--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ চকুৰ এটা চিনাকি ৰোগ হৈছে আচিনা বা আজিনা। আচিনাক ইংৰাজীত ষ্টায় (stye) বুলি কোৱা হয় । আচিনা হ’লে সাধাৰণতে চকুৰ নোমৰ ওচৰতে থকা গ্ৰন্থী ফুলি যায় বা সংক্ৰমণ হ’লে সেই ঠাইডোখৰ ফুলি যায়৷ এটা টেমুনা সদৃশ সৃষ্টি হয় যাক আচিনা বা আজিনা বুলি কোৱা হয়। এইয়া কোনো ডাঙৰ সমস্যা নহয়৷ সাধাৰণতে আচিনা বা আজিনা হলে ৫/৬ দিনৰ ভিতৰত ভাল হৈ যায়। অৱশ্যে যদি চকুটো ৰঙা পৰে, বিষ হয় বা ৫/৬ দিনতকৈ বেছি হৈ যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক।

আচিনা হ'লে সাধাৰণতে প্ৰাৰম্ভিক চিকিৎসা হিচাপে কুহুমীয়া গৰম পানীত এখন কাপোৰ তিয়াই সেই ঠাইডোখৰত সেক দিব পাৰে। কিন্তু সেই টেমুনাটো চেপিব নালাগে, চকুটো মোহাৰি দিব নালাগে। ৫/৬ দিনৰ ভিতৰত যদি আচিনা ভাল নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়’টিক, আই দ্ৰপ বা মলম আদি ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে।

ডায়েবেটিছ বা অন্য কিবা ৰোগ থকা কাৰোবাৰ আচিনা হ’লে খোৱা ঔষধো ব্যৱহাৰ কৰিবলগীয়া হয়। কেতিয়াবা চকুৰ পাৱাৰৰ কিবা অসুবিধা থাকিলে চকুৰ ব্লাৰনেছ বা অস্পষ্টতা দূৰ কৰিবলৈ চকুত হাত লগোৱা হয়। হাতত থকা বীজাণুৰ পৰাই বাৰে বাৰে চকুত আচিনা হ'ব পাৰে। আচিনা হ’লে কেতিয়াও চকুত ঠাণ্ডা পানী লগাব নালাগে।

বহুলোকে আচিনা ওলালে ফুলৰ পাহি তিয়াই তাৰ পানী চকুত দিয়া দেখা যায়। সেয়া আচলতে গ্ৰহণযোগ্য নহয়। এনে কৰিলে চকুৰ অনিষ্ট হে হ'ব পাৰে।

আচিনা কেনেকৈ নিৰ্মূল কৰিব পাৰি?

১) চাহত বেক্টেৰিয়া বিৰোধী গুণ থাকে। টি-বেগৰে গৰম চাহৰ ভাপো চকুত দিব পাৰে। ইয়াৰ ফলত চকুৰ ফুলা হ্ৰাস হোৱাৰ লগতে
সংক্ৰমণো কমিব।

২)এই সময়ত কোনো ধৰণৰ কনটেক্ট লেন্স ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে।

৩) চকুৰ পতাত বিশুদ্ধ কেষ্টৰ অইল লগাব পাৰে। ই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

৪) কোমল কাপোৰ এখন লৈ অলপ গৰম কৰি লাহে লাহে লগাই দিব লাগে। অতিমাত্ৰা গৰম হ’ব নালাগে। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা হ্ৰাস পায় আৰু গ্ৰন্থিৰ মুখত জমা হোৱা তেল শুকাবলৈ আৰম্ভ হয় লগতে বিষো সোনকালে কমি যায়।

৫) চকুত আজিনা হ’লে ভুলতো মেকআপ নকৰিব। ইয়াৰ ফলত আনটো চকুলৈ বেক্টেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। আনহাতে মেকআপ কৰিলে সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক