--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে পুনৰ বিদেশ ভ্ৰমণ কৰিব। সাংসদৰ পদটো কেইদিনমান আগতে নাকচ হোৱাৰ পিছতে ৰাহুল গান্ধীৰ পাছপোৰ্ট খনো নাকচ হৈছিল। কিন্তু শেহতীয়াকৈ আদালতে ৰাহুল গান্ধীক তিনি বছৰৰ বাবে সাধাৰণ পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিছে।

উল্লেখ্য আদালতৰ এনে অনুমতিৰ পিছতে সাংসদ পদ কৰ্তনৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিব।  মন কৰিব পাৰি যে ৰাহুলৰ ওচৰত  কূটনীতিবিদৰ পাছপোৰ্ট আছিল , কিয়নো তেওঁ ইমান দিন ধৰি এজন সাংসদ আছিল। অৱশ্যে   সাংসদ পদ কৰ্তনৰ পিছত ৰাহুলে সেই পাছপোৰ্টত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ।

দুদিন পূৰ্বে   দিল্লীৰ এখন আদালতে ৰাহুলৰ পাছপোৰ্ট আবেদন গ্ৰাহ্য কৰি তেওঁক সাধাৰণ পাছপোৰ্ট ব্যৱহাৰৰ অনুমতি দিছিল।  ৰাহুল গান্ধীয়ে আজি সন্ধিয়া চান ফ্ৰান্সিস্কোলৈ ৰাওনা হোৱাৰ কথা আছে। তেওঁ এই ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ  তিনিখন চহৰ ভ্ৰমণ কৰিব। ৰাহুলে সেই চহৰসমূহত বাস কৰা  ভাৰতীয় বংশোদ্ভূত বাসিন্দাসকলৰ সৈতেও বাৰ্তালাপ কৰিব।

উল্লেখ্য  মাৰ্চ মাহত ৰাহুল গান্ধীৰ  সাংসদ পদ বাতিল  কৰা হৈছিল। চুৰাট আদালতে তেওঁক 'মোদী উপাধি'ৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহাৰ  পিছত তেওঁক সংসদৰ পৰা  বৰ্খাস্ত কৰা হৈছিল। ৰাহুল গান্ধীয়ে সেয়ে পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে সাধাৰণ নাগৰিক হিচাপে বিদেশ ভ্ৰমণ কৰিব। ৰাহুল গান্ধীয়ে ১০  বছৰৰ বাবে সাধাৰণ পাছপোৰ্ট বিচাৰি দিল্লীৰ এখন আদালতত আবেদন কৰিছিল। 

আদালতে তেওঁক তিনি বছৰৰ সাধাৰণ পাছপোৰ্ট জাৰী কৰিবলৈ নিৰ্দেশ দিছিল। দেওবাৰে, পাছপোৰ্ট কাৰ্যালয়ে ৰাহুলক জনাইছিল যে সেইদিনাই তেওঁৰ পাছপোৰ্ট জাৰি কৰা হ'ব। পিছত আবেলি ৰাহুলে তেওঁৰ নতুন সাধাৰণ পাছপোৰ্ট লাভ কৰিছিল।আগতে নেচনেল হেৰাল্ড বিষয়ত  গোচৰ ৰুজু কৰা সুব্ৰমনিয়াম স্বামীয়ে ৰাহুল গান্ধীৰ পাছপোৰ্ট জাৰি কৰাৰ বিৰোধিতা কৰিছিল। অৱশ্যে শেষত আদালতে ৰাহুলকপাছপোৰ্ট জাৰি কৰিব লাগে বুলি ৰায় দিয়ে। আদালতে লক্ষ্য কৰিছিল যে ৰাহুল গান্ধীয়ে  নেচনেল হেৰাল্ড গোচৰত সোধা-পোছাৰ বাবে নিজে বা তেওঁৰ উকীলৰ জৰিয়তে অনুসন্ধানকাৰীসকলৰ সন্মুখত হাজিৰ হৈ আহিছে। 

তেওঁ এই অনুসন্ধানৰ প্ৰক্ৰিয়াটোত বাধা দিয়া নাই বা তদন্তত পলম কৰাৰো চেষ্টা কৰা নাই। সেয়ে তেওঁক পাছপোৰ্ট দিব পাৰি বুলি আদালতে কৈছিল।ইফালে  আজি সন্ধিয়া  ৰাহুল গান্ধীয়ে প্ৰথমে চান ফ্ৰান্সিস্কোত উপস্থিত হ'ব। বিখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত তেওঁৰ কেইবাটাও কাৰ্যসূচী আছে। গান্ধীয়ে নিউয়ৰ্ক ভ্ৰমণ কৰিব আৰু ভ্ৰমণৰ সময়ত ৱাল ষ্ট্ৰীটৰ কেইবাজনো বিষয়াক লগ কৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ