ কৰে। 

জতুগৃহ বনাম মাজাৰক লৈ আইনী যুঁজ প্ৰায় ৫৩ বছৰ ধৰি চলি আছিল। হিন্দুপক্ষই কৈছিল যে ঠাইখন মহাভাৰতৰ জতুগৃহ আছিল। য'ত কৌৰৱসকলে পাণ্ডৱসকলক জ্বলাই দিবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁলোকে এই ভূমিৰ মালিকীস্বত্ব লাভ কৰা উচিত। আনহাতে, মুছলমানসকলে দাবী কৰে যে ভূমিত থকা সমাধিটো চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ। 

অৱশেষত  বাগপতৰ জিলা আৰু সত্ৰ আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰে। শুনানিৰ সময়ত, ন্যায়াধীশ শিৱম দ্বিবেদীয়ে ১০০ বিঘাতকৈ অধিক মাটি আগুৰি থকা  বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দু পক্ষক হস্তান্তৰ কৰে। ১৯৭২ চনত  ৱাকফ বোৰ্ডৰ সদস্য মুখিম খানে বিতৰ্কিত ভূমিৰ ওপৰত মালিকীস্বত্ব দাবী কৰি এটা গোচৰ ৰুজু কৰিছিল।  সমাধিক লৈ কৃষ্ণদত্ত মহাৰাজৰ সৈতে এক আইনী যুঁজ আৰম্ভ হৈছিল। মুখিম খানে কৈছিল যে তাত চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ  সমাধি আছিল। কৃষ্ণদত্ত মহাৰাজে হিন্দুসকলৰ হৈ গোচৰ  দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল যে বৰ্ণাৱা গাঁৱৰ মাটিৰ সেইঅংশ মহাভাৰতৰ জতুগৃহ  । 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement