--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কীৰ সৈতে আজি ৩৫ মিনিটজোৰা টেলিফোনিক বাৰ্তালাপত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কথোপকথনৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ বিকশিত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে কথা পাতি ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত দেশখনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত জেলেনস্কীৰ ‘নিৰন্তৰ সমৰ্থন’ বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ আলোচনা অব্যাহত ৰখাৰ বাবে প্ৰশংসা কৰে আৰু ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাত জেলেনস্কীৰ চৰকাৰে কৰা সহায়ৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কীক ধন্যবাদ জ্ঞাপন কৰে৷ এক চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে চুমিৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে চলি থকা প্ৰচেষ্টাত ইউক্ৰেইন চৰকাৰৰ পৰা সমৰ্থন বিচাৰিছিল৷ আজি ৰাতিপুৱা ৰাছিয়াই কৈছিল যে তেওঁলোকে মস্কোৰ সময় অনুসৰি পুৱা ১০ বজাত (ভাৰতীয় সময় মতে ১২.৩০ বজা) ৰাজধানী কীয়েভকে ধৰি ইউক্ৰেইনৰ কেইবাখনো চহৰত সাময়িক যুদ্ভবিৰতিৰে মানৱীয় কৰিডৰ মুকলি কৰিব। ইণ্টাৰফেক্স সংবাদ সংস্থাই ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ব্যক্তিগত অনুৰোধত আৰু সেই চহৰসমূহৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাৰকিভ, মাৰিয়পোল আৰু চুমিৰ পৰাও মুকলি হ’বলগীয়া কৰিডৰসমূহ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ কেইদিনমান পাছত তেওঁলোকে যোৱা ২৬ ফেব্ৰুৱাৰীত কথা পাতিছিল। ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ ৰাষ্ট্ৰসংঘৰ ভোটৰ পৰা ভাৰতৰ অনুপস্থিতিৰ পাছত হৈছিল সেই কথোপকথন৷ ভাৰতে বিশ সহস্ৰাধিক ভাৰতীয়ক, মুখ্যতঃ শিক্ষাৰ্থীসকলক, এতিয়াও যুদ্ধপীড়িত ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ বাবে বাহিৰলৈ লৈ যাবলৈ চেষ্টা চলাই আছে। চৰকাৰৰ শেহতীয়া প্ৰচেষ্টাত ইউক্ৰেইনৰ চুমি চহৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত আবদ্ধ শিক্ষাৰ্থীসকলে আশ্ৰয় লৈ আছে। কালি ভাৰতীয় দূতাবাসে এই শিক্ষাৰ্থীসকলক সাজু হ'বলৈ কৈছিল। শিক্ষাৰ্থীসকলৰ সুৰক্ষিত যাত্ৰাৰ সমন্বয়ৰ বাবে চুমিৰ পৰা প্ৰায় তিনি ঘণ্টাৰ পথত পল্টাভাত বিষয়াসকলৰ এটা দল ৰখা হৈছে। চুমিৰ শিক্ষাৰ্থীসকলে ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে তেওঁলোকে ৫০ কিলোমিটাৰ দূৰত থকা ৰাছিয়ান সীমান্তলৈ এটা বিপদজনক যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, চৰকাৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ পাছত আৰু অপ্ৰয়োজনীয় বিপদাশংকা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছত তেওঁলোকে ৰৈ দিয়াৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু