--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানীক লৈ উত্তাল লোকসভা। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উদ্যোগপতি গৌতম আদানীৰ এখন ফটো দেখুৱাই সংসদত বিৰোধীৰ প্ৰতিবাদ তীব্ৰ কৰি তোলে। তেওঁৰ প্ৰশ্ন হ’ল- আদানীয়ে কেনেকৈ সকলো ব্যৱসায়ত সোমাই পৰিব পাৰিছে? প্ৰধানমন্ত্ৰী মোডীৰ সৈতে আদানীৰ কি সম্পৰ্ক?

ৰাহুলে মোডী আৰু আদানীৰ ফটো দেখুৱাই সংসদত কয়, "যেতিয়া নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়াই আদানীৰ সৈতে সম্পৰ্ক আৰম্ভ হৈছিল। দুয়োজনে কান্ধত কান্ধ মিলাই থাকে।’’

ৰাহুলৰ ভাষণৰ মাজতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুয়ে প্ৰতিবাদ কৰে। তেওঁ কয়- "কেৱল ডাঙৰ ডাঙৰ অভিযোগ দিলেই যথেষ্ট নহয়। অভিযোগৰ সঠিক প্ৰমাণ দিব লাগিব।''

ইয়াৰ প্ৰত্যুত্তৰত ৰাহুলে প্ৰশ্ন কৰে- ''কেনেকৈ এটা ঔদ্যোগিক কোম্পানীয়ে বিমানবন্দৰৰ ব্যৱসায়ত কোনো পূৰ্বৰ অভিজ্ঞতা অবিহনে প্ৰৱেশ কৰিব পাৰে?’’

ৰাহুলে দাবী কৰে যে তেওঁ ‘ভাৰত জোড়ো যাত্ৰা’ত য’তেই গৈছিল, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ সকলোতে একেটা নাম শুনিছিল - ‘আদানি, আদানী আৰু আদানী’।

মঙলবাৰে সংসদত ভাষণ দি ৰাহুলে কয়, '‘তামিলনাডুৰ পৰা কেৰালা, কেৰালাৰ পৰা হিমাচল প্ৰদেশলৈকে আমি মাত্ৰ এটা নামহে শুনিছো। অৰ্থাৎ 'আদানি, আদানী, আদানী'... মানুহে মোক সুধিছিল যে আদানীয়ে কেনকৈ সকলো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিছে আৰু কিদৰে সফল হৈছে।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক