--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৬৩ বছৰীয়া ডায়েনাই কোনো ধৰণৰ ভাৰোত্তোলন বা কোনো অগানুগতিক ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়া  নাছিল। বৰঞ্চ দীঘল নখৰ বাবেই শেহতীয়াকৈ তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ডায়েনাৰ নখৰ দীঘল ১,৩০৬.৫৮ চেণ্টিমিটাৰ (৪২ ফুট ১০.৪ ইঞ্চি)। এই জোখ-মাখ এই বছৰ অৰ্থাৎ ১৩ মাৰ্চ, ২০২২ তাৰিখে কৰা হৈছিল। শেহতীয়াকৈ তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা এই বিশ্ব অভিলেখৰ স্বীকৃতি লাভ কৰিছে।

 ডায়েনাৰ নখৰ দৈৰ্ঘ্য এখন সাধাৰণ হালধীয়া ৰঙৰ স্কুল বাছতকৈ দীঘল! বিগত ২৫ বছৰ ধৰি ডায়েনাই নখ কটা নাছিল। ১৯৯৭ চনত ডায়েনাই শেষবাৰৰ বাবে নখ কাটিছিল। তাৰ পাছত হঠাতে এদিন সিদ্ধান্ত ল’লে যে তেওঁ আৰু নখ নাকাটে। এই কথা শুনি তেওঁৰ পৰিয়ালৰ সদস্যসকল হতাশ হৈ পৰে। কিন্তু ডায়েনাৰ বিশ্ব অভিলেখৰ কথা তেওঁ কাকো কোৱা নাছিল।

 ডায়েনাই নিজৰ সকলো কাম স্বাভাৱিকতে কৰিব পাৰিছিল। সন্তান লালন-পালনৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া কৰা, বজাৰ কৰালৈকে সকলো কাম দীঘল নখৰে কৰিছিল। হাতেৰে যি কৰিব নোৱাৰে, সেই কাম ভৰিৰে কৰে। কিন্তু তেওঁৰ সন্তানে তেওঁক সকলো কামতে সহায় কৰে। ডায়ানাৰ নখ কটাৰ কোনো ইচ্ছাই নকৰিছিল। তেওঁ ২২ বছৰ ধৰি নিয়মিতভাৱে পাৰ্লাৰলৈ গৈ মেনিকিউৰ কৰিছিল। তেওঁৰ নখ ইমানেই দীঘল আছিল যে নখৰ বাবে ১৫ৰ পৰা ২০ বটল নেইলপালিছৰ প্ৰয়োজন হয়। অনেক ধৈর্য্য নিয়েই তিনি এই কাজটি করেন। তেওঁক এই কাম বাবে সন্তানৰ লগতে নাতি-নাতিনীয়েও সহায় কৰে।

 ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ গঢ়িছিল আমেৰিকাৰ মহিলা আয়ানা উইলিয়ামছে ১৮ ফুট ৮ ইঞ্চি দীঘল নখৰে। কিন্তু শেষত তেওঁ সেই নখ কাটি পেলাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক