--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভুুল নীতিত চৰকাৰৰ পক্ষত নাথাকি সামূহিক পদত্যাগেৰে বিশ্বৰ সংবাদজগতত এক নজিৰ স্থাপন কৰিলে ৰাছিয়াৰ এটা স্বতন্ত্ৰ প্ৰতিষ্ঠানে৷ ৰাছিয়া চৰকাৰৰ আঙুলিৰ ঠাঁৰত নানাচি যুদ্ধৰ বিৰুদ্ধে, মানৱতাৰ সপক্ষে আৰু সংবাদ মাধ্যমৰ স্বাধীনতাত হস্তক্ষেপৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে সামূহিকভাৱে পদত্যাগ কৰিছে৷ ৰাছিয়াই ইউক্ৰেইনত চলোৱা সামৰিক অভিযানৰ বিৰুদ্ধে ৰাছিয়াতে আৰম্ভ হৈছে বিদ্ৰোহ৷ সংবাদ স্বাধীনতাত হস্তক্ষেপ কৰাৰ প্ৰতিবাদকল্পে ৰাছিয়াৰ এটা টিভি চেনেল ‘টিভি ৰেইন’ৰ কৰ্মচাৰীয়ে সামূহিকভাৱে পদত্যাগ কৰিছে৷ ৰাছিয়াৰ শেষৰটো স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান টিভি ৰেইন-এ মস্কোৰ ইউক্ৰেইন আক্ৰমণৰ সম্প্ৰচাৰ কৰ্তৃপক্ষৰ দ্বাৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ইয়াৰ কাৰ্যকলাপ অস্থায়ীভাৱে স্থগিত ৰাখিছে। নিউজ চেনেলটোৰ সমূহ কৰ্মচাৰীয়ে চেনেলটোৰ পোনপটীয়া সম্প্ৰচাৰত ‘যুদ্ধৰ বাবে নহয়’ বুলি ঘোষণা কৰি পদত্যাগ কৰিছে। বৃহস্পতিবাৰে টিভি ৰেইন (ডজড)ৰ মুখ্য কাৰ্যবাহী বিষয়া নাটালিয়া চিন্দেয়েভাই ছ’চিয়েল মিডিয়াত লিখিছে এনেদৰে, আমাক উশাহ এৰিবলৈ আৰু কেনেদৰে অধিক কাম কৰিব লাগে বুজিবলৈ শক্তিৰ প্ৰয়োজন। আমি সঁচাকৈয়ে আশা কৰোঁ যে আমি ঘূৰি আহিম আৰু আমাৰ কাম অব্যাহত ৰাখিম৷ এই সপ্তাহৰ আৰম্ভণিতে, ভেনিডিকটভে ৰয়টাৰ সংবাদ সংস্থাক কৈছিল যে তিনি দশকজুৰি প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ বিশেষত্ব হৈ থকা স্বতন্ত্ৰ সম্পাদকীয় শাৰীটো কোনোপধ্যে ত্যাগ নকৰে ঘোষণা কৰে। তেওঁ বৃহস্পতিবাৰে টুইটাৰৰ জৰিয়তে নিজৰ স্থিতি পুনৰ দোহাৰি কয়, যেতিয়ালৈকে মই মুখ্য সম্পাদক হৈ আছোঁ, তেতিয়ালৈকে সম্পাদকীয় নীতি অপৰিৱৰ্তিত থাকিব। ইউক্ৰেইনৰ কাৰ্যকলাপৰ আভ্যন্তৰীণ সমালোচনা বন্ধ কৰাৰ বাবে ৰাছিয়াৰ প্ৰচিকিউটৰ জেনেৰেলে এই সপ্তাহৰ আৰম্ভণিতে দেশখনৰ মিডিয়া ৱাচডগক টিভি ৰেইনৰ লগতে এখো মস্কভিলৈ প্ৰৱেশাধিকাৰ সীমিত কৰিবলৈ নিৰ্দেশ দিছিল। কৰ্তৃপক্ষই কৈছিল যে এই নিষেধাজ্ঞা উদ্দেশ্যপূৰ্ণ আৰু প্ৰণালীবদ্ধ পোষ্টৰ পৰা উদ্ভৱ হৈছে৷ ৰাছিয়াৰ কৰ্তৃপক্ষই এইটোও কৈছিল যে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক কৰ্মীসকলৰ কাৰ্যকলাপৰ বিষয়ে ইচ্ছাকৃতভাৱে মিছা তথ্য প্ৰচাৰ কৰাৰ বাবে সংবাদ মাধ্যমসমূহক দণ্ডিত কৰা হৈছে। ৰাছিয়াত স্বতন্ত্ৰ মাধ্যমৰ বিৰুদ্ধে এই পদক্ষেপবোৰ দেশখনৰ দ্ৰুতগতিত হ্ৰাস হোৱা সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে শেহতীয়া আঘাত। ইফালে, ৰাছিয়াৰ সংসদৰ উচ্চ সদনে শুকুৰবাৰে এখন খচৰা আইনত অনুমোদন জনাইছে যিয়ে ইচ্ছাকৃতভাৱে ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ বিষয়ে ভুৱা তথ্য প্ৰচাৰ কৰা লোকসকলৰ বাবে ১৫ বছৰলৈকে কাৰাদণ্ড আৰোপ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক