--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সাপৰ প্ৰতিশোধৰ বহু কাহিনী আপুনি নিশ্চয় শুনিছে কিন্তু কোনোবা মহিলাক বাৰে বাৰে বিষাক্ত সাপে দংশন কৰাৰ কথা শুনিছেনে? এক আচৰিত ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাক এবছৰত সাপে ১৩ বাৰকৈ দংশন কৰিলে তাৰপাছতো মহিলাগৰাকী বাচি আছে আৰু সুস্থভাৱেই জীৱন কটাই আছে। 

মধ্যপ্ৰদেশৰ মণ্ডলা জিলাৰ কোহকা গাঁৱত বাস কৰা এগৰাকী নাৰীৰ শত্ৰু হৈ পৰিছে সাপ। এই মহিলাগৰাকী য’লৈ যায়, ঘৰৰ ভিতৰত হওক বা বাহিৰত হওক, শুই থকাৰ সময়তেই হওক বা সাৰ পাই থকাৰ সময়তেই হওক, মহিলাগৰাকী যেতিয়াই অকলে থাকে তেতিয়াই সাপে আক্ৰমণ কৰে।

এই পৰ্যন্ত এবছৰৰ ভিতৰত মহিলাগৰাকীক ১৩ বাৰ সাপে আক্ৰমণ কৰিছে। প্ৰতিবাৰেই মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰে। মহিলাগৰাকীৰ নাম সাবিত্ৰী ডুবে, স্বামীৰ নাম প্ৰমোদ ডুবে।
news18
সাবিত্ৰীয়ে কয় যে মোক এবছৰৰ ভিতৰত ১৩ বাৰ বিষাক্ত সাপে দংশন কৰিলে। কোব্ৰা, ফেঁটী, শংখচূড়, গছ-গছনিত বাস কৰা সেউজীয়া সাপ আদি বিষাক্ত সাপে ১৩ বাৰকৈ খুঁটিলে। কেতিয়াবা আনকি মোক ৮ দিনৰ ভিতৰত দুবাৰকৈ সাপে দংশন কৰিছে কিন্তু সাপে দংশন কৰাৰ লগে লগে সময় নষ্ট নকৰাকৈয়ে মই হাস্পতাললৈ যাওঁ। য'ত ভাল চিকিৎসা পাওঁ। আৰু মই পৰিত্ৰাণ পাইছো।

সাবিত্ৰীয়ে লগতে কয় যে মই ঘৰতে পূজা-পাতল কৰো। ঈশ্বৰকো সদায় উপাসনা কৰো। মই সাপকো পূজা কৰো। কিন্তু তথাপিও মোক সাপে আক্ৰমণ কৰে। এতিয়া মোৰ লগতে ঘৰৰ মানুহৰ সন্দেহ হ’বলৈ আৰম্ভ কৰিছে যে কোনোবাই মোৰ ওপৰত ক’লা যাদু কৰিছে কিন্তু সদায় ঈশ্বৰক পূজা কৰি থাকো বাবে হয়তো মই বাচি গৈছো।
news18
উল্লেখ্য যে প্ৰতিবাৰেই সাপে সাবিত্ৰীক অকলে পোৱাৰ লগে লগে আক্ৰমণ কৰে। সেইবাবেই বৰ্তমান তেওঁৰ লগত কোনোবা বা নহয় কোনোবা এজন সদায় উপস্থিত থাকে।

হাজাৰ হাজাৰ জনসংখ্যা থকা কোহকা গাঁৱত বনজুইৰ দৰে বিয়পি পৰিছে এই খবৰ। এই গোটেই গাঁওখনতে সাপে কেতিয়াও কাকো দংশন কৰা নাই তাৰপাছতো সাবিত্ৰী ডুবে কিয় বাৰে বাৰে সাপৰ আক্ৰমণৰ বলি হৈছে তাৰ উত্তৰ বিচাৰি হায়ৰাণ হৈছে গাঁওবাসী।

ডাঃ বিজয় পাইগৱাৰে কয় যে এবছৰৰ ভিতৰত মহিলাগৰাকীক ১৩ বাৰ সাপে দংশন কৰিছে সেয়া একেবাৰে সত্য। প্ৰতিবাৰেই মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰে। এই ঘটনা সঁচাই আচৰিত। চিকিৎসা আৰু ভগৱানৰ কৃপাত তেওঁ বাৰে বাৰে বাচি গৈছে।

এতিয়া ভুক্তভোগীৰ পৰিয়ালে বিচাৰে যে এই মহিলাগৰাকীক কিয় সাপে বাৰে বাৰে দংশন কৰিছে সেই বিষয়ে কোনোবাই আহি  গৱেষণা কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী