--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ পৰা ভাৰতৰ বাবে আহিছে এক অতি দুখজনক খবৰ। পেলেষ্টাইনস্থিত ভাৰতীয় মিছনৰ ভিতৰত দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিজ্ঞ ৰাষ্ট্ৰদূতগৰাকীৰ কিদৰে মৃত্যু হয় এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে মুকুল আৰ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। কৰ্মক্ষেত্ৰতে মৃত্যু হোৱা ৰাষ্ট্ৰদূতজনৰ মৃত্যুত পেলেষ্টাইনৰ শীৰ্ষ নেতৃত্বয়ো শোক প্ৰকাশ কৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰদূত আৰ্যৰ মৃত্যুৰ বাতৰিটো পাই মন্ত্ৰালয় অতি আচৰিত আৰু হতবাক হৈ পৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ৰিয়াদ আল-মালিকীয়ে ভাৰতীয় বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ জৰিয়তে ভাৰত চৰকাৰৰ লগতে আৰ্যৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বুলিও মন্ত্ৰালয়ে সদৰী কৰিছে। লগতে আৰ্যৰ মৃতদেহ ভাৰতলৈ কঢ়িয়াই অনাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে মৃত মুকুল আৰ্যই মস্কোৰ কাবুলত থকা ভাৰতীয় দূতাবাসৰ লগতে দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত সেৱা আগবঢ়াইছিল। তেওঁ পেৰিছত ইউনেস্কোত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰো অংশীদাৰ আছিল। ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰাৰ আগতে আৰ্যই দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি অধ্যয়ন কৰিছিল। মুকুল আৰ্য দিল্লীত ডাঙৰ দীঘল হৈছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) পৰা তেওঁ ২০০৫-২০০৭ চনত অৰ্থনীতিত এমএ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। আৰ্যক আটাইতকৈ দায়িত্বশীল বিষয়াসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ এটা টুইট শ্বেয়াৰ কৰি কৈছিল যে ''মুকুল আৰ্যৰ মৃত্যুৰ খবৰত মই হতবাক হৈ পৰিছোঁ। তেওঁ এজন যুৱ আৰু অতি প্ৰতিভাশালী বিষয়া আছিল। তেওঁ আৰু বহুত কিবাকিবি চাবলৈ থাকি গ'ল।'' জয়শংকৰে লগতে আৰ্যৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ আৰু প্ৰধানমন্ত্ৰী মুহাম্মাদ শ্বাতিয়াহে এই মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু পঢ়কঃ আজি মাজুলীত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ; ভোটাৰে নিৰ্ণয় কৰিব ৩ প্ৰাৰ্থীৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক