--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ সন্দৰ্ভত ছুপ্ৰীম কোৰ্টে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সোমবাৰে (৫ ফেব্ৰুৱাৰী, ২০২৪) এগৰাকী অবিবাহিত মহিলাক চেৰ’গেচিৰ অনুমতি দিয়াৰ সৈতে জড়িত আবেদনৰ শুনানিৰ সময়ত কঠোৰ মন্তব্য কৰে ছুপ্ৰীম কোৰ্টে। চেৰ’গেচিৰ অনুমতি দিয়াৰ ক্ষেত্ৰত আদালতে আপত্তি কৰি কয় যে, "ভাৰতীয় সংস্কৃতি অতি সুন্দৰ। দেশত বিবাহৰ নীতি-নিয়ম আৰু সংস্কাৰ আমি সুৰক্ষিত আৰু সংৰক্ষণ কৰিব লাগিব। আমি পশ্চিমীয়া দেশক অনুসৰণ কৰিব নোৱাৰো তাত বিবাহ নকৰাকৈও সন্তান জন্ম দিয়াটো অস্বাভাৱিক নহয় কিন্তু ভাৰতত তেনে হবলৈ দিব নোৱাৰি, আমাৰ দেশ তেনেকুৱা নহয়।"

এগৰাকী ৪৪ বছৰীয়া অবিবাহিত মহিলাৰ আবেদনৰ শুনানিৰ সময়ত এনেদৰে মন্তব্য কৰে ছুপ্ৰীম কোৰ্টে। ভাৰতত বিবাহ অবিহনে চেৰ’গেচিৰ অনুমতি নাই। মহিলাগৰাকীয়ে বিবাহ নকৰোৱাকৈ চেৰ’গেচিৰ মাধ্যমেৰে মাতৃ হোৱাৰ অনুমতি বিচাৰি আদালতত আবেদন কৰিছিল।

আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয়, "ভাৰতীয় সমাজত বিবাহ অবিহনে এগৰাকী অবিবাহিত মহিলাই সন্তান জন্ম দিয়াৰ কোনো নিয়ম নাই। বিয়া পাতি মাতৃ হোৱাটো আমাৰ দেশৰ বাবে আদৰ্শ। বিবাহ নকৰাকৈ মাতৃ হোৱাটো আদৰ্শ নহয়।"

ন্যায়াধীশ নাগাৰাথ্ণাই আৰু কয়, "আমি এই বিষয়ে সকলোৱে চিন্তা কৰা উচিত। আমি এই বিষয়ে শিশুৰ কল্যাণৰ দৃষ্টিকোণৰ পৰা কৈছো। দেশত বিবাহ অনুষ্ঠানটো জীয়াই থাকিব লাগে নে নাই? আমি পশ্চিমীয়া দেশৰ দৰে নহয়। ইয়াত কথাবোৰ তেনেকুৱা নহয়। আপুনি অৱশ্যেই আমাক ইয়াৰ বাবে বহু কথা শুনাব পাৰে, আমাক ৰক্ষণশীল বুলি টেগ লগাব পাৰে। হয় আমি কিছুমান কথাত ৰক্ষণশীল হোৱা প্ৰয়োজন। প্ৰতি দেশৰে নিজস্ব কৃষ্টি-সংস্কৃতি, সংস্কাৰ ধৰি ৰখাটো প্ৰয়োজন।"

বহুজাতিক কোম্পানীত কাম কৰা আবেদনকাৰীয়ে অধিবক্তা শ্যামল কুমাৰৰ জৰিয়তে চেৰ’গেচি (ৰেগুলেচন) আইনৰ ২(সমূহ) ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল। শুনানিৰ আৰম্ভণিতে বিচাৰপীঠে মহিলাগৰাকীক কয় যে মাতৃ হোৱাৰ আন উপায়ো আছে। হয় তেওঁ বিয়া পাতক নহয় কোনো সন্তানক দত্তক(তুলি লোৱা) লওক। কিন্তু মহিলাগৰাকীৰ অধিবক্তাই কয় যে, "মহিলাগৰাকীয়ে বিয়া পাতিব নিবিচাৰে, আনহাতে দত্তক লোৱা প্ৰক্ৰিয়াৰ বাবে অপেক্ষাৰ সময় অতি দীঘলীয়া।" আদালতে এই সন্দৰ্ভত কয়, "বিবাহৰ দৰে বিষয় এটা খিৰিকীৰে বাহিৰলৈ পেলাই দিব নোৱাৰি। আমি পশ্চিমীয়া দেশৰ দৰে নহয় য'ত বহু সন্তানে মাক-দেউতাকৰ বিষয়ে নাজানে। মাক-দেউতাকৰ পৰিচয় নাজানে। আমি নিবিচাৰো যে আমাৰ দেশৰ সন্তানেও পিতৃ-মাতৃৰ কথা নজনাকে থাকক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ