--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ আফগানিস্তানত স্ত্ৰী শিক্ষাৰ বিৰোধিতাৰ ঢৌ উঠিছে। তালিবান শাসিত দেশখনত স্কুলীয়া ছাত্ৰীক বিষাক্ত খাদ্য খোৱাই হত্যা কৰাৰ চেষ্টা চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

জানিব পৰা মতে, সংকটজনক অৱস্থাত ৮০ গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেৰাহে দুদিন উত্তৰ আফগানিস্তানৰ দুখন বিদ্যালয়ত ভালেসংক্যক ছাত্ৰী অসুস্থ হৈ পৰে। ছাত্ৰীসকলক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে, আফগানিস্তানৰ স্থানীয় প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰি বিষয়টো ব্যক্তিগত আক্ৰোশৰ ফল বুলিহে দাবী কৰিছে।

প্ৰকাশ পোৱা মতে, যোৱা শনি আৰু দেওবাৰে সঞ্চাৰক জিলাৰ দুগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছোৱালী অসুস্থ হৈ পৰে। এই বিদ্যালয় দুখন ওচৰা-ওচৰি। ততাতৈয়াকৈ দুখন বিদ্যালয়ৰ অসুস্থ ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অৱশ্যে, ৮০ গৰাকী ছাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলেও আটাইকেইগৰাকী সুস্থ বুলি স্থানীয় শিক্ষা বিষয়াগৰাকীয়ে জনায়। ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ কয়। তৃতীয় পক্ষৰ ব্যক্তিগত আক্ৰোশৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰশাসনে অনুমান কৰিছে বুলিও প্ৰকাশ কৰিছে।

২০২১ চনত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত তালিবানে মহিলাৰ শিক্ষাৰ ওপৰত প্ৰতিবন্ধকতা স্থাপন কৰি আহিছে। ছোৱালীৰ বাবে স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে। কিন্তু বিভিন্ন পক্ষৰ হেঁচাত কিছুদিনৰ পাছত ছোৱালীৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ পুনৰ মুকলি কৰিবলৈ বাধ্য হয় তালিবান প্ৰশাসন। 

তেতিয়াৰ পৰা আফগান ছোৱালীয়ে ষষ্ঠ শ্ৰেণীলৈকে পঢ়িব পাৰে। এতিয়া অভিযোগ উঠিছে যে ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ সেই বাট বন্ধ কৰিবলৈ বিষ প্ৰয়োগ কৰা হৈছে। কাৰণ সাধাৰণ তালিবানীয়ে স্ত্ৰী শিক্ষাৰ এতিয়াও বিৰোধিতা কৰি আহিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস