--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৃতি সেননৰ পোছাক চম্ভালিছে সিদ্ধাৰ্থ মালহোত্ৰাই৷ সিদ্ধাৰ্থই কৃতিৰ পোছাক সামৰি থকা এটা ভিডিঅ' শ্বেয়াৰ হোৱাৰ পাছতেই অভিনেতাগৰাকী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু৷ ‘হেলো হল অফ ফেম এৱাৰ্ডছ ২০২২’ৰ ৰেড কাৰ্পেট অভিনেতা সিদ্ধৰ্থক দেখা গ'ল কৃতি চেননৰ সৈতে একাত্ম ৰূপত৷ অভিনেতাগৰাকীয়ে কৃতিৰ পোছাকত চম্ভালি পিছে পিছে খোজ দিয়া দেখা গৈছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত, সিদ্ধাৰ্থক কৃতিৰ পোছাকৰ ওলমি থকা অংশ তুলি ধৰি থকা দেখা গৈছিল৷ সিদ্ধাৰ্থৰ এই ভূমিকাক স্বীকাৰ কৰি কৃতিয়ে এটি মিঠা হাঁহি মাৰিছিল। ভিডিঅ'টোত দেখা গৈছিল যে, সিদ্ধাৰ্থ মালহোত্ৰাই কৃতি সেননক আগবঢ়াই আনিবলৈ তৎপৰ হৈ পৰিছিল আৰু অভিনেত্ৰীগৰাকীৰ পোছাকৰ ওলনি থকা অংশখিনি উঠোৱাৰ সময়ত ফটোৰ পজ দিছিল। সিদ্ধাৰ্থই ফটোগ্ৰাফাৰসকলক ফটো তুলিবলৈ আৰু পোছাকৰ ফালে আঙুলিয়াই দিয়াৰ লগে লগে কৃতিয়ে এটি মিঠা হাঁহি মাৰিছিল। সিদ্ধাৰ্থ আৰু কৃতিয়েও ফটোৰ বাবে একেলগে প’জ দিয়া দেখা গৈছিল ৰেড কাৰ্পেটত। কেৱল এয়াই নহয় তেওঁলোকে পৰম আত্মীয়তাৰে কথোপকথনত ভাগ লোৱাও দেখা গৈছিল। অনুষ্ঠানটোৰ বাবে, কৃতিয়ে দীঘল টেইলৰ সৈতে লেভেণ্ডাৰ ৰঙৰ পোছাক পিন্ধিছিল। সিদ্ধাৰ্থই পিন্ধিছিল এটা চিকমিকীয়া ক'লা জেকেট আৰু বগা শ্বাৰ্ট। এই ভিডিঅ'টো পোষ্ট হোৱাৰ পাছত অনুৰাগীসকলে কমেণ্ট কৰিবলৈ হেঁতা-ওপৰা কৰা দেখা যায়৷ কিছুমানে তেওঁক এজন ভদ্ৰলোক বুলি অভিহিত কৰিছিল আনহাতে আন কেইজনমানে তেওঁক কিয়াৰা আদৱানীৰ বিষয়ে কৈ জোকাৱাও দেখা গৈছিল। এজন নেটিজেনে লি লিখিছে, 'এইজন প্ৰকৃত শ্ৰেষ্ঠ ভদ্ৰলোক।' আন এজনে লিখিছিল, 'সঁচা ভদ্ৰলোক।' এজন অনুৰাগীয়ে মন্তব্য কৰিছিল, 'তেওঁলোক দুয়োকে একেলগে সঁচাকৈয়ে ভাল দেখি।' এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে কৈছিল, 'তেওঁলোকে প্ৰকৃততে এটা ভাল যোৰা বনাইছে আৰু এখন চিনেমাত একেলগে আহিব লাগে।’ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু