--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান পৰিয়ালৰ পৰা হিন্দু পৰিয়াললৈ বিয়া হৈ অহা মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে বজাৰ কৰিবলৈ বুলি উলাই গৈছিল। আৰু তাতেই হিন্দু যুৱকৰ সৈতে বিয়া হোৱাৰ অপৰাধত মহিলাগৰাকীক প্ৰহাৰ কৰে কেইগৰাকীমান মৌলবাদী মুছলমান ব্যক্তিয়ে। উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হৈছে এই ঘটনা৷। 

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে ২০২৩ চনৰ ২২ মে’ত এজন লোক নিজৰ পত্নীৰ সৈতে বজাৰলৈ আহিছিল। তাত এদল মুছলমান যুৱকে তেওঁলোকৰ বাট আগুচি ধৰে আৰু মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। অশেষ চেষ্টাৰ পিছতো মহিলাগৰাকীক আততায়ীৰ প্ৰহাৰৰ পৰা স্বামীয় ৰক্ষা কৰিব নোৱাৰিলে।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন চিকিৎসালয়ত কাম কৰে। কিছুদিন পূৰ্বে স্বামীৰ সৈতে দুয়োৰে আইনী বিবাহ সম্পন্ন হৈছিল। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক