--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ ক্ৰিকেট মানেই এতিয়া সূৰ্যকুমাৰ যাদৱ৷ অনুৰাগীসকলে ‘স্কাই’ বুলি মাতে৷ ক্ৰিকেটৰ এই ছুটী ফৰ্মেটটোত চমকপ্ৰদ সফলতা লাভ কৰিছে সূৰ্যকুমাৰে৷ কিছুদিন ফৰ্মত নাথাকিলেও শেহতীয়াকৈ দূৰ্দান্তভাৱে ফৰ্মলৈ প্ৰত্যাবৰ্তন কৰিছে তেওঁ৷

আইপিএলৰ বাহিৰেও ইতিমধ্যে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাটিতো এই চুটি ফৰ্মেটত সফল হৈছে ক্ৰিকেটাৰগৰাকীয়ে। কেৰিয়াৰৰ এই সফলতাৰ আঁৰত তেওঁৰ পত্নী দেৱীশাৰ যথেষ্ট কৃতিত্ব আছে।

সূৰ্য নিজেই মুম্বাইত ডাঙৰ-দীঘল হৈছিল, তাত দীৰ্ঘদিন ধৰি ঘৰুৱা ক্ৰিকেটত সফলতাৰে খেলিছিল যদিও দক্ষিণ ভাৰতীয় যুৱতী দেৱীশাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

দুয়োৱে প্ৰথম লগ হৈছিল কলেজত। সূৰ্য আৰু দেৱীশা মুম্বাইৰ বিখ্যাত পোদ্দাৰ কলেজৰ বি.কমৰ শিক্ষাৰ্থী আছিল। সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিলেও তেওঁলোকৰ সম্পৰ্ক গঢ়ি তোলাৰ বাটত কোনো বাধাৰ সৃষ্টি কৰা নাছিল।

ক্ৰিকেটৰ বাবে সূৰ্য্যই আধাখিনি ক্লাছত উপস্থিত থাকিব পৰা নাছিল। কিন্তু দেৱীশাই পঢ়া-শুনা আৰু কলেজৰ অন্যান্য কাম-কাজত সক্ৰিয় অংশ লৈছিল।

প্ৰাৰম্ভিক কথা-বতৰাৰ পিছত অতি সোনকালে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। তাৰ পিছত এদিন স্কাই নিজেই দেৱীশাক ক’লে যে তেওঁ তাইৰ প্ৰেমত পৰিছে। কিছুদিনৰ প্ৰেমৰ অন্তত দুয়োজনে পৰিয়ালৰ লোকক বিয়াৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতে দুয়োটা পৰিয়াল লগ হয় আৰু দুয়োটা পৰিয়ালে বিবাহৰত সন্মতি প্ৰকাশ কৰে। অৱশ্যে ইয়াত এটা সৰু সমস্যা আছিল। দেৱীশাৰ পৰিয়ালে বহুদিনৰ পৰাই কামনা কৰিছিল যে তেওঁলোকৰ কন্যাৰ বিবাহ পৰম্পৰাগত দক্ষিণ ভাৰতীয় পদ্ধতিৰে হওক।

আনহাতে, সূৰ্য্যৰ পৰিয়ালৰ শিপা আছিল উত্তৰ প্ৰদেশত। কিন্তু প্ৰেমৰ স্বাৰ্থত এই বিষয়ত সূৰ্য্যই কুণ্ঠাবোধ কৰা নাছিল। ২০১৬ চনত পৰিয়াল আৰু বিশেষ বন্ধু-বান্ধৱীৰ উপস্থিতিত অনাড়ম্বৰভাৱে বিবাহপাশত আবদ্ধ হয় দম্পতীহালে।

যদিও দেৱীশা নিজে বাণিজ্য শাস্ত্ৰ অধ্যয়ন কৰিছিল, তথাপিও পেছাত এগৰাকী নৃত্যশিল্পী আৰু আধুনিক শৈলীৰ লগতে সমসাময়িক তথা দক্ষিণ ভাৰতীয় নৃত্যৰ সৈতেও সুপৰিচিত। এই কথা সূৰ্য কুমাৰ যাদৱে বহুত ভাল পাইছিল আৰু তেওঁ মৰমেৰে ডিঙিৰ ওচৰত পত্নীৰ এটা টাটুও কৰিছিল।

পিছত দেৱীশাই বাতৰি কাকতৰ সাক্ষাৎকাৰত দাবী কৰে যে বিয়াৰ সময়ত তেওঁ সূৰ্য্যক আগৰ দৰে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিবলৈ পৰামৰ্শ দিছিল।

সেই প্ৰতিশ্ৰুতি পালন কৰি সূৰ্যকুমাৰ যাদৱে নিজৰ কঠোৰ পৰিশ্ৰম, খাদ্যাভ্যাস আদি ইমান কঠোৰভাৱে আৰু অনুশাসনেৰে পালন কৰিছে যে তেওঁ আজি ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ টি-২০ তাৰকা হিচাপে পৰিগণিত হৈছে।

বলাৰৰ বাবে ত্ৰাসৰ কাৰণ সূৰ্য্যকুমাৰে নিজেই স্বীকাৰ কৰিছে যে প্ৰেমে তেওঁৰ কেৰিয়াৰত বহুখিনি সহায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে