--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজিৰ দিনটোত দেশত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে আজি  লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 

অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।  অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত অযোগ্য ঘোষণা কৰাসকলৰ ভিতৰত ৰাহুল গান্ধীয়েই প্ৰথম নহয়।  

ইয়াৰ পূৰ্বেও আন বহু  সাংসদ আৰু বিধায়ক এনে শাস্তিৰ সন্মুখীন হৈছে।  আহক চাওঁ কোন কোন ৰাজনীতিকৰ বিৰুদ্ধে এনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল- 

 জয়ললিতাঃ প্ৰয়াত ৰাজনীতিক তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতা ৬৬ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বিধায়ক হিচাপে তেওঁক  অযোগ্য ঘোষণা কৰা হৈছিল। বাংগালুৰুৰ আদালতে ২০১৪ চনত তেওঁক  চাৰি বছৰৰ কাৰাদণ্ড বিহিছিল আৰু তেওঁৰ ওপৰত ১০০  কোটি টকাৰ জৰিমনা বিহিছিল। 

লালু প্ৰসাদ যাদৱঃ পশু খাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে অযোগ্য ঘোষিত হৈছিল আৰজেডিৰ মুৰব্বী  লালুপ্ৰসাদ যাদৱে। তেওঁৰ  লোকসভাৰ সাংসদ পদ কৰ্তন হৈছিল। পশুখাদ্য কেলেংকাৰীত ৯৭০ কোটি টকা আত্মসাৎ কৰাৰ বাবে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ড বিহা  হৈছিল।

ৰছিদ মাছুদঃ উচ্চতম ন্যায়ালয়ৰ ২০১৩ চনৰ নিৰ্দেশৰ পিছত দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ভিত্তিত অযোগ্য ঘোষণা কৰা কংগ্ৰেছৰ ৰছিদ মাছুদ প্ৰথম জন সাংসদ আছিল। তেওঁক এমবিবিএছ আসন কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছিল। অভিযোগ অনুসৰি   তেওঁ এমবিবিএছৰ আসনৰ বাবে 'অযোগ্য' প্ৰাৰ্থী মনোনীত কৰিছিল। মাছুদক ৪ বছৰৰ কাৰাদণ্ড বিহা  হৈছিল। 

আজম খানঃ সমাজবাদী পাৰ্টিৰ বিধায়ক আজম খানক ২০১৯ চনত যোগী আদিত্যনাথৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ  পিছত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। গোচৰটোত তেওঁক ৩ বছৰৰ কাৰাদণ্ডও বিহা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু