--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৫০  বছৰ পুৰণি গোচৰ।  অৱশেষত গোচৰটোকলৈ চলি থকা আইনী যুঁজৰ সমাপ্তি ঘটিল । উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ এখন আদালতে বাগপত জিলাৰে  এক  বিবদমান ভূমি বহু কেইটা শুনানিৰ অন্তত হিন্দু পক্ষক গতাই দিয়ে। সেই ভূমিত হিন্দুসকলৰ  'জতুগৃহ' আছিল নে মুছলমানৰ  'মাজাৰ' আছিল তাকেলৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। অৱশেষত আদালতে সেয়া  'জতুগৃহ' আছিল  বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত হিন্দু পক্ষই দাবী কৰিছিল যে ঠাইখন মহাভাৰতৰ সময়ৰে  'জতুগৃহ' আছিল। মুছলিম পক্ষই দাবী কৰিছিল যে তাত এজন চুফী সাধকৰ  সমাধি আছিল। পাঁচ দশকৰ পিছত  উত্তৰ প্ৰদেশৰ স্থানীয় আদালতে বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দুসকলক হস্তান্তৰ কৰে। 

জতুগৃহ বনাম মাজাৰক লৈ আইনী যুঁজ প্ৰায় ৫৩ বছৰ ধৰি চলি আছিল। হিন্দুপক্ষই কৈছিল যে ঠাইখন মহাভাৰতৰ জতুগৃহ আছিল। য'ত কৌৰৱসকলে পাণ্ডৱসকলক জ্বলাই দিবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁলোকে এই ভূমিৰ মালিকীস্বত্ব লাভ কৰা উচিত। আনহাতে, মুছলমানসকলে দাবী কৰে যে ভূমিত থকা সমাধিটো চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ। 

অৱশেষত  বাগপতৰ জিলা আৰু সত্ৰ আদালতে গোচৰটোৰ ৰায় ঘোষণা কৰে। শুনানিৰ সময়ত, ন্যায়াধীশ শিৱম দ্বিবেদীয়ে ১০০ বিঘাতকৈ অধিক মাটি আগুৰি থকা  বিতৰ্কিত ভূমিৰ মালিকীস্বত্ব হিন্দু পক্ষক হস্তান্তৰ কৰে। ১৯৭২ চনত  ৱাকফ বোৰ্ডৰ সদস্য মুখিম খানে বিতৰ্কিত ভূমিৰ ওপৰত মালিকীস্বত্ব দাবী কৰি এটা গোচৰ ৰুজু কৰিছিল।  সমাধিক লৈ কৃষ্ণদত্ত মহাৰাজৰ সৈতে এক আইনী যুঁজ আৰম্ভ হৈছিল। মুখিম খানে কৈছিল যে তাত চুফী সন্ত শ্বেখ বদৰুদ্দিনৰ  সমাধি আছিল। কৃষ্ণদত্ত মহাৰাজে হিন্দুসকলৰ হৈ গোচৰ  দাখিল কৰিছিল। তেওঁ দাবী কৰিছিল যে বৰ্ণাৱা গাঁৱৰ মাটিৰ সেইঅংশ মহাভাৰতৰ জতুগৃহ  । 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু