--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াই মানৱীয় কৰিডৰ নিৰ্মাণৰ বাবে ইউক্ৰেইনৰ কেইবাখনো চহৰত অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছে। তৃতীয়বাৰৰ বাবে ইউক্ৰেইনত ৰাছিয়াই ঘোষণা কৰা এই মন্তব্যক 'নাটক' আখ্যা ভ্ল'ড'মিৰ জেলেনস্কিৰ। পূৰ্বেও যুদ্ধবিৰতি ঘোষণা কৰা সত্ত্বেও ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ কিভকে ধৰি বহুকেইখন চহৰত আক্ৰমণ চলাইছে। য'ত প্ৰাণ হেৰুৱাইছে বহু সাধাৰণ জনতাই। ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাৰ পৰা খাৰকিভ, মাৰিপুল আৰু চুমি চহৰত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। সংবাদ সংস্থাৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ অনুৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনেস্কিয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে অভিযোগ কৰিছিল যে ৰাছিয়াই অতীতত দুবাৰ ইউক্ৰেইনৰ মাৰিয়পোল আৰু ভলনোভাকা চহৰত দুবাৰ অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছিল। কিন্তু প্ৰতিবাৰেই ৰাছিয়াই বিৰতি ভাঙি আক্ৰমণ কৰে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সোমবাৰে ১২দিনত ভৰি দিছিল

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সোমবাৰে ১২দিনত ভৰি দিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে দেওবাৰে কৈছিল যে ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা ইউক্ৰেইনত ২৬০জন সাধাৰণ লোক নিহত হৈছে। ২৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ১.৫ নিযুত লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰি আন দেশত শৰণাৰ্থী হৈ আছে। ইউক্ৰেইনে ৰাছিয়াক খাৰকিভৰ এটা পাৰমাণৱিক চুল্লিৰ ওচৰত কেইবাটাও মিছাইল আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই আক্ৰমণটো সংঘটিত কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰি থকা গ্ৰেণ্ড লঞ্চাৰৰ লক্ষ্য ইমান শক্তিশালী নাছিল। ফলস্বৰূপে যিকোনো মুহূৰ্তত সেই পাৰমাণৱিক চুল্লিত বিস্ফোৰণ হ'ব পাৰে। এবাৰ বিস্ফোৰণ হোৱাৰ পাছত ইয়াৰ প্ৰভাৱ ইউৰোপৰ দেশবোৰলৈ দ্ৰুতগতিত বিয়পিব পাৰে। এনে পৰিস্থিতিত ৰাছিয়াই অস্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনাইছে, কিন্তু কিভে ইয়াক ইতিবাচকভাৱে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক