--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে উত্তৰ প্ৰদেশৰ পৰা অপৰাধৰ গোচৰ চৰ্চালৈ আহে, কিন্তু শুকুৰবাৰে অৰ্থাৎ কালি এনে এটা গোচৰ চৰ্চালৈ আহিছিল যিয়ে সকলোকে আচৰিত কৰি তুলিছিল। কালি উত্তৰ প্ৰদেশৰ আলিগড়ৰ এজন ব্যক্তিক আলুৰ পৰাঠাৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই হত্যাৰ অভিযোগ আন কাৰো ওপৰত নহয় মৃতকৰ পত্নীৰ ওপৰত।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে লক্ষ্মণ নামৰ এজন যুৱকৰ পত্নীৰ সৈতে কাজিয়া হৈছিল। জানিব পৰা মতে যে লক্ষ্মণে পত্নীক খাবলৈ আলুৰ পৰাঠা বনাবলৈ কৈছিল , যাৰ বাবে দুয়োৰে মাজত বিবাদ হৈছিল। সৰু কথা এটাত এই বিবাদ ইমানেই বাঢ়ি গ’ল যে দুয়ো ঘৰৰ পৰা ওলাই গ’ল। ইয়াৰ পাছত কি হ’ল সেয়া বৰ আচৰিত আছিল।

লক্ষ্মণে সাত বছৰ পূৰ্বে বুলন্দশ্বহৰত বাস কৰা এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিছুদিনৰ পৰা মত অমিলৰ বাবে দুয়োৰে মাজত আৰম্ভ হৈছিল অশান্তি। কালিও দুয়োৰে মাজত হোৱা বিবাদৰ আৰম্ভ হৈছিল পৰঠাৰ পৰা। কিছু সময়ৰ পাছতে চিভিল লাইনত অৱস্থিত ৰে’লপথত উদ্ধাৰ হয় লক্ষ্মণৰ মৃতদেহ। ইয়াৰ পিছতে লক্ষ্মণৰ পৰিয়ালৰ লোকে তেওঁৰ পত্নীক আৰক্ষীক গতাই দিয়ে। লক্ষ্মণৰ পত্নী আৰু স্বামীৰ ভাতৃৰ মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ লক্ষ্মণৰ পৰিয়ালৰ। আনহাতে, আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

আত্মীয়ই জনোৱা মতে, বৃহস্পতিবাৰে নিশা স্বামীয়ে পত্নীক ৰাতিৰ আহাৰত আলুৰ পৰাঠা বিচাৰিছিল। এই কথাই পত্নীক ক্ষুব্ধ কৰি স্বামীক গালি-গালাজ কৰিবলৈ ধৰিলে, তাৰ পিছত স্বামী ওলাই গ’ল যদিও তাতেই তেওঁক হত্যা কৰা হ’ল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক