--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৬৩ বছৰীয়া ডায়েনাই কোনো ধৰণৰ ভাৰোত্তোলন বা কোনো অগানুগতিক ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়া  নাছিল। বৰঞ্চ দীঘল নখৰ বাবেই শেহতীয়াকৈ তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ডায়েনাৰ নখৰ দীঘল ১,৩০৬.৫৮ চেণ্টিমিটাৰ (৪২ ফুট ১০.৪ ইঞ্চি)। এই জোখ-মাখ এই বছৰ অৰ্থাৎ ১৩ মাৰ্চ, ২০২২ তাৰিখে কৰা হৈছিল। শেহতীয়াকৈ তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰা এই বিশ্ব অভিলেখৰ স্বীকৃতি লাভ কৰিছে।

 ডায়েনাৰ নখৰ দৈৰ্ঘ্য এখন সাধাৰণ হালধীয়া ৰঙৰ স্কুল বাছতকৈ দীঘল! বিগত ২৫ বছৰ ধৰি ডায়েনাই নখ কটা নাছিল। ১৯৯৭ চনত ডায়েনাই শেষবাৰৰ বাবে নখ কাটিছিল। তাৰ পাছত হঠাতে এদিন সিদ্ধান্ত ল’লে যে তেওঁ আৰু নখ নাকাটে। এই কথা শুনি তেওঁৰ পৰিয়ালৰ সদস্যসকল হতাশ হৈ পৰে। কিন্তু ডায়েনাৰ বিশ্ব অভিলেখৰ কথা তেওঁ কাকো কোৱা নাছিল।

 ডায়েনাই নিজৰ সকলো কাম স্বাভাৱিকতে কৰিব পাৰিছিল। সন্তান লালন-পালনৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া কৰা, বজাৰ কৰালৈকে সকলো কাম দীঘল নখৰে কৰিছিল। হাতেৰে যি কৰিব নোৱাৰে, সেই কাম ভৰিৰে কৰে। কিন্তু তেওঁৰ সন্তানে তেওঁক সকলো কামতে সহায় কৰে। ডায়ানাৰ নখ কটাৰ কোনো ইচ্ছাই নকৰিছিল। তেওঁ ২২ বছৰ ধৰি নিয়মিতভাৱে পাৰ্লাৰলৈ গৈ মেনিকিউৰ কৰিছিল। তেওঁৰ নখ ইমানেই দীঘল আছিল যে নখৰ বাবে ১৫ৰ পৰা ২০ বটল নেইলপালিছৰ প্ৰয়োজন হয়। অনেক ধৈর্য্য নিয়েই তিনি এই কাজটি করেন। তেওঁক এই কাম বাবে সন্তানৰ লগতে নাতি-নাতিনীয়েও সহায় কৰে।

 ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ গঢ়িছিল আমেৰিকাৰ মহিলা আয়ানা উইলিয়ামছে ১৮ ফুট ৮ ইঞ্চি দীঘল নখৰে। কিন্তু শেষত তেওঁ সেই নখ কাটি পেলাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু