--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে পুনৰ বিদেশ ভ্ৰমণ কৰিব। সাংসদৰ পদটো কেইদিনমান আগতে নাকচ হোৱাৰ পিছতে ৰাহুল গান্ধীৰ পাছপোৰ্ট খনো নাকচ হৈছিল। কিন্তু শেহতীয়াকৈ আদালতে ৰাহুল গান্ধীক তিনি বছৰৰ বাবে সাধাৰণ পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিছে।

উল্লেখ্য আদালতৰ এনে অনুমতিৰ পিছতে সাংসদ পদ কৰ্তনৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিব।  মন কৰিব পাৰি যে ৰাহুলৰ ওচৰত  কূটনীতিবিদৰ পাছপোৰ্ট আছিল , কিয়নো তেওঁ ইমান দিন ধৰি এজন সাংসদ আছিল। অৱশ্যে   সাংসদ পদ কৰ্তনৰ পিছত ৰাহুলে সেই পাছপোৰ্টত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ।

দুদিন পূৰ্বে   দিল্লীৰ এখন আদালতে ৰাহুলৰ পাছপোৰ্ট আবেদন গ্ৰাহ্য কৰি তেওঁক সাধাৰণ পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিছিল।  ৰাহুল গান্ধীয়ে আজি সন্ধিয়া চান ফ্ৰান্সিস্কোলৈ ৰাওনা হোৱাৰ কথা আছে। তেওঁ এই ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ  তিনিখন চহৰ ভ্ৰমণ কৰিব। ৰাহুলে সেই চহৰসমূহত বাস কৰা  ভাৰতীয় বংশোদ্ভূত বাসিন্দাসকলৰ সৈতেও বাৰ্তালাপ কৰিব।

উল্লেখ্য  মাৰ্চ মাহত ৰাহুল গান্ধীৰ  সাংসদ পদ বাতিল  কৰা হৈছিল। চুৰাট আদালতে তেওঁক 'মোদী উপাধি'ৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহাৰ  পিছত তেওঁক সংসদৰ পৰা  বৰ্খাস্ত কৰা হৈছিল। ৰাহুল গান্ধীয়ে সেয়ে পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে সাধাৰণ নাগৰিক হিচাপে বিদেশ ভ্ৰমণ কৰিব। ৰাহুল গান্ধীয়ে ১০  বছৰৰ বাবে সাধাৰণ পাছপোৰ্ট বিচাৰি দিল্লীৰ এখন আদালতত আবেদন কৰিছিল। 

আদালতে তেওঁক তিনি বছৰৰ সাধাৰণ পাছপোৰ্ট জাৰী কৰিবলৈ নিৰ্দেশ দিছিল। দেওবাৰে, পাছপোৰ্ট কাৰ্যালয়ে ৰাহুলক জনাইছিল যে সেইদিনাই তেওঁৰ পাছপোৰ্ট জাৰি কৰা হ'ব। পিছত আবেলি ৰাহুলে তেওঁৰ নতুন সাধাৰণ পাছপোৰ্ট লাভ কৰিছিল।আগতে নেচনেল হেৰাল্ড বিষয়ত  গোচৰ ৰুজু কৰা সুব্ৰমনিয়াম স্বামীয়ে ৰাহুল গান্ধীৰ পাছপোৰ্ট জাৰি কৰাৰ বিৰোধিতা কৰিছিল। অৱশ্যে শেষত আদালতে ৰাহুলকপাছপোৰ্ট জাৰি কৰিব লাগে বুলি ৰায় দিয়ে। আদালতে লক্ষ্য কৰিছিল যে ৰাহুল গান্ধীয়ে  নেচনেল হেৰাল্ড গোচৰত সোধা-পোছাৰ বাবে নিজে বা তেওঁৰ উকীলৰ জৰিয়তে অনুসন্ধানকাৰীসকলৰ সন্মুখত হাজিৰ হৈ আহিছে। 

তেওঁ এই অনুসন্ধানৰ প্ৰক্ৰিয়াটোত বাধা দিয়া নাই বা তদন্তত পলম কৰাৰো চেষ্টা কৰা নাই। সেয়ে তেওঁক পাছপোৰ্ট দিব পাৰি বুলি আদালতে কৈছিল।ইফালে  আজি সন্ধিয়া  ৰাহুল গান্ধীয়ে প্ৰথমে চান ফ্ৰান্সিস্কোত উপস্থিত হ'ব। বিখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত তেওঁৰ কেইবাটাও কাৰ্যসূচী আছে। গান্ধীয়ে নিউয়ৰ্ক ভ্ৰমণ কৰিব আৰু ভ্ৰমণৰ সময়ত ৱাল ষ্ট্ৰীটৰ কেইবাজনো বিষয়াক লগ কৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস