--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ আগষ্ট বৃহস্পতিবাৰে সংসদত চৰকাৰে এখন বিধেয়ক দাখিল কৰে, য’ত নিৰ্বাচন আয়ুক্ত নিযুক্তি সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ ব্যৱস্থা আছে যদিও বিশেষ কথাটো হ’ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ইয়াৰ পৰা বাহিৰত ৰখা হয়। বিধেয়কখনৰ মতে, কমিটীখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেবিনেট মন্ত্ৰী অন্তৰ্ভুক্ত হ’ব। আগতে এই কমিটীত চি জে আই আছিল। এই কাৰণে এই বিষয়টো বৰ্তমান চৰ্চাত চলি আছে। আনহাতে, একাংশ লোকে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ চিঠিখন মনত পেলাইছে, য’ত এনে নিযুক্তিত পক্ষপাতিত্বৰ পৰা হাত সাৰিবলৈ চিজেআইক কমিটীত অন্তৰ্ভুক্ত কৰা বুলি কোৱা হৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি এতিয়ালৈকে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু বাকী নিৰ্বাচন আয়ুক্তসকলক সংবিধানৰ ৩২৪(২) অনুচ্ছেদ অনুসৰি চৰকাৰে নিযুক্তি দিয়ে, য'ত উল্লেখ আছে যে ৰাষ্ট্ৰপতিয়ে সংসদে প্ৰণয়ন কৰা যিকোনো আইনক উলংঘা কৰিব পাৰে।

যদিও এতিয়া বিজেপিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে, কিন্তু কেইবছৰমান আগতে সেয়া নাছিল। বিজেপি ক্ষমতাত নথকা সময়ত তেওঁলোকৰ হৈ চিজেআইক পেনেলত ৰখা বুলি কোৱা হৈছিল। ২০১২ চনৰ ২ জুনত বিজেপি সংসদীয় দলৰ তদানীন্তন সভাপতি এল কে আদৱানীয়ে এই সন্দৰ্ভত তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙলৈ এখন পত্ৰ লিখিছিল। য’ত নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে কলেজিয়াম গঠন কৰা বুলি কোৱা হৈছিল, লগতে কোৱা হৈছিল যে মুখ্য ন্যায়াধীশকো এই পেনেলত অন্তৰ্ভুক্ত কৰা উচিত।

নিৰ্বাচন আয়োগৰ উচ্চপদস্থ বিষয়া নিযুক্তিৰ কথা উল্লেখ কৰি আদৱানীয়ে তাৰ পিছত লিখিছে, “বৰ্তমানৰ যি ব্যৱস্থাৰ অধীনত নিৰ্বাচন আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, য’ত কেৱল প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ গ্ৰহণ কৰা হয়। যাৰ বাবে মানুহৰ বিশ্বাস নাথাকে। শাসকীয় দলৰ বিশেষাধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ৰাখিলে বাছনি প্ৰক্ৰিয়াত হেতালি খেলা আৰু পক্ষপাতিত্বৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবেই নিযুক্তি প্ৰক্ৰিয়া সংশোধনৰ সময় আহি পৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস