--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত ৰাছিয়াই প্ৰকাশ কৰিলে ‘বন্ধুত্বহীন পদক্ষেপ’ লোৱা দেশসমূহৰ এখন তালিকা৷ যুদ্ধৰ সময়ছোৱাত ৰাছিয়াৰ সৈতে বন্ধুত্বমূলক সহযোগিতা আগনবঢ়োৱা ১৭খন দেশৰ তালিকাত অনুমোদন জনালে ৰাছিয়া প্ৰশাসনে৷ তাৎপৰ্যপূৰ্ণভাৱে, এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই ভাৰত আৰু চীনকে ধৰি কেইবাখনো দেশ৷ ভাৰতে বন্ধুত্বহীন পদক্ষেপৰ তালিকাত অন্তৰ্ভুক্ত নহৈ ৰাছিয়াৰ বন্ধুৰাষ্ট্ৰত পৰিণত হ’ল নেকি বুলি এক প্ৰশ্ন এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে৷ কেইবাসপ্তাহৰ ভাবুকি আৰু সতৰ্কবাণীৰ পাছত, ৰাছিয়াই সোমবাৰে ৰাছিয়াৰ বিৰুদ্ধে ‘বন্ধুত্বহীন পদক্ষেপ’ লোৱা দেশসমূহৰ এখন তালিকা অনুমোদিত কৰে। ১৭খন দেশৰ তালিকাত মুখ্যতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, টাইৱান আৰু অন্যান্য কেইখনমান ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈছে৷ ইয়াত ইউক্ৰেইন আৰু ইউৰোপীয় ইউনিয়নৰ কথাও উল্লেখ কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা আঠজন বিশিষ্ট ৰাছিয়ান অলিগাৰ্চৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে৷ তেওঁলোকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় ব্যৱস্থাৰ পৰা বিচ্ছিন্ন কৰিছে। আমেৰিকাই ৰাছিয়াৰ দুটা বৃহৎ বেংককো অনুমোদন জনাইছে, যাৰ ফলত তেওঁলোকে পশ্চিমৰ পৰা ঋণ প্ৰাপ্ত কৰাত বাধা দিছে। আনহাতে, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাছিয়াত ১৫জনতকৈও অধিক ব্যক্তি আৰু ২০৫টা কোম্পানীৰ ওপৰত কঠোৰ পদক্ষেপ লৈছে।
ৰাছিয়াৰ দ্বাৰা অনুমোদিত ‘বন্ধুত্বহীন’ দেশসমূহৰ সম্পূৰ্ণ তালিকা এনেধৰণৰ-
১. অষ্ট্ৰেলিয়া ২. কানাডা ৩. ইউৰোপীয় ইউনিয়ন ৪. আইচলেণ্ড ৫. লিকটেনষ্টাইন ৬. মোনাকো ৭. মণ্টেনিগ্ৰো ৮. নিউজিলেণ্ড ৯. নৰৱে ১০. টাইৱান ১১. চান মাৰিনো ১২. ছিংগাপুৰ ১৩. দক্ষিণ কোৰিয়া ১৪. চুইজাৰলেণ্ড ১৫. ইউক্ৰেইন ১৬. ইউকে ১৭. আমেৰিকা যুক্তৰাষ্ট্ৰ সম্প্ৰতি ৰাছিয়াৰ অৰ্থনীতি সংকটত পৰিছে। অৰ্থনৈতিক সংকটৰ মাজত কেন্দ্ৰীয় বেংকে বিগত সপ্তাহত পৰিশোধৰ ওপৰত অস্থায়ী স্থগিতাদেশ দিছিল আৰু ৰুবেল-নিৰ্ধাৰিত সাৰ্বভৌম ঋণ (ওএফজেড) ধাৰ্য কৰা বিদেশী বিনিয়োগকাৰীসকলৰ বাবে কুপন পৰিশোধ নিষিদ্ধ কৰিছিল। এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে ১৬ মাৰ্চলৈ, যেতিয়া ৰাছিয়াই দুটা ইউৰোবণ্ডত ১০৭ নিযুত ডলাৰ কুপন পৰিশোধ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু