--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেকবক্সটো প্ৰায় ২৪ ঘণ্টাপিছত উদ্ধাৰ কৰা হৈছে । বিমানবন্দৰৰ এজন বিষয়া শ্বেৰ বাথ ঠাকুৰে এই কথা প্ৰকাশ কৰিছে। দেওবাৰে পুৱা প্ৰায় ১১ বজাত কাঠমাণ্ডুৰ পৰা আহি পোখৰাত অৱতৰণ কৰাৰ ১০ ছেকেণ্ড পূৰ্বে বিমান খন হঠাতে চেতি গাণ্ডাকী নদীৰ পাৰত থকা এখন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 

ঘটনাটোত বিমান খনত থকা সকলো যাত্ৰী নিহত হৈছে বুলি নেপালৰ সেনাই প্ৰকাশ কৰিছে। নিহতসকলৰ ভিতৰত পাঁচজন ভাৰতীয়ো আছে। প্ৰথমতে দুৰ্ঘটনাটো বেয়া বতৰৰ ফলত হৈছিল বুলি ভবা হৈছিল । অৱশ্যে পিছলৈ নেপাল বিমান পৰিবহন মন্ত্ৰালয়ে কৈছে যে বতৰ বেয়া নাছিল, কালি নেপালৰ  আকাশ পৰিষ্কাৰ আছিল। যান্ত্ৰিক ত্ৰুটিৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি ধাৰণা কৰা হৈছে।

এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ৰ মতে দুসপ্তাহ আগতে উদ্বোধন কৰা পোখৰাৰ বিমান বন্দৰৰ চীনে নিৰ্মাণ কৰা  ৰানৱে পূব-পশ্চিম দিশত আছে। প্ৰথমতে পাইলটজনক পূব ফালে অৱতৰণ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু পিছত পাইলটজনে নিজেই পশ্চিম ফালে অৱতৰণৰ অনুমতি বিচাৰিছিল। সেই অনুমতি তেওঁক দিয়া হৈছিল। সন্দেহ কৰা অনুসৰি  বিমানখন অৱতৰণ কৰাৰ সময়তে  পাইলটে নিয়ন্ত্ৰণ হেৰুৱাব পাৰে।এতিয়া ব্লেকবক্সটো উদ্ধাৰ হোৱাৰ পিছত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব  বুলি আশা কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ