--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ সন্দৰ্ভত ছুপ্ৰীম কোৰ্টে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সোমবাৰে (৫ ফেব্ৰুৱাৰী, ২০২৪) এগৰাকী অবিবাহিত মহিলাক চেৰ’গেচিৰ অনুমতি দিয়াৰ সৈতে জড়িত আবেদনৰ শুনানিৰ সময়ত কঠোৰ মন্তব্য কৰে ছুপ্ৰীম কোৰ্টে। চেৰ’গেচিৰ অনুমতি দিয়াৰ ক্ষেত্ৰত আদালতে আপত্তি কৰি কয় যে, "ভাৰতীয় সংস্কৃতি অতি সুন্দৰ। দেশত বিবাহৰ নীতি-নিয়ম আৰু সংস্কাৰ আমি সুৰক্ষিত আৰু সংৰক্ষণ কৰিব লাগিব। আমি পশ্চিমীয়া দেশক অনুসৰণ কৰিব নোৱাৰো তাত বিবাহ নকৰাকৈও সন্তান জন্ম দিয়াটো অস্বাভাৱিক নহয় কিন্তু ভাৰতত তেনে হবলৈ দিব নোৱাৰি, আমাৰ দেশ তেনেকুৱা নহয়।"

এগৰাকী ৪৪ বছৰীয়া অবিবাহিত মহিলাৰ আবেদনৰ শুনানিৰ সময়ত এনেদৰে মন্তব্য কৰে ছুপ্ৰীম কোৰ্টে। ভাৰতত বিবাহ অবিহনে চেৰ’গেচিৰ অনুমতি নাই। মহিলাগৰাকীয়ে বিবাহ নকৰোৱাকৈ চেৰ’গেচিৰ মাধ্যমেৰে মাতৃ হোৱাৰ অনুমতি বিচাৰি আদালতত আবেদন কৰিছিল।

আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয়, "ভাৰতীয় সমাজত বিবাহ অবিহনে এগৰাকী অবিবাহিত মহিলাই সন্তান জন্ম দিয়াৰ কোনো নিয়ম নাই। বিয়া পাতি মাতৃ হোৱাটো আমাৰ দেশৰ বাবে আদৰ্শ। বিবাহ নকৰাকৈ মাতৃ হোৱাটো আদৰ্শ নহয়।"

ন্যায়াধীশ নাগাৰাথ্ণাই আৰু কয়, "আমি এই বিষয়ে সকলোৱে চিন্তা কৰা উচিত। আমি এই বিষয়ে শিশুৰ কল্যাণৰ দৃষ্টিকোণৰ পৰা কৈছো। দেশত বিবাহ অনুষ্ঠানটো জীয়াই থাকিব লাগে নে নাই? আমি পশ্চিমীয়া দেশৰ দৰে নহয়। ইয়াত কথাবোৰ তেনেকুৱা নহয়। আপুনি অৱশ্যেই আমাক ইয়াৰ বাবে বহু কথা শুনাব পাৰে, আমাক ৰক্ষণশীল বুলি টেগ লগাব পাৰে। হয় আমি কিছুমান কথাত ৰক্ষণশীল হোৱা প্ৰয়োজন। প্ৰতি দেশৰে নিজস্ব কৃষ্টি-সংস্কৃতি, সংস্কাৰ ধৰি ৰখাটো প্ৰয়োজন।"

বহুজাতিক কোম্পানীত কাম কৰা আবেদনকাৰীয়ে অধিবক্তা শ্যামল কুমাৰৰ জৰিয়তে চেৰ’গেচি (ৰেগুলেচন) আইনৰ ২(সমূহ) ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল। শুনানিৰ আৰম্ভণিতে বিচাৰপীঠে মহিলাগৰাকীক কয় যে মাতৃ হোৱাৰ আন উপায়ো আছে। হয় তেওঁ বিয়া পাতক নহয় কোনো সন্তানক দত্তক(তুলি লোৱা) লওক। কিন্তু মহিলাগৰাকীৰ অধিবক্তাই কয় যে, "মহিলাগৰাকীয়ে বিয়া পাতিব নিবিচাৰে, আনহাতে দত্তক লোৱা প্ৰক্ৰিয়াৰ বাবে অপেক্ষাৰ সময় অতি দীঘলীয়া।" আদালতে এই সন্দৰ্ভত কয়, "বিবাহৰ দৰে বিষয় এটা খিৰিকীৰে বাহিৰলৈ পেলাই দিব নোৱাৰি। আমি পশ্চিমীয়া দেশৰ দৰে নহয় য'ত বহু সন্তানে মাক-দেউতাকৰ বিষয়ে নাজানে। মাক-দেউতাকৰ পৰিচয় নাজানে। আমি নিবিচাৰো যে আমাৰ দেশৰ সন্তানেও পিতৃ-মাতৃৰ কথা নজনাকে থাকক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু