--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শক্তিশালী বিস্ফোৰণত কঁপি উঠিল মধ্যপ্ৰদেশৰ বৈইৰাগড়।ৰাজ্য খনৰ এটা  অবৈধ আতচবাজী কাৰখানাত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত নিহত হৈছে কেইবাজনো লোক।এতিয়ালৈকে ছটা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। ঘটনাটোত আন ৩০ জন লোক আহত হৈছে । 

অৱশ্যে  মৃত্যুৰ সংখ্যা আৰু  বৃদ্ধি পোৱাৰ আশংকা আছে। মঙলবাৰে  সংঘটিত বিস্ফোৰণৰ  পিছতে কমেও ৬০ টা ঘৰ সম্পূৰ্ণৰূপে জ্বলাই যায়। যুদ্ধকালীন তৎপৰতাৰে কাৰখানাটোৰ কাষত থকা  কমেও ১০০ টা ঘৰ খালী কৰা হৈছে।বিজেপি শাসিত মধ্য প্ৰদেশৰ হাৰদা জিলাৰ বৈইৰাগড় অঞ্চলত বহু কেইটা অবৈধ আতচবাজী কাৰখানা থকাৰ অভিযোগ উঠি আহিছে। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কমেও ১০০  জন শ্ৰমিকে বিস্ফোৰণৰ সময়ত কাৰখানাটোত কাম কৰি আছিল। 

তেওঁলোকৰ কমেও ছয়জনৰ দগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন ৩০ জন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। বিস্ফোৰণৰ ফলত কাৰখানাৰ  ওচৰৰে কমেও ৫০-৬০ জন লোক আহত হৈছে। বিস্ফোৰণৰ ফলত কাৰখানাটোৰ কাষতে থকা শ শ বাইক আৰু স্কুটাৰ জ্বলি  ছাই হৈ গৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু