--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানীৰ পিছত এইবাৰ আন এটা বিনিয়োগ সংস্থাৰ ওপৰত চকু পৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে। তেওঁলোকে আমেৰিকাৰ 'আইকান এণ্টাৰপ্ৰাইজ’ৰ বিনিয়োগ আৰু লেনদেনৰ ওপৰত চকু ৰাখিছে। ৰিগিঙৰ অভিযোগো উত্থাপন কৰা হৈছে।

ইকান এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ জালিয়াতিৰ অভিযোগ মঙলবাৰে ৰাজহুৱা কৰা হয়। এই আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ পৰৱৰ্তী ‘লক্ষ্য’ হৈছে ইকান।

কাৰ্ল ইকান হৈছে ইকান এণ্টাৰপ্ৰাইজৰ চিইঅ’। তেওঁ ফ্ল’ৰিডাৰ বাসিন্দা। তেওঁ আমেৰিকাৰ অন্যতম ধনী উদ্যোগপতি আৰু বিনিয়োগকাৰী। তেওঁৰ কোম্পানীটোৱে একাধিক উদ্যোগত বিনিয়োগ কৰিছে।

হিণ্ডেনবাৰ্গে অভিযোগ কৰে যে ইকানে তেওঁৰ কোম্পানীটোৰ সম্পত্তি কমেও ৭৫ শতাংশ বৃদ্ধি কৰিলে। এইদৰে তেওঁলোকে শ্বেয়াৰ বজাৰত মূল্য বৃদ্ধি কৰিছে। প্ৰৱঞ্চনাৰ জৰিয়তে ইকান ধনী হৈ পৰিল।

ইকান এণ্টাৰপ্ৰাইজৰ বিনিয়োগৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু নথি-পত্ৰৰ উদ্ধৃতি দিহিণ্ডেনবাৰ্গে দাবী কৰে যে ইকানে ২১৮ শতাংশ প্ৰিমিয়ামত ব্যৱসায় কৰে, যিটো আন সকলো কোম্পানীতকৈ বহু বেছি।

হিণ্ডেনবাৰ্গে আৰু দাবী কৰে যে তেওঁলোকৰ অভিযোগৰ বিশদ প্ৰমাণ আছে। এই অভিযোগ যদি প্ৰমাণিত হয় তেন্তে এইটোৱেই শেহতীয়া সময়ত আটাইতকৈ ডাঙৰ আৰ্থিক দুৰ্নীতি হিচাপে বিবেচিত হ’ব।

হিণ্ডেনবাৰ্গৰ মতে, ইকানৰ সংস্থাটোৱে এক বিশেষ অৰ্থনৈতিক আন্তঃগাঁথনিৰ কাম কৰি আছে। তেওঁলোকে নিজৰ ইউনিট নতুন বিনিয়োগকাৰীক বিক্ৰী কৰি আছে। তাৰ পৰা টকা লৈ পুৰণি বিনিয়োগকাৰীক লভ্যাংশ দিছে। এইদৰেই লাভজনক ব্যৱসায় চলি আছে।

ইকান এণ্টাৰপ্ৰাইজৰ মুখ্য কাৰ্যালয় ফ্ল’ৰিডাৰ ছানি আইলছ বিচত। ইকান আমেৰিকাৰ অন্যতম সফল বিনিয়োগ সংস্থা। কোম্পানীটোৰ নেতা কাৰ্ল ইকানো যথেষ্ট জনপ্ৰিয়।

মঙলবাৰে ৰাজহুৱা কৰা হয় হিণ্ডেনবাৰ্গৰ অভিযোগ। ইয়াৰ পিছত শ্বেয়াৰ বজাৰত ইকান এণ্টাৰপ্ৰাইজৰ প্ৰভাৱ কমিবলৈ ধৰিলে। সূত্ৰ অনুসৰি ইকানৰ শ্বেয়াৰৰ মূল্য এদিনতে ১০ শতাংশ হ্ৰাস পাইছে।

সময়ৰ লগে লগে আইকান এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আদানীৰ দৰেই পৰিস্থিতি হ’ব পাৰে বুলি বিশেষজ্ঞৰ এটা দলে প্ৰকাশ কৰিছে।

ইকানে অৱশ্যে হিণ্ডেনবাৰ্গৰ শেহতীয়া দাবীৰ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ৰাজহুৱা হ’লে সংস্থাটোৱে এক বিবৃতিত নিজৰ স্থিতি স্পষ্ট কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ