--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোচেফিন আৰু আলফ্ৰেড ৱাটাৰফিল্ড—দুয়োজনৰে বয়স ১০০ বছৰৰ ওপৰত। শেহতীয়াকৈ আমেৰিকাৰ এই বৰ্ষীয়ান দম্পতীয়ে ৭৫ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপন কৰে। ইমান বছৰ একেলগে এখন চালিৰ তলত কটোৱাটো সহজ নহয়। এওঁলোকে ৭৫ বছৰ ধৰি সম্পৰ্কৰ বান্ধোন অক্ষত কৰি ৰাখিব পৰাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক বুলি বিবেচনা কৰে বহু মানুহেই। বহুতে জানিব বিচাৰে, এই সু সম্পৰ্কৰ চাবিকাঠি কি? 

শেহতীয়াকৈ এই দম্পতীৰ পুত্ৰ এলেনে এই সন্দৰ্ভত মুখ মেলিছে। তেওঁ কয় যে "মা-দেউতাই সকলো সময়তে কাজিয়া কৰিয়ে কটাইছিল। তেওঁলোকৰ মাজত তৰ্ক অব্যাহত থাকে। গদগদ প্ৰেম নহয় তেওঁলোকৰ সুখী বিবাহৰ গোপন ৰহস্য কাজিয়াতহে আছিল। কাজিয়া কৰিলেও দুয়ো ইজনে সিজনক বহুত সন্মান কৰিছিল।"

দুয়োজনে ১০০ বছৰ বয়সত ভৰি দিছে। কিন্তু তেওঁলোকক চাই ধৰিব নোৱাৰি যে তেওঁলোকে ১০০ বছৰ পাৰ কৰিলে। দুয়োজনৰে স্বাস্থ্য সুন্দৰ হৈ আছে।  আলফ্ৰেডে নৱেম্বৰ মাহত ১০১ বছৰ সম্পূৰ্ণ কৰিব। এই দীৰ্ঘ আৰু সুস্থ জীৱনৰ ৰহস্য তেওঁ নিজেই কৈছিল। আলফ্ৰেডে কয় যে প্ৰতি নিশা শোৱাৰ আগতে হুইস্কি আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ আগতে অলপ বিয়েৰ-সেইটোৱেই হৈছে তেওঁৰ সুস্থ জীৱনৰ ৰহস্য। চাৰিটা সন্তান আৰু চাৰিটা নাতিৰে ভৰি আছে তেওঁলোকৰ পৰিয়াল। অৱশ্যে এই বৰ্ষীয়ান দম্পতী এতিয়া ঘৰত নহয়, নাৰ্চিং হোমত থাকে।
গদগদ প্রেম নয়, ঝগড়াঝাঁটিই নাকি এই প্রবীণ দম্পতির সুখী দাম্পত্যের অন্যতম রহস্য।
বয়সৰ বাবে তেওঁলোক কিছু সমস্যাত ভুগি আছিল। দুই পতি-পত্নীয়ে চিকিৎসালয়ত থকাৰ সিদ্ধান্ত ল’লে যাতে তেওঁলোকৰ বাবে কোনোৱে বিপদত নপৰে। সেই চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীসকলেও কৈছিল যে এই বয়সতো তেওঁলোকৰ ইজনে সিজনৰ প্ৰতি উন্মাদ প্ৰেম বৰ্তি আছে। অৱশ্যে জোচেফিন আৰু আলফ্ৰেড ৱাটাৰফিল্ডৰ মতে, তেওঁলোকৰ দীঘলীয়া সম্পৰ্কৰ সফলতাৰ চাবিকাঠি প্ৰেম নহয়, পাৰস্পৰিক সন্মানহে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক