--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ আফগানিস্তানত স্ত্ৰী শিক্ষাৰ বিৰোধিতাৰ ঢৌ উঠিছে। তালিবান শাসিত দেশখনত স্কুলীয়া ছাত্ৰীক বিষাক্ত খাদ্য খোৱাই হত্যা কৰাৰ চেষ্টা চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

জানিব পৰা মতে, সংকটজনক অৱস্থাত ৮০ গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেৰাহে দুদিন উত্তৰ আফগানিস্তানৰ দুখন বিদ্যালয়ত ভালেসংক্যক ছাত্ৰী অসুস্থ হৈ পৰে। ছাত্ৰীসকলক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে, আফগানিস্তানৰ স্থানীয় প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰি বিষয়টো ব্যক্তিগত আক্ৰোশৰ ফল বুলিহে দাবী কৰিছে।

প্ৰকাশ পোৱা মতে, যোৱা শনি আৰু দেওবাৰে সঞ্চাৰক জিলাৰ দুগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছোৱালী অসুস্থ হৈ পৰে। এই বিদ্যালয় দুখন ওচৰা-ওচৰি। ততাতৈয়াকৈ দুখন বিদ্যালয়ৰ অসুস্থ ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অৱশ্যে, ৮০ গৰাকী ছাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলেও আটাইকেইগৰাকী সুস্থ বুলি স্থানীয় শিক্ষা বিষয়াগৰাকীয়ে জনায়। ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ কয়। তৃতীয় পক্ষৰ ব্যক্তিগত আক্ৰোশৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰশাসনে অনুমান কৰিছে বুলিও প্ৰকাশ কৰিছে।

২০২১ চনত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত তালিবানে মহিলাৰ শিক্ষাৰ ওপৰত প্ৰতিবন্ধকতা স্থাপন কৰি আহিছে। ছোৱালীৰ বাবে স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে। কিন্তু বিভিন্ন পক্ষৰ হেঁচাত কিছুদিনৰ পাছত ছোৱালীৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ পুনৰ মুকলি কৰিবলৈ বাধ্য হয় তালিবান প্ৰশাসন। 

তেতিয়াৰ পৰা আফগান ছোৱালীয়ে ষষ্ঠ শ্ৰেণীলৈকে পঢ়িব পাৰে। এতিয়া অভিযোগ উঠিছে যে ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ সেই বাট বন্ধ কৰিবলৈ বিষ প্ৰয়োগ কৰা হৈছে। কাৰণ সাধাৰণ তালিবানীয়ে স্ত্ৰী শিক্ষাৰ এতিয়াও বিৰোধিতা কৰি আহিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব