--°C
Loading...
Listen to Article
2 min read
80%

সিহঁত মোৰ অনুৰাগ, মোৰ আসক্তি; শতাধিক মকৰা পালন কৰা এজন লোকৰ কাহিনী

ডিজিটেল ডেস্ক : মকৰাৰ সৈতে সহবাস কৰা এজন ব্যক্তি৷ মানসিক স্বাস্থ্যৰ যত্ন ল’বলৈ এইজন মকৰা প্ৰেমিকে ১২০টা টেৰেনটুলাৰ বাবে এটা পৃথক শোৱনি কোঠা নিৰ্মাণ কৰিছিল৷ এৰন ফিনিক্স মকৰা ভালপোৱা ‘এৰাক্নোফিল’ৰ এটা নিখুঁত উদাহৰণ। জানিব পৰা মতে, ৩৪বছৰীয়া যুৱকজনে ১২০টা টেৰেনটুলাৰ সৈতে বাস কৰাৰ লগতে তেওঁৰ এৰাকনিড বন্ধুসকলৰ বাবে এটা পৃথক শোৱনি কোঠাও নিৰ্মাণ কৰিছে। 'নো ৱে হোম'ৰ সৈতে সফল বক্স অফিচ চলোৱাৰ পাছত যোৱা কেইসপ্তাহমানত ‘স্পাইডাৰ-মেন’ জ্বৰত আক্ৰান্ত হৈছে এৰন ফিনিক্স। এৰণক এজন থেৰাপিষ্টে তেওঁৰ মানসিক স্বাস্থ্য উন্নত কৰিবলৈ এটা নতুন চখ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু নতুন শিল্প শিকা বা কোনো শাৰীৰিক কাৰ্যত লিপ্ত হোৱাৰ পৰিৱৰ্তে এৰোণে ১২০টা টেৰেনটুলাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ হতাশাত ভোগা আৰু বাইপোলাৰ ডিছঅৰ্ডাৰত ভোগা বুলি চিনাক্ত হোৱাৰ পাছত তেওঁ চখটো আৰম্ভ কৰিছিল। আৰাকনিডসকলে কেৱল এৰণৰ ঘৰত বাস নকৰে বৰং সিহঁতক নিজৰ এটা শোৱা কোঠাও দিয়া হৈছে। ৩৪ বছৰীয়া যুৱকজনে প্ৰকাশ কৰে যে, টেৰেনটুলা পালনে তেওঁৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ দিশত আশ্চৰ্যকৰ কাম কৰিছে। 'সিহঁত মোৰ অনুৰাগ বা মোৰ আসক্তি আপুনি ইয়াক যি বুলি ক'ব বিচাৰে ক’ব পাৰে। চিকিৎসকে মোক কৈছিল যে এটা চখে মোৰ মনক স্থিৰ আৰু কেন্দ্ৰীভূত কৰিব। সেইকথা সঁচা আছিল, মই এই কথাটোক লৈ বিশেষ আকৰ্ষণ অনুভৱ কৰোঁ। মই সিহঁতক ঘন্টাৰ পাছত ঘণ্টা বহি চাই থাকিব পাৰিছিলোঁ– সিহঁতৰ জীৱনে মোৰ ওপৰত এক অবিশ্বাস্য প্ৰভাৱ পেলাইছে আৰু মই এতিয়া কেতিয়াও টেৰেনটুলা পালন কৰা কাম এৰি নিদিওঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু