--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধই ধ্বংস কৰে । যুদ্ধই বিপন্ন কৰে শিশুৰ জীৱন। যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই নিঃশেষ কৰি দিয়ে শিশুৰ সপোন। ইয়াৰ ব্যতিক্ৰম ঘটা নাই ইউক্ৰেইনতো। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰা যুদ্ধৰ পৰিণতিতে এতিয়া দুয়ো খন দেশৰে  চৰম দৰিদ্ৰতাৰ মাজলৈ গতি কৰিছে দেশ খনৰ ৪ নিযুতৰো অধিক শিশুৱে।

ইউনিচেফে ২২ খন দেশৰ তথ্য অধ্যয়নৰ কৰাৰ পিছত এই কথা প্ৰকাশ কৰিছে। এই বছৰৰ ফেব্ৰুৱাৰীত মস্কোৱে ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ শিশুসকল আটাইতকৈ বেছি প্ৰভাৱান্বিত  হৈছে। ৰাষ্ট্ৰসংঘৰ অধীনস্থ ইউনিচেফে প্ৰকাশ কৰা প্ৰতিবেদনত  ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ক্ষতিগ্ৰস্ত  শিশুৰ সংখ্যা প্ৰকাশ কৰিছে।

প্ৰতিবেদন খনত কোৱা হৈছে যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ আৰু ইয়াৰ ফলত হোৱা অৰ্থনৈতিক পৰিণামে সমগ্ৰ পূৱ ইউৰোপ আৰু মধ্য এছিয়াত চাৰি নিযুত শিশুক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে। ইউনিচেফে কৈছে  যে ইউক্ৰেইন যুদ্ধৰ ফলত হোৱা অৰ্থনৈতিক সংকটৰ আটাইতকৈ গধুৰ বোজা শিশুৱে বহন কৰিবলগীয়া হৈছে।" সংঘৰ্ষ আৰু বৰ্ধিত মুদ্ৰাস্ফীতিয়ে সমগ্ৰ পূৱ ইউৰোপ আৰু মধ্য এছিয়াত অতিৰিক্ত চাৰি নিযুত শিশুক দৰিদ্ৰতাৰ ফালে লৈ গৈছে," প্ৰতিবেদন খনত কোৱা হৈছে। 

ইউনিচেফে ২২ খন দেশৰ তথ্য অধ্যয়নৰ পৰা এনে সিদ্ধান্তত উপনীত হৈছে।  ইউনিচেফে প্ৰকাশ কৰা মতে দৰিদ্ৰতাৰ মাজত  বাস কৰা শিশুৰ সংখ্যাৰ  প্ৰায় তিনি-চতুৰ্থাংশ ৰাছিয়াত আছে, অতিৰিক্ত ২.৮  নিযুত শিশু এতিয়া দৰিদ্ৰ সীমাৰ তলৰ পৰিয়ালত বাস কৰে।  ইউক্ৰেইনত আধা নিযুত অতিৰিক্ত শিশু দৰিদ্ৰতাৰ মাজত  বাস কৰি আছে। একেদৰে যুদ্ধৰ প্ৰভাৱ পৰা ৰোমানিয়াতো ১১০,০০০ শিশু দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে। ইউৰোপ আৰু মধ্য এছিয়াৰ দায়িত্বতত থকা  ইউনিচেফৰ আঞ্চলিক সঞ্চালক আফছান খানে কয়  যে এই  অঞ্চলৰ শিশুসকল  যুদ্ধৰ ভয়ংকৰ পৰিণামৰ বলি হৈছে।

তেওঁ কয়  "যদি আমি এতিয়া এই শিশু আৰু পৰিয়ালবোৰক সমৰ্থন নকৰোঁ, শিশুৰ দৰিদ্ৰতাৰ অত্যাধিক বৃদ্ধিৰ ফলত বহু শিশুৱে  নিশ্চিতভাৱে প্ৰাণ হেৰুৱাব, তেওঁলোকে কোনো কথা শিকিব নোৱাৰিব আৰু ভৱিষ্যত অন্ধকাৰ হৈ পৰিব," । পৰিয়াল এটা যিমানে দৰিদ্ৰ হয়, ইয়াৰ উপাৰ্জনৰ অনুপাত, খাদ্য আৰু ইন্ধনৰ বাবে যিমানে অধিক ব্যয় কৰিব লাগে, শিশুৰ স্বাস্থ্য সেৱা আৰু শিক্ষাৰ বাবে কম খৰচ কৰিব পাৰে।

 যুদ্ধই নিশকটীয়া কৰা অৰ্থনীতিয়ে এনেবোৰ কাৰকত প্ৰভাৱ পেলাইছে। সংস্থাটোৱে ব্যাখ্যা কৰি কয় যে তেওঁলোকৰ "হিংসা, শোষণ আৰু উৎপীড়নৰ আশংকা অধিক"। ইউনিচেফে প্ৰতিবেদনত কৈছে যে  যুদ্ধৰ ফলত অতিৰিক্ত ৪,৫০০ শিশুৱে তেওঁলোকৰ প্ৰথম জন্মদিনৰ আগতে মৃত্যু বৰণ কৰিবলগীয়া হৈছে, আৰু অতিৰিক্ত ১১৭,০০০শিশুৱে কেৱল এই বছৰতেই  স্কুল এৰিবলগীয়া হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা