--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানীৰ পিছত এইবাৰ আন এটা বিনিয়োগ সংস্থাৰ ওপৰত চকু পৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে। তেওঁলোকে আমেৰিকাৰ 'আইকান এণ্টাৰপ্ৰাইজ’ৰ বিনিয়োগ আৰু লেনদেনৰ ওপৰত চকু ৰাখিছে। ৰিগিঙৰ অভিযোগো উত্থাপন কৰা হৈছে।

ইকান এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ জালিয়াতিৰ অভিযোগ মঙলবাৰে ৰাজহুৱা কৰা হয়। এই আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ পৰৱৰ্তী ‘লক্ষ্য’ হৈছে ইকান।

কাৰ্ল ইকান হৈছে ইকান এণ্টাৰপ্ৰাইজৰ চিইঅ’। তেওঁ ফ্ল’ৰিডাৰ বাসিন্দা। তেওঁ আমেৰিকাৰ অন্যতম ধনী উদ্যোগপতি আৰু বিনিয়োগকাৰী। তেওঁৰ কোম্পানীটোৱে একাধিক উদ্যোগত বিনিয়োগ কৰিছে।

হিণ্ডেনবাৰ্গে অভিযোগ কৰে যে ইকানে তেওঁৰ কোম্পানীটোৰ সম্পত্তি কমেও ৭৫ শতাংশ বৃদ্ধি কৰিলে। এইদৰে তেওঁলোকে শ্বেয়াৰ বজাৰত মূল্য বৃদ্ধি কৰিছে। প্ৰৱঞ্চনাৰ জৰিয়তে ইকান ধনী হৈ পৰিল।

ইকান এণ্টাৰপ্ৰাইজৰ বিনিয়োগৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু নথি-পত্ৰৰ উদ্ধৃতি দিহিণ্ডেনবাৰ্গে দাবী কৰে যে ইকানে ২১৮ শতাংশ প্ৰিমিয়ামত ব্যৱসায় কৰে, যিটো আন সকলো কোম্পানীতকৈ বহু বেছি।

হিণ্ডেনবাৰ্গে আৰু দাবী কৰে যে তেওঁলোকৰ অভিযোগৰ বিশদ প্ৰমাণ আছে। এই অভিযোগ যদি প্ৰমাণিত হয় তেন্তে এইটোৱেই শেহতীয়া সময়ত আটাইতকৈ ডাঙৰ আৰ্থিক দুৰ্নীতি হিচাপে বিবেচিত হ’ব।

হিণ্ডেনবাৰ্গৰ মতে, ইকানৰ সংস্থাটোৱে এক বিশেষ অৰ্থনৈতিক আন্তঃগাঁথনিৰ কাম কৰি আছে। তেওঁলোকে নিজৰ ইউনিট নতুন বিনিয়োগকাৰীক বিক্ৰী কৰি আছে। তাৰ পৰা টকা লৈ পুৰণি বিনিয়োগকাৰীক লভ্যাংশ দিছে। এইদৰেই লাভজনক ব্যৱসায় চলি আছে।

ইকান এণ্টাৰপ্ৰাইজৰ মুখ্য কাৰ্যালয় ফ্ল’ৰিডাৰ ছানি আইলছ বিচত। ইকান আমেৰিকাৰ অন্যতম সফল বিনিয়োগ সংস্থা। কোম্পানীটোৰ নেতা কাৰ্ল ইকানো যথেষ্ট জনপ্ৰিয়।

মঙলবাৰে ৰাজহুৱা কৰা হয় হিণ্ডেনবাৰ্গৰ অভিযোগ। ইয়াৰ পিছত শ্বেয়াৰ বজাৰত ইকান এণ্টাৰপ্ৰাইজৰ প্ৰভাৱ কমিবলৈ ধৰিলে। সূত্ৰ অনুসৰি ইকানৰ শ্বেয়াৰৰ মূল্য এদিনতে ১০ শতাংশ হ্ৰাস পাইছে।

সময়ৰ লগে লগে আইকান এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আদানীৰ দৰেই পৰিস্থিতি হ’ব পাৰে বুলি বিশেষজ্ঞৰ এটা দলে প্ৰকাশ কৰিছে।

ইকানে অৱশ্যে হিণ্ডেনবাৰ্গৰ শেহতীয়া দাবীৰ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ৰাজহুৱা হ’লে সংস্থাটোৱে এক বিবৃতিত নিজৰ স্থিতি স্পষ্ট কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী