--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদালত কক্ষত তেতিয়া মানুহৰ ভিৰ৷ সকলোৱে সমবেত হৈছে দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ শুনানিৰ বাবে৷ হঠাতে আদালত কক্ষত শুনা গ’ল শ্ৰদ্ধা ৱাকাৰৰ কণ্ঠস্বৰ 'আফতাবে মোক মাৰি পেলাব'!দৰাচলতে শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ এটা অডিঅ' ক্লিপ পোহৰলৈ আহিছে। বিশেষ চৰকাৰী অধিবক্তা অমিত প্ৰসাদে শুনানিৰ বাবে  আদালতত হাজিৰ হৈছিল।

তেওঁ আদালতত শ্ৰদ্ধা ৱাকাৰৰ এটা অডিঅ' ক্লিপ শুনাইছিল। অডিঅ' ক্লিপটোৱে প্ৰমাণ কৰিছে যে শ্ৰদ্ধা আৰু আফতাবৰ সম্পৰ্ক কিমান তিক্ত আছিল।২৭ বছৰীয়া শ্ৰদ্ধা ৱাকাৰক তেওঁৰ লিভ-ইন সঙ্গী আফতাব পুনাৱালাই নিৰ্মমভাৱে হত্যা কৰিছিল। এইবাৰ চৰকাৰী অধিবক্তাই দিল্লীৰ আদালতত শ্ৰদ্ধাৰ অডিঅ' ক্লিপটো উপস্থাপন কৰে৷ অডিঅ' ক্লিপটো প্ৰক্টো এপৰ জৰিয়তে পোৱা গৈছে। 

দৰাচলতে সেই এপটোৰ জৰিয়তে শ্ৰদ্ধাই  এজন মনোবিজ্ঞানীৰ সৈতে যোগাযোগ কৰিছিল। শ্ৰদ্ধাক কোৱা শুনা যায়, "তেওঁ এই চহৰৰ য'তেই নাথাকক... তেওঁ মোক বিচাৰি পাব আৰু মোক হত্যা কৰিবলৈ চেষ্টা কৰিব। এইটোৱেই সমস্যা...মই নাজানো তেওঁ মোক কিমানবাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল... এইটো প্ৰথম বাৰৰ বাবে নহয় যে তেওঁ মোৰ ডিঙিত চেঁপা মাৰি ধৰিছিল ,  মই  চকুৰে অন্ধকাৰ দেখিছিলোঁ। মই ৩০ ছেকেণ্ডৰ বাবে উশাহ ল'ব পৰা নাছিলো।  তেতিয়া মই তেওঁৰ চুলিত টানিছিলোঁ আৰু কেনেবাকৈ নিজকে বচাবলৈ সক্ষম হৈছিলো।’’  আদালতত শুনোৱা অডিঅ' ক্লিপটোত শ্ৰদ্ধাই এনেদৰে কোৱা শুনা গৈছে৷ 

অভিযোগ অনুসৰি আফতাবে ১৮  মে'ত শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁৰ শৰীৰটো টুকুৰা টুকুৰ কৰা হৈছিল। সেই টুকুৰাবোৰ  দক্ষিণ দিল্লীৰ ফ্লেটৰ এটা ৰেফ্ৰিজেৰেটৰত ভৰাই ৰখা হৈছিল। পিছত আফটাবে শ্ৰদ্ধাৰ শৰীৰৰ অংশবোৰ দিল্লীৰ বিভিন্ন ঠাইত পেলাই দিছিল। ইফালে, সোমবাৰে শ্ৰদ্ধাৰ পিতৃ বিকাশ ৱাকাৰে আদালতক কয় যে হত্যাৰ গোচৰৰ বিচাৰ  ফাষ্ট ট্ৰেক আদালতত কৰা উচিত। তেওঁৰ অধিবক্তা সীমা খুচাৱালাই কয়, "মই শীঘ্ৰেই দিল্লী উচ্চ ন্যায়ালয়ত বিষয়টো ফাষ্ট ট্ৰেক আদালতত কৰাৰ  বাবে এখন আবেদন দাখিল কৰিম।

ইফালে, শ্ৰদ্ধাৰ দেউতাকে কৈছে যে তেওঁ এতিয়ালৈকে তেওঁৰ কন্যাৰ  মৃতদেহৰ টুকুৰাবোৰ পোৱা নাই। কাৰণ তেওঁলোকক সেইবোৰ আৰক্ষীয়ে প্ৰমাণ হিচাপে ৰাখি থৈ দিছে। সেইকাৰণে শ্ৰদ্ধাৰ পিতৃয়ে কন্যাৰ  শেষকৃত্য কৰিব পৰা নাই। ইফালে শ্ৰদ্ধাৰ দেউতাকে আদালতত কন্যাৰ মাত শুনাৰ লগে লগে কঁপিবলৈ ধৰে। তেওঁ আৱেগ আৰু দুখত থিয় হ'ব নোৱাৰা হৈ পৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক