--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শক্তিশালী বিস্ফোৰণত কঁপি উঠিল মধ্যপ্ৰদেশৰ বৈইৰাগড়।ৰাজ্য খনৰ এটা  অবৈধ আতচবাজী কাৰখানাত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত নিহত হৈছে কেইবাজনো লোক।এতিয়ালৈকে ছটা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। ঘটনাটোত আন ৩০ জন লোক আহত হৈছে । 

অৱশ্যে  মৃত্যুৰ সংখ্যা আৰু  বৃদ্ধি পোৱাৰ আশংকা আছে। মঙলবাৰে  সংঘটিত বিস্ফোৰণৰ  পিছতে কমেও ৬০ টা ঘৰ সম্পূৰ্ণৰূপে জ্বলাই যায়। যুদ্ধকালীন তৎপৰতাৰে কাৰখানাটোৰ কাষত থকা  কমেও ১০০ টা ঘৰ খালী কৰা হৈছে।বিজেপি শাসিত মধ্য প্ৰদেশৰ হাৰদা জিলাৰ বৈইৰাগড় অঞ্চলত বহু কেইটা অবৈধ আতচবাজী কাৰখানা থকাৰ অভিযোগ উঠি আহিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কমেও ১০০  জন শ্ৰমিকে বিস্ফোৰণৰ সময়ত কাৰখানাটোত কাম কৰি আছিল। 

তেওঁলোকৰ কমেও ছয়জনৰ দগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন ৩০ জন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। বিস্ফোৰণৰ ফলত কাৰখানাৰ  ওচৰৰে কমেও ৫০-৬০ জন লোক আহত হৈছে। বিস্ফোৰণৰ ফলত কাৰখানাটোৰ কাষতে থকা শ শ বাইক আৰু স্কুটাৰ জ্বলি  ছাই হৈ গৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ