--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভাবিব নোৱাৰা পৰিবেশ। শীতৰ সংহাৰে এতিয়া কাবু কৰিছে ৰাছিয়াক। পৃথিৱীৰ আটাইতকৈ শীতল ঠাই  বুলি জনাজাত চাইবেৰিয়ান চহৰ এখনত অস্বাভাৱিকভাবে   ঠাণ্ডা পৰিছে।  ইয়াকুটস্ক চহৰত তাপমাত্ৰা -৫০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামি যোৱাত এতিয়া সেই চহৰত জলাশয় বুলি একো নাই, সকলো বৰফ হৈ পৰিছে। 


আনকি মাছ-কাছ আদিও বৰফলৈ ৰূপান্তৰিত হৈছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা ৫,০০০ কিলোমিটাৰ পূবত অৱস্থিত খনি চহৰ খনৰ  বাসিন্দাসকলে বছৰৰ আৰম্ভনিতে তাপমাত্ৰা  -৪০ ৰ তললৈ নামি যোৱা দেখা পাইছিল।এতিয়া সেই তাপমাত্ৰা- ৫০ ডিগ্ৰী চেলছিয়াচৰ তললৈ নামিছে।চহৰ খনৰ বাসিন্দা আনাস্তাছিয়া গ্ৰুজদেৱাই কয়  " আপুনি এনে পৰিবেশৰ  সৈতে যুঁজিব নোৱাৰে। 

আপুনি যিমানেই গৰম  পোছাকনিপিন্ধক কিয়, এনে শীতৰ সৈতে সহাৱস্থান কৰাটো অতি কঠিন হ’ব। " । চহৰ খনৰ লোকসকলে স্কাৰ্ফ, দুযোৰ হাতমোজা , একাধিক টুপী আৰু হুড পিন্ধিহে কাম থাকিলে বাহিৰলৈ ওলাইছে।  কিন্তু  ৰাছিয়াৰ য়াকুটস্কৰ স্থায়ী বাসিন্দাসকলে এনে শীত সহ্য কৰিব পৰা হৈছে।  চহৰ খনৰ  আন এগৰাকী বাসিন্দা নুৰগুচুন ষ্টাৰোষ্টিনাই কয়  যে তাত  ফ্ৰিজ বা ফ্ৰীজাৰৰ কোনো প্ৰয়োজন নাই।   তেওঁ লগতে কয়  যে ঠাণ্ডাৰ সৈতে সহাৱস্থান কৰাৰ বাবে আন কোনো বিকল্প তেওঁলোকৰ বাবে নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে