--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানীক লৈ উত্তাল লোকসভা। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উদ্যোগপতি গৌতম আদানীৰ এখন ফটো দেখুৱাই সংসদত বিৰোধীৰ প্ৰতিবাদ তীব্ৰ কৰি তোলে। তেওঁৰ প্ৰশ্ন হ’ল- আদানীয়ে কেনেকৈ সকলো ব্যৱসায়ত সোমাই পৰিব পাৰিছে? প্ৰধানমন্ত্ৰী মোডীৰ সৈতে আদানীৰ কি সম্পৰ্ক?

ৰাহুলে মোডী আৰু আদানীৰ ফটো দেখুৱাই সংসদত কয়, "যেতিয়া নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়াই আদানীৰ সৈতে সম্পৰ্ক আৰম্ভ হৈছিল। দুয়োজনে কান্ধত কান্ধ মিলাই থাকে।’’

ৰাহুলৰ ভাষণৰ মাজতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুয়ে প্ৰতিবাদ কৰে। তেওঁ কয়- "কেৱল ডাঙৰ ডাঙৰ অভিযোগ দিলেই যথেষ্ট নহয়। অভিযোগৰ সঠিক প্ৰমাণ দিব লাগিব।''

ইয়াৰ প্ৰত্যুত্তৰত ৰাহুলে প্ৰশ্ন কৰে- ''কেনেকৈ এটা ঔদ্যোগিক কোম্পানীয়ে বিমানবন্দৰৰ ব্যৱসায়ত কোনো পূৰ্বৰ অভিজ্ঞতা অবিহনে প্ৰৱেশ কৰিব পাৰে?’’

ৰাহুলে দাবী কৰে যে তেওঁ ‘ভাৰত জোড়ো যাত্ৰা’ত য’তেই গৈছিল, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ সকলোতে একেটা নাম শুনিছিল - ‘আদানি, আদানী আৰু আদানী’।

মঙলবাৰে সংসদত ভাষণ দি ৰাহুলে কয়, '‘তামিলনাডুৰ পৰা কেৰালা, কেৰালাৰ পৰা হিমাচল প্ৰদেশলৈকে আমি মাত্ৰ এটা নামহে শুনিছো। অৰ্থাৎ 'আদানি, আদানী, আদানী'... মানুহে মোক সুধিছিল যে আদানীয়ে কেনকৈ সকলো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিছে আৰু কিদৰে সফল হৈছে।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু