--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন সামৰিক সংঘৰ্ষই বিশ্বজুৰি আতংক, আশংকা আৰু উদ্বিগ্নতা কঢ়িওৱাৰ মাজতে এটি খবৰে দেশজুৰি চৰ্চা লাভ কৰিছে৷ যিসময়ত এই সামৰিক সংঘৰ্ষত ভাৰতে স্পষ্টকৈ কোনো এখন ৰাষ্ট্ৰৰে পক্ষ লোৱা নাই, তেনে সময়তে ভাৰতৰ এগৰাকী ছাত্ৰই ইউক্ৰেইনৰ সৈন্যবাহিনীত যোগ দিয়া ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জানিব পৰামতে, ইউক্ৰেইনৰ অৰ্ধ-সামৰিক বাহিনীত যোগদ যোগদান কৰিছে তামিলনাডুৰ এগৰাকী ছাত্ৰই৷ ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইন সৈন্যক সহযোগিতা কৰিবলৈ ইউক্ৰেইন বাহিনীত যোগদান কৰিছে তামিলনাডুৰ কইম্বাটুৰৰ ২১বছৰীয়া ছাত্ৰ চাইনিকেশ ৰবিচন্দ্ৰনে৷ পূৰ্বে তেওঁ ভাৰতীয় সেনাতো যোগদান কৰিবলৈ আৱেদন কৰিছিল। ভাৰতীয় সেনাবাহিনীৰ বিষয়াসকলে তেওঁৰ বাসগৃহলৈ গৈছিল আৰু তেওঁৰ পিতৃ-মাতৃক এই বিষয়ে সোধা-পোছা কৰিছিল। তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে ৰবিচন্দ্ৰনে ভাৰতীয় সেনাত যোগদান কৰিবলৈ আৱেদন কৰিছিল, কিন্তু সেয়া প্ৰত্যাখ্যান কৰা হৈছিল। ২০১৮ত চাইনিকেশে ইউক্ৰেইনৰ খাৰকিভৰ নেচনেল এইৰোস্পেচ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ গৈছিল। তেওঁ ২০২২ৰ জুলাইৰ ভিতৰত পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব৷ ইউক্ৰেইনত চলি থকা যুদ্ধৰ মাজতে তেওঁৰ পৰিয়ালে চাইনিকেশৰ সৈতে সংযোগ হেৰুৱাই পেলাইছিল। দূতাবাসৰ সহায় বিচাৰি তেওঁলোকে চাইনিকেশৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল। তেতিয়া ৰবিচন্দ্ৰনে তেওঁৰ পৰিয়ালক জনাইছিল যে তেওঁ ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু