--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক মদ্যপান কৰিলে মানুহ মাতাল হয়৷ কিন্তু মৌজোল পান কৰিলেও মাতাল হোৱাৰ কথা কেতিয়াবা শুনিছেনে? হয়, মৌজোল পান কৰিলেও মদৰ দৰেই নিচা লাগে৷ নিচা লগোৱা এনে মৌজোল পোৱা যায় কেৱল নেপালত৷ হিমালয়ৰ পাদদেশত অৱস্থিত নেপালত পোৱা  এই মৌজোলক কোৱা হয় ’মেড হনি’৷ অর্থাৎ এই মৌজোল পান কৰিলে মানুহ ’পাগল ’হৈ পৰে, মাতাল হৈ পৰে৷

নেপালত পোৱা এনে মৌজোলৰ  ঔষধি গুণৰ বিষয়ে বহুতেই  জানে। এক নিচাযুক্ত সামগ্ৰী হিচাপে জনপ্ৰিয় মেড হনি  হাজাৰ হাজাৰ বছৰ ধৰি আছে দেশ খনত প্ৰচলন হৈ আছে। বেছি পৰিমাণত এনে মৌজোল পান কৰিলে  আনকি জীৱনৰ বাবে বিপদো নামি আহিব পাৰে৷ 

মেড হানিৰ ৰাসায়নিক নাম গ্ৰেনোটক্সিন।  নামটোৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াত বিষাক্ত পদাৰ্থ থাকে। এই গ্ৰেনোটক্সিন মুখ্যতঃ ৰডোডেনড্ৰন ফুলৰ মৌত থাকে। আন বহু পাহাৰীয়া ফুলো আছে য'ত এই বিষাক্ত উপাদান থাকে। যাক গ্ৰেনোটক্সিন বিষক্ৰিয়া বা ৰডোডেনড্ৰন বিষক্ৰিয়া বুলি কোৱা হয়।  সেইকাৰণে অত্যাধিক পৰিমাণত এনে মৌজোল  পান কৰাটো প্ৰাণঘাতী হ’ব পাৰে৷

এই মৌ অতিৰিক্ত পৰিমাণে খালে  বমি, মূৰ ঘূৰোৱা, শৰীৰ দুৰ্বল হোৱা, অস্বাভাৱিকভাৱে নিম্ন ৰক্তচাপ, পেশীৰ দুৰ্বলতা, অস্পষ্ট দৃষ্টিশক্তি, পাৰ্কিনছন-হোৱাইট-চিণ্ড্ৰোমও আদি হ'ব পাৰে। ইয়াৰ ফলত পক্ষাঘাতও হ'ব পাৰে। বিশেষজ্ঞৰ মতে অত্যাধিক মেড হনি সেৱন কৰিলে মৃত্যুও হ'ব পাৰে৷   মেড হনি হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল মৌজোলবোৰৰ ভিতৰৰে এবিধ। স্থানীয় লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যোৱা ১,০০০  বছৰে  ইয়াক পান কৰি আহিছে৷ 

নেপালৰ গুৰুং জনজাতিৰ প্ৰধান  জীৱিকা হ'ল পাহাৰৰ টিঙৰ পৰা এনে মৌজোল  সংগ্ৰহ কৰা আৰু ইয়াক স্থানীয় বজাৰত বিক্ৰী কৰা। আয়ুৰ্বেদ বিশেষজ্ঞসকলে চিকিৎসাৰ বাবে এনে মৌ ব্যৱহাৰ কৰে। বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যা, উচ্চ ৰক্তচাপ আৰু যৌন ৰোগৰ চিকিৎসাত 'বিষাক্ত' মৌ ব্যৱহাৰ কৰা হয়৷ আলচাৰৰ চিকিৎসাতো এনে মৌজোল ব্যৱহাৰ কৰা হয়  । 





FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু