--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী যাব বিচাৰিছিল মাতৃগৃহলৈ। স্বামীয়ে দিলে বাধা। সেই কথাতে পত্নীৰ ইমানেই খং উঠে যে তেওঁ স্বামীক আক্ৰমণ কৰে। এই আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে পত্নীয়ে পতিৰ চকু বাহিৰলৈ উলিয়াই আনে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ কন থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। চিকিৎসকৰ মতে  তেওঁ কেতিয়াও সেই চকুৰে আৰু দেখা নাপায়। বৰ্তমান পৰিয়ালৰ সদস্যৰ অভিযোগত আৰক্ষীয়ে পত্নীক জিম্মাত লৈছে।

কন থানা এলেকাৰ ৰামগড় নিবাসী ৱাৰিছ আলীৰ পুত্ৰ গুলাম ৰাব্বানীয়ে (৩৪) ঘৰতে জোতা আৰু চেণ্ডেলৰ দোকান চলাই আছে। ২০২০ চনত মাহুলীৰ বাসিন্দা অলকামা পাৰবীনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। পৰিয়ালৰ লোকে জনোৱা মতে, আলকামাই বহু দিন ধৰি মাতৃগৃহলৈ যাবলৈ বিচাৰিছিল। গুলামে এই কথা নাকচ কৰি আছিল।

শুকুৰবাৰে পুৱা দোকানখনত মাতৃৰ ঘৰলৈ যোৱাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। এই সময়ছোৱাত আলকামাই মাতৃগৃহলৈ যাবলৈ দোকানৰ পৰা টকা উলিয়াবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ স্বামী গুলাম ৰাব্বানীয়ে তেওঁক বাধা দিছিল। সেই সময়তে আলকামাই গুলাম ৰাব্বানীক লাঠিৰে আক্ৰমণ কৰে। এই আঘাতৰ বাবেই তেওঁৰ চকুটো আঘাতপ্ৰাপ্ত হয়, তাৰ পিছত অভিযোগ উঠিছে যে আলকামাই কেইবাবাৰো আঙুলি সোমোৱাই গুলামৰ চকু ঘুকুটিয়াই দিছিল যাৰ বাবে তেওঁৰ চকুৰ ছানিখন ওলাই আহি ওলমি আছিল।

পৰিয়ালে এই বিষয়ে আৰক্ষীক অৱগত কৰি তেজেৰে তিতি থকা গুলামক চি এইচ চিলৈ লৈ যায় আৰু তাৰ পৰা চিকিৎসকে তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াত ডাক্তৰে ক’লে যে গুলামৰ সোঁ চকুৰ এটা বৃহৎ অংশ ফাটি ওলাই আহিছে আৰু ছানিখন ওলমি আছে। এনে পৰিস্থিতিত তেওঁ আৰু কেতিয়াও সোঁ চকুৰে দেখা নাপাব।

ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আলকামাৰ পত্নীক জিম্মাত লয়। ভুক্তভোগী গুলাম ৰাব্বানীৰ পৰিয়ালৰ লোকে ব্যৱস্থা গ্ৰহণৰ দাবীত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত এছ অ’ প্ৰভাৰী ৰবীন্দ্ৰ প্ৰসাদ সিঙে কয় যে অভিযুক্ত পত্নী আলকামাৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগত গোচৰ ৰুজু কৰা হৈছে। আনহাতে মহিলাগৰাকীয়েও থানাত যৌতুক হাৰাশাস্তিৰ আবেদন দাখিল কৰিছে। সঠিক তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা