--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী যাব বিচাৰিছিল মাতৃগৃহলৈ। স্বামীয়ে দিলে বাধা। সেই কথাতে পত্নীৰ ইমানেই খং উঠে যে তেওঁ স্বামীক আক্ৰমণ কৰে। এই আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে পত্নীয়ে পতিৰ চকু বাহিৰলৈ উলিয়াই আনে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ কন থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। চিকিৎসকৰ মতে  তেওঁ কেতিয়াও সেই চকুৰে আৰু দেখা নাপায়। বৰ্তমান পৰিয়ালৰ সদস্যৰ অভিযোগত আৰক্ষীয়ে পত্নীক জিম্মাত লৈছে।

কন থানা এলেকাৰ ৰামগড় নিবাসী ৱাৰিছ আলীৰ পুত্ৰ গুলাম ৰাব্বানীয়ে (৩৪) ঘৰতে জোতা আৰু চেণ্ডেলৰ দোকান চলাই আছে। ২০২০ চনত মাহুলীৰ বাসিন্দা অলকামা পাৰবীনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। পৰিয়ালৰ লোকে জনোৱা মতে, আলকামাই বহু দিন ধৰি মাতৃগৃহলৈ যাবলৈ বিচাৰিছিল। গুলামে এই কথা নাকচ কৰি আছিল।

শুকুৰবাৰে পুৱা দোকানখনত মাতৃৰ ঘৰলৈ যোৱাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। এই সময়ছোৱাত আলকামাই মাতৃগৃহলৈ যাবলৈ দোকানৰ পৰা টকা উলিয়াবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ স্বামী গুলাম ৰাব্বানীয়ে তেওঁক বাধা দিছিল। সেই সময়তে আলকামাই গুলাম ৰাব্বানীক লাঠিৰে আক্ৰমণ কৰে। এই আঘাতৰ বাবেই তেওঁৰ চকুটো আঘাতপ্ৰাপ্ত হয়, তাৰ পিছত অভিযোগ উঠিছে যে আলকামাই কেইবাবাৰো আঙুলি সোমোৱাই গুলামৰ চকু ঘুকুটিয়াই দিছিল যাৰ বাবে তেওঁৰ চকুৰ ছানিখন ওলাই আহি ওলমি আছিল।

পৰিয়ালে এই বিষয়ে আৰক্ষীক অৱগত কৰি তেজেৰে তিতি থকা গুলামক চি এইচ চিলৈ লৈ যায় আৰু তাৰ পৰা চিকিৎসকে তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াত ডাক্তৰে ক’লে যে গুলামৰ সোঁ চকুৰ এটা বৃহৎ অংশ ফাটি ওলাই আহিছে আৰু ছানিখন ওলমি আছে। এনে পৰিস্থিতিত তেওঁ আৰু কেতিয়াও সোঁ চকুৰে দেখা নাপাব।

ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আলকামাৰ পত্নীক জিম্মাত লয়। ভুক্তভোগী গুলাম ৰাব্বানীৰ পৰিয়ালৰ লোকে ব্যৱস্থা গ্ৰহণৰ দাবীত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত এছ অ’ প্ৰভাৰী ৰবীন্দ্ৰ প্ৰসাদ সিঙে কয় যে অভিযুক্ত পত্নী আলকামাৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগত গোচৰ ৰুজু কৰা হৈছে। আনহাতে মহিলাগৰাকীয়েও থানাত যৌতুক হাৰাশাস্তিৰ আবেদন দাখিল কৰিছে। সঠিক তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক