--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল বৃদ্ধি আমাৰ শৰীৰৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰে কাৰণ ই উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হাৰ্ট এটেক, ডায়েবেটিছ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপদজনক ৰোগৰ জন্ম দিয়ে আৰু বহু অংগত অতি বেয়া প্ৰভাৱ পেলায়। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ সহায়ত বেয়া কলেষ্টেৰল কমাব পাৰি। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে আদাৰ ব্যৱহাৰে হাই কলেষ্টেৰল কমাব পাৰে কাৰণ ইয়াত ট্ৰাইগ্লিচাৰাইড আৰু লিপ’প্ৰটিন হ্ৰাস কৰাৰ গুণ আছে।

কলেষ্টেৰল হ্ৰাস কৰিবলৈ এনেধৰণেৰে আদা ব্যৱহাৰ কৰক

১) কেঁচা আদা সেৱনঃ পোনপটীয়াকৈ আদা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, যদি আপুনি বহুত তেলীয়া খাদ্য খাইছে তাৰপাছত কেঁচা আদা চোবাই খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা কম হয়।
 
২) আদাৰ গুড়িঃ  আদাৰ গুড়ি প্ৰস্তুত কৰিবলৈ এই মছলা কেইদিনমান ৰ’দত শুকুৱাই মিক্সাৰত পিহি গুড়ি প্ৰস্তুত কৰি লওক।ৰাতিপুৱা খালী পেটত পানীৰ লগত মিহলাই খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস হ’বলৈ আৰম্ভ কৰিব।

৩) আদাৰ পানীঃ  বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আদাৰ পানী অতি সহায়ক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে এক ইঞ্চি কটা আদা এগিলাচ গৰম পানীত প্ৰায় ১৫ মিনিট উতলাই তাৰ পিছত ষ্ট্ৰেইনাৰেৰে ফিল্টাৰ কৰি লওক। যদি আপুনি এই পানী খোৱাৰ পিছত পান কৰে তেন্তে ইয়াৰ পৰা আপোনাৰ শৰীৰে ৰস পাব যিটো সকলো দিশতে উপকাৰী হ’ব।

৪) আদা আৰু নেমু চাহঃ আপুনি হয়তো বহুবাৰ গাখীৰ, চাহপাত আৰু চেনিৰ সৈতে চাহ খাইছে, কিন্তু নেমু আৰু আদাৰে তৈয়াৰী চাহ এবাৰ নিশ্চয়কৈ খাই চাব লাগে। বিশেষকৈ যেতিয়া আপুনি বেছিকৈ তেল আৰু মছলা সেৱন কৰে তেতিয়া কেৱল নেমু-আদা চাহেই বেয়া কলেষ্টেৰল আৰু ইয়াৰ বেয়া প্ৰভাৱ কমাই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু