--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৃতি সেননৰ পোছাক চম্ভালিছে সিদ্ধাৰ্থ মালহোত্ৰাই৷ সিদ্ধাৰ্থই কৃতিৰ পোছাক সামৰি থকা এটা ভিডিঅ' শ্বেয়াৰ হোৱাৰ পাছতেই অভিনেতাগৰাকী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু৷ ‘হেলো হল অফ ফেম এৱাৰ্ডছ ২০২২’ৰ ৰেড কাৰ্পেট অভিনেতা সিদ্ধৰ্থক দেখা গ'ল কৃতি চেননৰ সৈতে একাত্ম ৰূপত৷ অভিনেতাগৰাকীয়ে কৃতিৰ পোছাকত চম্ভালি পিছে পিছে খোজ দিয়া দেখা গৈছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত, সিদ্ধাৰ্থক কৃতিৰ পোছাকৰ ওলমি থকা অংশ তুলি ধৰি থকা দেখা গৈছিল৷ সিদ্ধাৰ্থৰ এই ভূমিকাক স্বীকাৰ কৰি কৃতিয়ে এটি মিঠা হাঁহি মাৰিছিল। ভিডিঅ'টোত দেখা গৈছিল যে, সিদ্ধাৰ্থ মালহোত্ৰাই কৃতি সেননক আগবঢ়াই আনিবলৈ তৎপৰ হৈ পৰিছিল আৰু অভিনেত্ৰীগৰাকীৰ পোছাকৰ ওলনি থকা অংশখিনি উঠোৱাৰ সময়ত ফটোৰ পজ দিছিল। সিদ্ধাৰ্থই ফটোগ্ৰাফাৰসকলক ফটো তুলিবলৈ আৰু পোছাকৰ ফালে আঙুলিয়াই দিয়াৰ লগে লগে কৃতিয়ে এটি মিঠা হাঁহি মাৰিছিল। সিদ্ধাৰ্থ আৰু কৃতিয়েও ফটোৰ বাবে একেলগে প’জ দিয়া দেখা গৈছিল ৰেড কাৰ্পেটত। কেৱল এয়াই নহয় তেওঁলোকে পৰম আত্মীয়তাৰে কথোপকথনত ভাগ লোৱাও দেখা গৈছিল। অনুষ্ঠানটোৰ বাবে, কৃতিয়ে দীঘল টেইলৰ সৈতে লেভেণ্ডাৰ ৰঙৰ পোছাক পিন্ধিছিল। সিদ্ধাৰ্থই পিন্ধিছিল এটা চিকমিকীয়া ক'লা জেকেট আৰু বগা শ্বাৰ্ট। এই ভিডিঅ'টো পোষ্ট হোৱাৰ পাছত অনুৰাগীসকলে কমেণ্ট কৰিবলৈ হেঁতা-ওপৰা কৰা দেখা যায়৷ কিছুমানে তেওঁক এজন ভদ্ৰলোক বুলি অভিহিত কৰিছিল আনহাতে আন কেইজনমানে তেওঁক কিয়াৰা আদৱানীৰ বিষয়ে কৈ জোকাৱাও দেখা গৈছিল। এজন নেটিজেনে লি লিখিছে, 'এইজন প্ৰকৃত শ্ৰেষ্ঠ ভদ্ৰলোক।' আন এজনে লিখিছিল, 'সঁচা ভদ্ৰলোক।' এজন অনুৰাগীয়ে মন্তব্য কৰিছিল, 'তেওঁলোক দুয়োকে একেলগে সঁচাকৈয়ে ভাল দেখি।' এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে কৈছিল, 'তেওঁলোকে প্ৰকৃততে এটা ভাল যোৰা বনাইছে আৰু এখন চিনেমাত একেলগে আহিব লাগে।’ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু