--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক মদ্যপান কৰিলে মানুহ মাতাল হয়৷ কিন্তু মৌজোল পান কৰিলেও মাতাল হোৱাৰ কথা কেতিয়াবা শুনিছেনে? হয়, মৌজোল পান কৰিলেও মদৰ দৰেই নিচা লাগে৷ নিচা লগোৱা এনে মৌজোল পোৱা যায় কেৱল নেপালত৷ হিমালয়ৰ পাদদেশত অৱস্থিত নেপালত পোৱা  এই মৌজোলক কোৱা হয় ’মেড হনি’৷ অর্থাৎ এই মৌজোল পান কৰিলে মানুহ ’পাগল ’হৈ পৰে, মাতাল হৈ পৰে৷

নেপালত পোৱা এনে মৌজোলৰ  ঔষধি গুণৰ বিষয়ে বহুতেই  জানে। এক নিচাযুক্ত সামগ্ৰী হিচাপে জনপ্ৰিয় মেড হনি  হাজাৰ হাজাৰ বছৰ ধৰি আছে দেশ খনত প্ৰচলন হৈ আছে। বেছি পৰিমাণত এনে মৌজোল পান কৰিলে  আনকি জীৱনৰ বাবে বিপদো নামি আহিব পাৰে৷ 

মেড হানিৰ ৰাসায়নিক নাম গ্ৰেনোটক্সিন।  নামটোৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াত বিষাক্ত পদাৰ্থ থাকে। এই গ্ৰেনোটক্সিন মুখ্যতঃ ৰডোডেনড্ৰন ফুলৰ মৌত থাকে। আন বহু পাহাৰীয়া ফুলো আছে য'ত এই বিষাক্ত উপাদান থাকে। যাক গ্ৰেনোটক্সিন বিষক্ৰিয়া বা ৰডোডেনড্ৰন বিষক্ৰিয়া বুলি কোৱা হয়।  সেইকাৰণে অত্যাধিক পৰিমাণত এনে মৌজোল  পান কৰাটো প্ৰাণঘাতী হ’ব পাৰে৷

এই মৌ অতিৰিক্ত পৰিমাণে খালে  বমি, মূৰ ঘূৰোৱা, শৰীৰ দুৰ্বল হোৱা, অস্বাভাৱিকভাৱে নিম্ন ৰক্তচাপ, পেশীৰ দুৰ্বলতা, অস্পষ্ট দৃষ্টিশক্তি, পাৰ্কিনছন-হোৱাইট-চিণ্ড্ৰোমও আদি হ'ব পাৰে। ইয়াৰ ফলত পক্ষাঘাতও হ'ব পাৰে। বিশেষজ্ঞৰ মতে অত্যাধিক মেড হনি সেৱন কৰিলে মৃত্যুও হ'ব পাৰে৷   মেড হনি হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল মৌজোলবোৰৰ ভিতৰৰে এবিধ। স্থানীয় লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যোৱা ১,০০০  বছৰে  ইয়াক পান কৰি আহিছে৷ 

নেপালৰ গুৰুং জনজাতিৰ প্ৰধান  জীৱিকা হ'ল পাহাৰৰ টিঙৰ পৰা এনে মৌজোল  সংগ্ৰহ কৰা আৰু ইয়াক স্থানীয় বজাৰত বিক্ৰী কৰা। আয়ুৰ্বেদ বিশেষজ্ঞসকলে চিকিৎসাৰ বাবে এনে মৌ ব্যৱহাৰ কৰে। বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যা, উচ্চ ৰক্তচাপ আৰু যৌন ৰোগৰ চিকিৎসাত 'বিষাক্ত' মৌ ব্যৱহাৰ কৰা হয়৷ আলচাৰৰ চিকিৎসাতো এনে মৌজোল ব্যৱহাৰ কৰা হয়  । 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক