--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোচেফিন আৰু আলফ্ৰেড ৱাটাৰফিল্ড—দুয়োজনৰে বয়স ১০০ বছৰৰ ওপৰত। শেহতীয়াকৈ আমেৰিকাৰ এই বৰ্ষীয়ান দম্পতীয়ে ৭৫ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰে। ইমান বছৰ একেলগে এখন চালিৰ তলত কটোৱাটো সহজ নহয়। এওঁলোকে ৭৫ বছৰ ধৰি সম্পৰ্কৰ বান্ধোন অক্ষত কৰি ৰাখিব পৰাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক বুলি বিবেচনা কৰে বহু মানুহেই। বহুতে জানিব বিচাৰে, এই সু সম্পৰ্কৰ চাবিকাঠি কি? 

শেহতীয়াকৈ এই দম্পতীৰ পুত্ৰ এলেনে এই সন্দৰ্ভত মুখ মেলিছে। তেওঁ কয় যে "মা-দেউতাই সকলো সময়তে কাজিয়া কৰিয়ে কটাইছিল। তেওঁলোকৰ মাজত তৰ্ক অব্যাহত থাকে। গদগদ প্ৰেম নহয় তেওঁলোকৰ সুখী বিবাহৰ গোপন ৰহস্য কাজিয়াতহে আছিল। কাজিয়া কৰিলেও দুয়ো ইজনে সিজনক বহুত সন্মান কৰিছিল।"

দুয়োজনে ১০০ বছৰ বয়সত ভৰি দিছে। কিন্তু তেওঁলোকক চাই ধৰিব নোৱাৰি যে তেওঁলোকে ১০০ বছৰ পাৰ কৰিলে। দুয়োজনৰে স্বাস্থ্য সুন্দৰ হৈ আছে।  আলফ্ৰেডে নৱেম্বৰ মাহত ১০১ বছৰ সম্পূৰ্ণ কৰিব। এই দীৰ্ঘ আৰু সুস্থ জীৱনৰ ৰহস্য তেওঁ নিজেই কৈছিল। আলফ্ৰেডে কয় যে প্ৰতি নিশা শোৱাৰ আগতে হুইস্কি আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ আগতে অলপ বিয়েৰ-সেইটোৱেই হৈছে তেওঁৰ সুস্থ জীৱনৰ ৰহস্য। চাৰিটা সন্তান আৰু চাৰিটা নাতিৰে ভৰি আছে তেওঁলোকৰ পৰিয়াল। অৱশ্যে এই বৰ্ষীয়ান দম্পতী এতিয়া ঘৰত নহয়, নাৰ্চিং হোমত থাকে।
গদগদ প্রেম নয়, ঝগড়াঝাঁটিই নাকি এই প্রবীণ দম্পতির সুখী দাম্পত্যের অন্যতম রহস্য।
বয়সৰ বাবে তেওঁলোক কিছু সমস্যাত ভুগি আছিল। দুই পতি-পত্নীয়ে চিকিৎসালয়ত থকাৰ সিদ্ধান্ত ল’লে যাতে তেওঁলোকৰ বাবে কোনোৱে বিপদত নপৰে। সেই চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীসকলেও কৈছিল যে এই বয়সতো তেওঁলোকৰ ইজনে সিজনৰ প্ৰতি উন্মাদ প্ৰেম বৰ্তি আছে। অৱশ্যে জোচেফিন আৰু আলফ্ৰেড ৱাটাৰফিল্ডৰ মতে, তেওঁলোকৰ দীঘলীয়া সম্পৰ্কৰ সফলতাৰ চাবিকাঠি প্ৰেম নহয়, পাৰস্পৰিক সন্মানহে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা