--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেকবক্সটো প্ৰায় ২৪ ঘণ্টাপিছত উদ্ধাৰ কৰা হৈছে । বিমানবন্দৰৰ এজন বিষয়া শ্বেৰ বাথ ঠাকুৰে এই কথা প্ৰকাশ কৰিছে। দেওবাৰে পুৱা প্ৰায় ১১ বজাত কাঠমাণ্ডুৰ পৰা আহি পোখৰাত অৱতৰণ কৰাৰ ১০ ছেকেণ্ড পূৰ্বে বিমান খন হঠাতে চেতি গাণ্ডাকী নদীৰ পাৰত থকা এখন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 

ঘটনাটোত বিমান খনত থকা সকলো যাত্ৰী নিহত হৈছে বুলি নেপালৰ সেনাই প্ৰকাশ কৰিছে। নিহতসকলৰ ভিতৰত পাঁচজন ভাৰতীয়ো আছে। প্ৰথমতে দুৰ্ঘটনাটো বেয়া বতৰৰ ফলত হৈছিল বুলি ভবা হৈছিল । অৱশ্যে পিছলৈ নেপাল বিমান পৰিবহন মন্ত্ৰালয়ে কৈছে যে বতৰ বেয়া নাছিল, কালি নেপালৰ  আকাশ পৰিষ্কাৰ আছিল। যান্ত্ৰিক ত্ৰুটিৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি ধাৰণা কৰা হৈছে।

এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ৰ মতে দুসপ্তাহ আগতে উদ্বোধন কৰা পোখৰাৰ বিমান বন্দৰৰ চীনে নিৰ্মাণ কৰা  ৰানৱে পূব-পশ্চিম দিশত আছে। প্ৰথমতে পাইলটজনক পূব ফালে অৱতৰণ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু পিছত পাইলটজনে নিজেই পশ্চিম ফালে অৱতৰণৰ অনুমতি বিচাৰিছিল। সেই অনুমতি তেওঁক দিয়া হৈছিল। সন্দেহ কৰা অনুসৰি  বিমানখন অৱতৰণ কৰাৰ সময়তে  পাইলটে নিয়ন্ত্ৰণ হেৰুৱাব পাৰে।এতিয়া ব্লেকবক্সটো উদ্ধাৰ হোৱাৰ পিছত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব  বুলি আশা কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে