--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কীৰ সৈতে আজি ৩৫ মিনিটজোৰা টেলিফোনিক বাৰ্তালাপত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কথোপকথনৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ বিকশিত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে কথা পাতি ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত দেশখনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত জেলেনস্কীৰ ‘নিৰন্তৰ সমৰ্থন’ বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ আলোচনা অব্যাহত ৰখাৰ বাবে প্ৰশংসা কৰে আৰু ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাত জেলেনস্কীৰ চৰকাৰে কৰা সহায়ৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কীক ধন্যবাদ জ্ঞাপন কৰে৷ এক চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে চুমিৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে চলি থকা প্ৰচেষ্টাত ইউক্ৰেইন চৰকাৰৰ পৰা সমৰ্থন বিচাৰিছিল৷ আজি ৰাতিপুৱা ৰাছিয়াই কৈছিল যে তেওঁলোকে মস্কোৰ সময় অনুসৰি পুৱা ১০ বজাত (ভাৰতীয় সময় মতে ১২.৩০ বজা) ৰাজধানী কীয়েভকে ধৰি ইউক্ৰেইনৰ কেইবাখনো চহৰত সাময়িক যুদ্ভবিৰতিৰে মানৱীয় কৰিডৰ মুকলি কৰিব। ইণ্টাৰফেক্স সংবাদ সংস্থাই ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ব্যক্তিগত অনুৰোধত আৰু সেই চহৰসমূহৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাৰকিভ, মাৰিয়পোল আৰু চুমিৰ পৰাও মুকলি হ’বলগীয়া কৰিডৰসমূহ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ কেইদিনমান পাছত তেওঁলোকে যোৱা ২৬ ফেব্ৰুৱাৰীত কথা পাতিছিল। ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ ৰাষ্ট্ৰসংঘৰ ভোটৰ পৰা ভাৰতৰ অনুপস্থিতিৰ পাছত হৈছিল সেই কথোপকথন৷ ভাৰতে বিশ সহস্ৰাধিক ভাৰতীয়ক, মুখ্যতঃ শিক্ষাৰ্থীসকলক, এতিয়াও যুদ্ধপীড়িত ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ বাবে বাহিৰলৈ লৈ যাবলৈ চেষ্টা চলাই আছে। চৰকাৰৰ শেহতীয়া প্ৰচেষ্টাত ইউক্ৰেইনৰ চুমি চহৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত আবদ্ধ শিক্ষাৰ্থীসকলে আশ্ৰয় লৈ আছে। কালি ভাৰতীয় দূতাবাসে এই শিক্ষাৰ্থীসকলক সাজু হ'বলৈ কৈছিল। শিক্ষাৰ্থীসকলৰ সুৰক্ষিত যাত্ৰাৰ সমন্বয়ৰ বাবে চুমিৰ পৰা প্ৰায় তিনি ঘণ্টাৰ পথত পল্টাভাত বিষয়াসকলৰ এটা দল ৰখা হৈছে। চুমিৰ শিক্ষাৰ্থীসকলে ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে তেওঁলোকে ৫০ কিলোমিটাৰ দূৰত থকা ৰাছিয়ান সীমান্তলৈ এটা বিপদজনক যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, চৰকাৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ পাছত আৰু অপ্ৰয়োজনীয় বিপদাশংকা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছত তেওঁলোকে ৰৈ দিয়াৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক