--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াই মানৱীয় কৰিডৰ নিৰ্মাণৰ বাবে ইউক্ৰেইনৰ কেইবাখনো চহৰত অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছে। তৃতীয়বাৰৰ বাবে ইউক্ৰেইনত ৰাছিয়াই ঘোষণা কৰা এই মন্তব্যক 'নাটক' আখ্যা ভ্ল'ড'মিৰ জেলেনস্কিৰ। পূৰ্বেও যুদ্ধবিৰতি ঘোষণা কৰা সত্ত্বেও ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ কিভকে ধৰি বহুকেইখন চহৰত আক্ৰমণ চলাইছে। য'ত প্ৰাণ হেৰুৱাইছে বহু সাধাৰণ জনতাই। ভাৰতীয় সময় মতে পুৱা ১২.৩০ বজাৰ পৰা খাৰকিভ, মাৰিপুল আৰু চুমি চহৰত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। সংবাদ সংস্থাৰ মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ অনুৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনেস্কিয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে অভিযোগ কৰিছিল যে ৰাছিয়াই অতীতত দুবাৰ ইউক্ৰেইনৰ মাৰিয়পোল আৰু ভলনোভাকা চহৰত দুবাৰ অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছিল। কিন্তু প্ৰতিবাৰেই ৰাছিয়াই বিৰতি ভাঙি আক্ৰমণ কৰে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সোমবাৰে ১২দিনত ভৰি দিছিল

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সোমবাৰে ১২দিনত ভৰি দিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে দেওবাৰে কৈছিল যে ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা ইউক্ৰেইনত ২৬০জন সাধাৰণ লোক নিহত হৈছে। ২৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ১.৫ নিযুত লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰি আন দেশত শৰণাৰ্থী হৈ আছে। ইউক্ৰেইনে ৰাছিয়াক খাৰকিভৰ এটা পাৰমাণৱিক চুল্লিৰ ওচৰত কেইবাটাও মিছাইল আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই আক্ৰমণটো সংঘটিত কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰি থকা গ্ৰেণ্ড লঞ্চাৰৰ লক্ষ্য ইমান শক্তিশালী নাছিল। ফলস্বৰূপে যিকোনো মুহূৰ্তত সেই পাৰমাণৱিক চুল্লিত বিস্ফোৰণ হ'ব পাৰে। এবাৰ বিস্ফোৰণ হোৱাৰ পাছত ইয়াৰ প্ৰভাৱ ইউৰোপৰ দেশবোৰলৈ দ্ৰুতগতিত বিয়পিব পাৰে। এনে পৰিস্থিতিত ৰাছিয়াই অস্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনাইছে, কিন্তু কিভে ইয়াক ইতিবাচকভাৱে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক