--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণফালে থকা এটা বান্ধ ধ্বংস কৰি দিছে৷ তাৰ পিছতে  ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ইউক্ৰেইনত।  মঙলবাৰে ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে বান্ধটো ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে।

ৰাছিয়াই বান্ধটো ভাঙি দিয়াৰ পিছত এতিয়া ডিনিপাৰ নদীৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকল ভয়ানক বিপদৰ সন্মুখীন হৈছে।  বানপানীয়ে বুৰাই পেলাইছে বিশাল অঞ্চল। 

ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে নদীখনৰ সোঁপাৰৰ ১০খন গাঁৱত সৰ্তকবাণী ঘোষণা কৰিছে। খেৰচন চহৰৰ কিছু অংশৰ বাসিন্দাসকলক ঘৰুৱা কাম বন্ধ কৰি নিজৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু পশুধন লৈ নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে ইউক্ৰেইনৰ চৰকাৰে।

খেৰচন আঞ্চলিক সামৰিক প্ৰশাসনৰ মুৰব্বী অলেকজেণ্ডাৰ প্ৰকুডিনে পুৱা প্ৰায় ৭ বজাত টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ত কয় যে ৰাছিয়ান সেনাই আন এক ভয়ানক অভিযান চলাইছে। তেওঁ সকীয়াই দিয়ে বান্ধ থকা নদীখনৰ মথাউৰিটো উৰুৱাই দিয়াৰ ফলত পাঁচ ঘণ্টাৰ ভিতৰতে পানী বিপজ্জনক মাত্ৰাত উপনীত হৈছে।

ইফালে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাই সোমবাৰে জনাইছে যে ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব পৰাকৈ ইউক্ৰেইনৰ হাতত যথেষ্ট অস্ত্ৰ আছে। আনহাতে নাটোত যোগদান কৰিবৰ বাবেও ইউক্ৰেইনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিয়েভত দিয়া এক সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰী কুলেবাই কয় যে চলি থকা যুদ্ধ শেষ নোহোৱালৈকে ইউক্ৰেইনৰ বাবে নাটোৰ সামৰিক মিত্ৰজোঁটৰ সদস্যপদ সম্ভৱ হোৱাৰ সম্ভাৱনা নাই। যুদ্ধ শেষ হোৱাৰ পিছতহে এয়া সম্ভৱ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস