ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক কালি চুৰাটৰ এখন আদালতে মোদী মন্তব্যৰ বাবে দোষি সাৱস্ত্য কৰি দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতে ৰাহুল গান্ধীয়ে নিজকে স্বাভাৱিক কৰি ৰাখিছিল৷ তেওঁ মুঠেও ভাগি পৰা নাছিল৷ ইয়াৰ বিপৰীতে আদালতৰ ৰায়ৰ পিছতে ৰাহুলে স্থানীয় ৰেষ্টুৰেণ্ট এখনলৈ গৈ পেট পূৰাই মিঠা আৰু টেঙা সোৱাদযুক্ত গুজৰাটী ব্যঞ্জনৰ সোৱাদ লৈছিল৷
তেওঁ সেইদিনাই গুজৰাটী সংস্কৃতি আৰু ৰন্ধনপ্ৰণালীৰ প্ৰশংসাও কৰিছিল। চুৰাটৰ আদালতে 'মোদী উপাধি' গোচৰত শাস্তি বিহাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ দলৰ নেতাসকলক আকৌ এবাৰ আচৰিত কৰি তোলে। তেওঁ আদালতৰ পৰা ওলাই আহি স্থানীয় ৰেষ্টুৰেণ্ট এখনলৈ যায় ৰাহুল৷ কোনো পাঁচতাৰকা হোটেললৈ যোৱাৰ সলনি ৰাহুলে চুৰাটৰ শাশু মা হোটেললৈ যায় আৰু আহাৰ গ্ৰহণ কৰে৷
তাত তেওঁ গুজৰাটী ভাকৰি, জিৰা আৰু ঘিউৰ সৈতে সোৱাদযুক্ত পিঠা বিচাৰি খাইছিল। কেৱল এয়াই নহয় তেওঁ কেইবা কাপ টুভাৰ আৰু মাহজাতীয় শস্য গ্ৰহণ কৰিছিল৷ আহাৰৰ পিছত তেওঁ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে ফটো উঠিছিল। হোটেলৰ স্বত্বাধিকাৰী সঞ্জয় গাজেৰাই কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী তেওঁৰ হোটেললৈ খাদ্য গ্ৰহণ কৰিবলৈ অহাত তেওঁ অতি সুখী৷