--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজিৰ দিনটোত দেশত আটাইতকৈ চৰ্চিত বিষয়টোৱেই হৈছে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে আজি  লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 

অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।  অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত অযোগ্য ঘোষণা কৰাসকলৰ ভিতৰত ৰাহুল গান্ধীয়েই প্ৰথম নহয়।  

ইয়াৰ পূৰ্বেও আন বহু  সাংসদ আৰু বিধায়ক এনে শাস্তিৰ সন্মুখীন হৈছে।  আহক চাওঁ কোন কোন ৰাজনীতিকৰ বিৰুদ্ধে এনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল- 

 জয়ললিতাঃ প্ৰয়াত ৰাজনীতিক তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতা ৬৬ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বিধায়ক হিচাপে তেওঁক  অযোগ্য ঘোষণা কৰা হৈছিল। বাংগালুৰুৰ আদালতে ২০১৪ চনত তেওঁক  চাৰি বছৰৰ কাৰাদণ্ড বিহিছিল আৰু তেওঁৰ ওপৰত ১০০  কোটি টকাৰ জৰিমনা বিহিছিল। 

লালু প্ৰসাদ যাদৱঃ পশু খাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে অযোগ্য ঘোষিত হৈছিল আৰজেডিৰ মুৰব্বী  লালুপ্ৰসাদ যাদৱে। তেওঁৰ  লোকসভাৰ সাংসদ পদ কৰ্তন হৈছিল। পশুখাদ্য কেলেংকাৰীত ৯৭০ কোটি টকা আত্মসাৎ কৰাৰ বাবে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ড বিহা  হৈছিল।

ৰছিদ মাছুদঃ উচ্চতম ন্যায়ালয়ৰ ২০১৩ চনৰ নিৰ্দেশৰ পিছত দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ভিত্তিত অযোগ্য ঘোষণা কৰা কংগ্ৰেছৰ ৰছিদ মাছুদ প্ৰথম জন সাংসদ আছিল। তেওঁক এমবিবিএছ আসন কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছিল। অভিযোগ অনুসৰি   তেওঁ এমবিবিএছৰ আসনৰ বাবে 'অযোগ্য' প্ৰাৰ্থী মনোনীত কৰিছিল। মাছুদক ৪ বছৰৰ কাৰাদণ্ড বিহা  হৈছিল। 

আজম খানঃ সমাজবাদী পাৰ্টিৰ বিধায়ক আজম খানক ২০১৯ চনত যোগী আদিত্যনাথৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ  পিছত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। গোচৰটোত তেওঁক ৩ বছৰৰ কাৰাদণ্ডও বিহা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক