--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণফালে থকা এটা বান্ধ ধ্বংস কৰি দিছে৷ তাৰ পিছতে  ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ইউক্ৰেইনত।  মঙলবাৰে ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে বান্ধটো ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে।

ৰাছিয়াই বান্ধটো ভাঙি দিয়াৰ পিছত এতিয়া ডিনিপাৰ নদীৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকল ভয়ানক বিপদৰ সন্মুখীন হৈছে।  বানপানীয়ে বুৰাই পেলাইছে বিশাল অঞ্চল। 

ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে নদীখনৰ সোঁপাৰৰ ১০খন গাঁৱত সৰ্তকবাণী ঘোষণা কৰিছে। খেৰচন চহৰৰ কিছু অংশৰ বাসিন্দাসকলক ঘৰুৱা কাম বন্ধ কৰি নিজৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু পশুধন লৈ নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে ইউক্ৰেইনৰ চৰকাৰে।

খেৰচন আঞ্চলিক সামৰিক প্ৰশাসনৰ মুৰব্বী অলেকজেণ্ডাৰ প্ৰকুডিনে পুৱা প্ৰায় ৭ বজাত টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ত কয় যে ৰাছিয়ান সেনাই আন এক ভয়ানক অভিযান চলাইছে। তেওঁ সকীয়াই দিয়ে বান্ধ থকা নদীখনৰ মথাউৰিটো উৰুৱাই দিয়াৰ ফলত পাঁচ ঘণ্টাৰ ভিতৰতে পানী বিপজ্জনক মাত্ৰাত উপনীত হৈছে।

ইফালে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাই সোমবাৰে জনাইছে যে ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব পৰাকৈ ইউক্ৰেইনৰ হাতত যথেষ্ট অস্ত্ৰ আছে। আনহাতে নাটোত যোগদান কৰিবৰ বাবেও ইউক্ৰেইনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিয়েভত দিয়া এক সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰী কুলেবাই কয় যে চলি থকা যুদ্ধ শেষ নোহোৱালৈকে ইউক্ৰেইনৰ বাবে নাটোৰ সামৰিক মিত্ৰজোঁটৰ সদস্যপদ সম্ভৱ হোৱাৰ সম্ভাৱনা নাই। যুদ্ধ শেষ হোৱাৰ পিছতহে এয়া সম্ভৱ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২