--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ চকুৰ এটা চিনাকি ৰোগ হৈছে আচিনা বা আজিনা। আচিনাক ইংৰাজীত ষ্টায় (stye) বুলি কোৱা হয় । আচিনা হ’লে সাধাৰণতে চকুৰ নোমৰ ওচৰতে থকা গ্ৰন্থী ফুলি যায় বা সংক্ৰমণ হ’লে সেই ঠাইডোখৰ ফুলি যায়৷ এটা টেমুনা সদৃশ সৃষ্টি হয় যাক আচিনা বা আজিনা বুলি কোৱা হয়। এইয়া কোনো ডাঙৰ সমস্যা নহয়৷ সাধাৰণতে আচিনা বা আজিনা হলে ৫/৬ দিনৰ ভিতৰত ভাল হৈ যায়। অৱশ্যে যদি চকুটো ৰঙা পৰে, বিষ হয় বা ৫/৬ দিনতকৈ বেছি হৈ যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক।

আচিনা হ'লে সাধাৰণতে প্ৰাৰম্ভিক চিকিৎসা হিচাপে কুহুমীয়া গৰম পানীত এখন কাপোৰ তিয়াই সেই ঠাইডোখৰত সেক দিব পাৰে। কিন্তু সেই টেমুনাটো চেপিব নালাগে, চকুটো মোহাৰি দিব নালাগে। ৫/৬ দিনৰ ভিতৰত যদি আচিনা ভাল নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়’টিক, আই দ্ৰপ বা মলম আদি ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে।

ডায়েবেটিছ বা অন্য কিবা ৰোগ থকা কাৰোবাৰ আচিনা হ’লে খোৱা ঔষধো ব্যৱহাৰ কৰিবলগীয়া হয়। কেতিয়াবা চকুৰ পাৱাৰৰ কিবা অসুবিধা থাকিলে চকুৰ ব্লাৰনেছ বা অস্পষ্টতা দূৰ কৰিবলৈ চকুত হাত লগোৱা হয়। হাতত থকা বীজাণুৰ পৰাই বাৰে বাৰে চকুত আচিনা হ'ব পাৰে। আচিনা হ’লে কেতিয়াও চকুত ঠাণ্ডা পানী লগাব নালাগে।

বহুলোকে আচিনা ওলালে ফুলৰ পাহি তিয়াই তাৰ পানী চকুত দিয়া দেখা যায়। সেয়া আচলতে গ্ৰহণযোগ্য নহয়। এনে কৰিলে চকুৰ অনিষ্ট হে হ'ব পাৰে।

আচিনা কেনেকৈ নিৰ্মূল কৰিব পাৰি?

১) চাহত বেক্টেৰিয়া বিৰোধী গুণ থাকে। টি-বেগৰে গৰম চাহৰ ভাপো চকুত দিব পাৰে। ইয়াৰ ফলত চকুৰ ফুলা হ্ৰাস হোৱাৰ লগতে
সংক্ৰমণো কমিব।

২)এই সময়ত কোনো ধৰণৰ কনটেক্ট লেন্স ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে।

৩) চকুৰ পতাত বিশুদ্ধ কেষ্টৰ অইল লগাব পাৰে। ই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

৪) কোমল কাপোৰ এখন লৈ অলপ গৰম কৰি লাহে লাহে লগাই দিব লাগে। অতিমাত্ৰা গৰম হ’ব নালাগে। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা হ্ৰাস পায় আৰু গ্ৰন্থিৰ মুখত জমা হোৱা তেল শুকাবলৈ আৰম্ভ হয় লগতে বিষো সোনকালে কমি যায়।

৫) চকুত আজিনা হ’লে ভুলতো মেকআপ নকৰিব। ইয়াৰ ফলত আনটো চকুলৈ বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। আনহাতে মেকআপ কৰিলে সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?