--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ পৰা ভাৰতৰ বাবে আহিছে এক অতি দুখজনক খবৰ। পেলেষ্টাইনস্থিত ভাৰতীয় মিছনৰ ভিতৰত দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিজ্ঞ ৰাষ্ট্ৰদূতগৰাকীৰ কিদৰে মৃত্যু হয় এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে মুকুল আৰ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। কৰ্মক্ষেত্ৰতে মৃত্যু হোৱা ৰাষ্ট্ৰদূতজনৰ মৃত্যুত পেলেষ্টাইনৰ শীৰ্ষ নেতৃত্বয়ো শোক প্ৰকাশ কৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰদূত আৰ্যৰ মৃত্যুৰ বাতৰিটো পাই মন্ত্ৰালয় অতি আচৰিত আৰু হতবাক হৈ পৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ৰিয়াদ আল-মালিকীয়ে ভাৰতীয় বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ জৰিয়তে ভাৰত চৰকাৰৰ লগতে আৰ্যৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বুলিও মন্ত্ৰালয়ে সদৰী কৰিছে। লগতে আৰ্যৰ মৃতদেহ ভাৰতলৈ কঢ়িয়াই অনাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে মৃত মুকুল আৰ্যই মস্কোৰ কাবুলত থকা ভাৰতীয় দূতাবাসৰ লগতে দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত সেৱা আগবঢ়াইছিল। তেওঁ পেৰিছত ইউনেস্কোত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰো অংশীদাৰ আছিল। ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰাৰ আগতে আৰ্যই দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি অধ্যয়ন কৰিছিল। মুকুল আৰ্য দিল্লীত ডাঙৰ দীঘল হৈছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) পৰা তেওঁ ২০০৫-২০০৭ চনত অৰ্থনীতিত এমএ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। আৰ্যক আটাইতকৈ দায়িত্বশীল বিষয়াসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ এটা টুইট শ্বেয়াৰ কৰি কৈছিল যে ''মুকুল আৰ্যৰ মৃত্যুৰ খবৰত মই হতবাক হৈ পৰিছোঁ। তেওঁ এজন যুৱ আৰু অতি প্ৰতিভাশালী বিষয়া আছিল। তেওঁ আৰু বহুত কিবাকিবি চাবলৈ থাকি গ'ল।'' জয়শংকৰে লগতে আৰ্যৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ আৰু প্ৰধানমন্ত্ৰী মুহাম্মাদ শ্বাতিয়াহে এই মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু পঢ়কঃ আজি মাজুলীত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ; ভোটাৰে নিৰ্ণয় কৰিব ৩ প্ৰাৰ্থীৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক