ডিজিটেল ডেস্ক: মাৰাথন দৌৰ সফলতাৰে শেষ কৰি হাতত বিজয়ৰ পদক তুলি লোৱাৰ পাছতে এজন যুৱকে সাবটিলে মৃত্যুক। আনন্দৰ সময় ক্ষন্তেকতে পৰিৱৰ্তিত হ’ল শোকৰ মুহূৰ্তলৈ। দৌৰৰ অন্তত পদক হাতত লোৱাৰ পাছতে মাটিত ঢলি পৰে যুৱকজন। হাৰ্ট এটেকত মৃত্যু ঘটে যুৱকজনৰ। ৩৬ বছৰীয়া যুৱকগৰাকী পেছাত আছিল এগৰাকী ছফ্টৱেৰ অভিযন্তা।
দেওবাৰে পুৱা হাইদৰাবাদৰ গাচিবৌলী ষ্টেডিয়ামত সংঘটিত হয় এই শোকাৱহ ঘটনা। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মৃত অভিযন্তাগৰাকী হৈছে মাণিকোণ্ডাৰ অলকাপুৰ কলনিৰ বাসিন্দা তথা IBMৰ কৰ্মচাৰী কমিনেনি গোপী।
প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱা ষ্টেডিয়ামখনত এন ই বিৰ দ্বাৰা আয়োজিত এক মাৰাথন প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰিছিল গোপীয়ে। অত্যন্ত নিষ্ঠা আৰু উদ্যমেৰে তেও নিৰ্ধাৰিত দৌৰ সফলতাৰে সম্পূৰ্ণ কৰে। দৌৰ শেষ কৰাৰ পিছত আয়োজকৰ তৰফৰ পৰা তেওঁক বিজয় পদক প্ৰদান কৰা হয়। কিন্তু এই সাফল্যৰ আনন্দ সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ নৌপাওতেই হঠাৎ মাটিত ঢলি পৰে গোপী।
ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে আয়োজক আৰু উপস্থিত লোকসকলে তেওঁক ততাতৈয়াকৈ এখন নিকটৱৰ্তী ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয় পোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পুৱা প্ৰায় ৮:৪৫ বজাত এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটে। চিকিৎসকে কমিনেনি গোপীয়ে হাৰ্ট এটেকত মৃত্যুক সাবটা বুলি জনায় চিকিৎসকে৷
এগৰাকী উদ্যমী যুৱকে নিজৰ ফিটনেছৰ প্ৰতি সচেতন হৈ মাৰাথন দৌৰত অংশগ্ৰহণ কৰি এনেদৰে অকালতে প্ৰাণ হেৰুৱা ঘটনাই তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।