--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভাবিব নোৱাৰা পৰিবেশ। শীতৰ সংহাৰে এতিয়া কাবু কৰিছে ৰাছিয়াক। পৃথিৱীৰ আটাইতকৈ শীতল ঠাই  বুলি জনাজাত চাইবেৰিয়ান চহৰ এখনত অস্বাভাৱিকভাবে   ঠাণ্ডা পৰিছে।  ইয়াকুটস্ক চহৰত তাপমাত্ৰা -৫০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামি যোৱাত এতিয়া সেই চহৰত জলাশয় বুলি একো নাই, সকলো বৰফ হৈ পৰিছে। 


আনকি মাছ-কাছ আদিও বৰফলৈ ৰূপান্তৰিত হৈছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা ৫,০০০ কিলোমিটাৰ পূবত অৱস্থিত খনি চহৰ খনৰ  বাসিন্দাসকলে বছৰৰ আৰম্ভনিতে তাপমাত্ৰা  -৪০ ৰ তললৈ নামি যোৱা দেখা পাইছিল।এতিয়া সেই তাপমাত্ৰা- ৫০ ডিগ্ৰী চেলছিয়াচৰ তললৈ নামিছে।চহৰ খনৰ বাসিন্দা আনাস্তাছিয়া গ্ৰুজদেৱাই কয়  " আপুনি এনে পৰিবেশৰ  সৈতে যুঁজিব নোৱাৰে। 

আপুনি যিমানেই গৰম  পোছাকনিপিন্ধক কিয়, এনে শীতৰ সৈতে সহাৱস্থান কৰাটো অতি কঠিন হ’ব। " । চহৰ খনৰ লোকসকলে স্কাৰ্ফ, দুযোৰ হাতমোজা , একাধিক টুপী আৰু হুড পিন্ধিহে কাম থাকিলে বাহিৰলৈ ওলাইছে।  কিন্তু  ৰাছিয়াৰ য়াকুটস্কৰ স্থায়ী বাসিন্দাসকলে এনে শীত সহ্য কৰিব পৰা হৈছে।  চহৰ খনৰ  আন এগৰাকী বাসিন্দা নুৰগুচুন ষ্টাৰোষ্টিনাই কয়  যে তাত  ফ্ৰিজ বা ফ্ৰীজাৰৰ কোনো প্ৰয়োজন নাই।   তেওঁ লগতে কয়  যে ঠাণ্ডাৰ সৈতে সহাৱস্থান কৰাৰ বাবে আন কোনো বিকল্প তেওঁলোকৰ বাবে নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ