--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে উত্তৰ প্ৰদেশৰ পৰা অপৰাধৰ গোচৰ চৰ্চালৈ আহে, কিন্তু শুকুৰবাৰে অৰ্থাৎ কালি এনে এটা গোচৰ চৰ্চালৈ আহিছিল যিয়ে সকলোকে আচৰিত কৰি তুলিছিল। কালি উত্তৰ প্ৰদেশৰ আলিগড়ৰ এজন ব্যক্তিক আলুৰ পৰাঠাৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই হত্যাৰ অভিযোগ আন কাৰো ওপৰত নহয় মৃতকৰ পত্নীৰ ওপৰত।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে লক্ষ্মণ নামৰ এজন যুৱকৰ পত্নীৰ সৈতে কাজিয়া হৈছিল। জানিব পৰা মতে যে লক্ষ্মণে পত্নীক খাবলৈ আলুৰ পৰাঠা বনাবলৈ কৈছিল , যাৰ বাবে দুয়োৰে মাজত বিবাদ হৈছিল। সৰু কথা এটাত এই বিবাদ ইমানেই বাঢ়ি গ’ল যে দুয়ো ঘৰৰ পৰা ওলাই গ’ল। ইয়াৰ পাছত কি হ’ল সেয়া বৰ আচৰিত আছিল।

লক্ষ্মণে সাত বছৰ পূৰ্বে বুলন্দশ্বহৰত বাস কৰা এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিছুদিনৰ পৰা মত অমিলৰ বাবে দুয়োৰে মাজত আৰম্ভ হৈছিল অশান্তি। কালিও দুয়োৰে মাজত হোৱা বিবাদৰ আৰম্ভ হৈছিল পৰঠাৰ পৰা। কিছু সময়ৰ পাছতে চিভিল লাইনত অৱস্থিত ৰে’লপথত উদ্ধাৰ হয় লক্ষ্মণৰ মৃতদেহ। ইয়াৰ পিছতে লক্ষ্মণৰ পৰিয়ালৰ লোকে তেওঁৰ পত্নীক আৰক্ষীক গতাই দিয়ে। লক্ষ্মণৰ পত্নী আৰু স্বামীৰ ভাতৃৰ মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ লক্ষ্মণৰ পৰিয়ালৰ। আনহাতে, আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

আত্মীয়ই জনোৱা মতে, বৃহস্পতিবাৰে নিশা স্বামীয়ে পত্নীক ৰাতিৰ আহাৰত আলুৰ পৰাঠা বিচাৰিছিল। এই কথাই পত্নীক ক্ষুব্ধ কৰি স্বামীক গালি-গালাজ কৰিবলৈ ধৰিলে, তাৰ পিছত স্বামী ওলাই গ’ল যদিও তাতেই তেওঁক হত্যা কৰা হ’ল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু