--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ ক্ৰিকেট মানেই এতিয়া সূৰ্যকুমাৰ যাদৱ৷ অনুৰাগীসকলে ‘স্কাই’ বুলি মাতে৷ ক্ৰিকেটৰ এই ছুটী ফৰ্মেটটোত চমকপ্ৰদ সফলতা লাভ কৰিছে সূৰ্যকুমাৰে৷ কিছুদিন ফৰ্মত নাথাকিলেও শেহতীয়াকৈ দূৰ্দান্তভাৱে ফৰ্মলৈ প্ৰত্যাবৰ্তন কৰিছে তেওঁ৷

আইপিএলৰ বাহিৰেও ইতিমধ্যে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাটিতো এই চুটি ফৰ্মেটত সফল হৈছে ক্ৰিকেটাৰগৰাকীয়ে। কেৰিয়াৰৰ এই সফলতাৰ আঁৰত তেওঁৰ পত্নী দেৱীশাৰ যথেষ্ট কৃতিত্ব আছে।

সূৰ্য নিজেই মুম্বাইত ডাঙৰ-দীঘল হৈছিল, তাত দীৰ্ঘদিন ধৰি ঘৰুৱা ক্ৰিকেটত সফলতাৰে খেলিছিল যদিও দক্ষিণ ভাৰতীয় যুৱতী দেৱীশাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।

দুয়োৱে প্ৰথম লগ হৈছিল কলেজত। সূৰ্য আৰু দেৱীশা মুম্বাইৰ বিখ্যাত পোদ্দাৰ কলেজৰ বি.কমৰ শিক্ষাৰ্থী আছিল। সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিলেও তেওঁলোকৰ সম্পৰ্ক গঢ়ি তোলাৰ বাটত কোনো বাধাৰ সৃষ্টি কৰা নাছিল।

ক্ৰিকেটৰ বাবে সূৰ্য্যই আধাখিনি ক্লাছত উপস্থিত থাকিব পৰা নাছিল। কিন্তু দেৱীশাই পঢ়া-শুনা আৰু কলেজৰ অন্যান্য কাম-কাজত সক্ৰিয় অংশ লৈছিল।

প্ৰাৰম্ভিক কথা-বতৰাৰ পিছত অতি সোনকালে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। তাৰ পিছত এদিন স্কাই নিজেই দেৱীশাক ক’লে যে তেওঁ তাইৰ প্ৰেমত পৰিছে। কিছুদিনৰ প্ৰেমৰ অন্তত দুয়োজনে পৰিয়ালৰ লোকক বিয়াৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পিছতে দুয়োটা পৰিয়াল লগ হয় আৰু দুয়োটা পৰিয়ালে বিবাহৰত সন্মতি প্ৰকাশ কৰে। অৱশ্যে ইয়াত এটা সৰু সমস্যা আছিল। দেৱীশাৰ পৰিয়ালে বহুদিনৰ পৰাই কামনা কৰিছিল যে তেওঁলোকৰ কন্যাৰ বিবাহ পৰম্পৰাগত দক্ষিণ ভাৰতীয় পদ্ধতিৰে হওক।

আনহাতে, সূৰ্য্যৰ পৰিয়ালৰ শিপা আছিল উত্তৰ প্ৰদেশত। কিন্তু প্ৰেমৰ স্বাৰ্থত এই বিষয়ত সূৰ্য্যই কুণ্ঠাবোধ কৰা নাছিল। ২০১৬ চনত পৰিয়াল আৰু বিশেষ বন্ধু-বান্ধৱীৰ উপস্থিতিত অনাড়ম্বৰভাৱে বিবাহপাশত আবদ্ধ হয় দম্পতীহালে।

যদিও দেৱীশা নিজে বাণিজ্য শাস্ত্ৰ অধ্যয়ন কৰিছিল, তথাপিও পেছাত এগৰাকী নৃত্যশিল্পী আৰু আধুনিক শৈলীৰ লগতে সমসাময়িক তথা দক্ষিণ ভাৰতীয় নৃত্যৰ সৈতেও সুপৰিচিত। এই কথা সূৰ্য কুমাৰ যাদৱে বহুত ভাল পাইছিল আৰু তেওঁ মৰমেৰে ডিঙিৰ ওচৰত পত্নীৰ এটা টাটুও কৰিছিল।

পিছত দেৱীশাই বাতৰি কাকতৰ সাক্ষাৎকাৰত দাবী কৰে যে বিয়াৰ সময়ত তেওঁ সূৰ্য্যক আগৰ দৰে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিবলৈ পৰামৰ্শ দিছিল।

সেই প্ৰতিশ্ৰুতি পালন কৰি সূৰ্যকুমাৰ যাদৱে নিজৰ কঠোৰ পৰিশ্ৰম, খাদ্যাভ্যাস আদি ইমান কঠোৰভাৱে আৰু অনুশাসনেৰে পালন কৰিছে যে তেওঁ আজি ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ টি-২০ তাৰকা হিচাপে পৰিগণিত হৈছে।

বলাৰৰ বাবে ত্ৰাসৰ কাৰণ সূৰ্য্যকুমাৰে নিজেই স্বীকাৰ কৰিছে যে প্ৰেমে তেওঁৰ কেৰিয়াৰত বহুখিনি সহায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু