--°C
Loading...
Listen to Article
2 min read
80%

সিহঁত মোৰ অনুৰাগ, মোৰ আসক্তি; শতাধিক মকৰা পালন কৰা এজন লোকৰ কাহিনী

ডিজিটেল ডেস্ক : মকৰাৰ সৈতে সহবাস কৰা এজন ব্যক্তি৷ মানসিক স্বাস্থ্যৰ যত্ন ল’বলৈ এইজন মকৰা প্ৰেমিকে ১২০টা টেৰেনটুলাৰ বাবে এটা পৃথক শোৱনি কোঠা নিৰ্মাণ কৰিছিল৷ এৰন ফিনিক্স মকৰা ভালপোৱা ‘এৰাক্নোফিল’ৰ এটা নিখুঁত উদাহৰণ। জানিব পৰা মতে, ৩৪বছৰীয়া যুৱকজনে ১২০টা টেৰেনটুলাৰ সৈতে বাস কৰাৰ লগতে তেওঁৰ এৰাকনিড বন্ধুসকলৰ বাবে এটা পৃথক শোৱনি কোঠাও নিৰ্মাণ কৰিছে। 'নো ৱে হোম'ৰ সৈতে সফল বক্স অফিচ চলোৱাৰ পাছত যোৱা কেইসপ্তাহমানত ‘স্পাইডাৰ-মেন’ জ্বৰত আক্ৰান্ত হৈছে এৰন ফিনিক্স। এৰণক এজন থেৰাপিষ্টে তেওঁৰ মানসিক স্বাস্থ্য উন্নত কৰিবলৈ এটা নতুন চখ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু নতুন শিল্প শিকা বা কোনো শাৰীৰিক কাৰ্যত লিপ্ত হোৱাৰ পৰিৱৰ্তে এৰোণে ১২০টা টেৰেনটুলাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ হতাশাত ভোগা আৰু বাইপোলাৰ ডিছঅৰ্ডাৰত ভোগা বুলি চিনাক্ত হোৱাৰ পাছত তেওঁ চখটো আৰম্ভ কৰিছিল। আৰাকনিডসকলে কেৱল এৰণৰ ঘৰত বাস নকৰে বৰং সিহঁতক নিজৰ এটা শোৱা কোঠাও দিয়া হৈছে। ৩৪ বছৰীয়া যুৱকজনে প্ৰকাশ কৰে যে, টেৰেনটুলা পালনে তেওঁৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ দিশত আশ্চৰ্যকৰ কাম কৰিছে। 'সিহঁত মোৰ অনুৰাগ বা মোৰ আসক্তি আপুনি ইয়াক যি বুলি ক'ব বিচাৰে ক’ব পাৰে। চিকিৎসকে মোক কৈছিল যে এটা চখে মোৰ মনক স্থিৰ আৰু কেন্দ্ৰীভূত কৰিব। সেইকথা সঁচা আছিল, মই এই কথাটোক লৈ বিশেষ আকৰ্ষণ অনুভৱ কৰোঁ। মই সিহঁতক ঘন্টাৰ পাছত ঘণ্টা বহি চাই থাকিব পাৰিছিলোঁ– সিহঁতৰ জীৱনে মোৰ ওপৰত এক অবিশ্বাস্য প্ৰভাৱ পেলাইছে আৰু মই এতিয়া কেতিয়াও টেৰেনটুলা পালন কৰা কাম এৰি নিদিওঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু