--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ন্যায়পালিকা আৰু কার্যপালিকা পুনৰবাৰ নতুন সংঘাতৰ দিশে আগবাঢ়িছে৷ এই সংঘাত নিৰ্বাচন আয়োগৰ বাছনি সমিতিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম আঁতৰোৱাক লৈ সূচনা হৈছে। কেন্দ্রীয় চৰকাৰে আনিছে এক বিধেয়ক, যাৰ দ্বাৰা মুখ্য ন্যায়াধীশ দেশৰ শীর্ষ নির্বাচনী বিষয়া নিযুক্তি প্রক্রিয়াৰ পৰা আঁতৰাই নিব৷

চৰকাৰ আৰু ন্যায়পালিকাৰ সংঘাতৰ খবৰসমূহ বিগত সময়চোৱাত ব্যাপকভাৱে চৰ্চিত হৈছিল, শেহতীয়াকৈ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ বক্তব্যই এই বিতৰ্ক বৃদ্ধি কৰিছিল, যিয়ে উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দি কেইবাটাও বক্তব্য দিছিল। ইফালে, ভাৰতৰ মুখ্য ন্যায়াধীশক দেশৰ মুখ্য নিৰ্বাচনী বিষয়া নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ দিবলৈ আইন প্ৰণয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি চলোৱা বুলি কোৱাৰ সময়তে চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷

আজি (১০ আগষ্ট) ৰাজ্যসভাত আহিব মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যালয়ৰ কাৰ্যকাল) বিধেয়ক, ২০২৩, য’ত এটা পেনেলৰ পৰামৰ্শ মতে নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়া নিযুক্তিৰ প্ৰস্তাৱ আহিব। এই পেনেলত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেবিনেট মন্ত্ৰী থাকিব।

এই বিধেয়কখনে উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ক ভেঙুচালি কৰিছে, য’ত সংবিধান বিচাৰপীঠে কৈছিল যে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়া হ’ব লাগে ). অৰ্থাৎ চিজেআইক পেনেলত ৰাখিব বুলি কোৱা হৈছিল যদিও এই আইন অহাৰ পাছত চিজেআই পেনেলৰ বাহিৰত থাকিব। এই সিদ্ধান্তত কোৱা হৈছিল যে সংসদত এই সন্দৰ্ভত কোনো আইন প্ৰণয়ন নোহোৱালৈকে এই ব্যৱস্থা বলবৎ থাকিব।

যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া কলেজিয়ামৰ পৰামৰ্শ বা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মন্তব্য গ্ৰহণ নকৰিলেও, প্ৰতিবাৰেই এই বিবাদ মুকলিকৈ আহিছিল৷শেহতীয়াকৈ বিধেয়কখন সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰিছিল, য’ত দিল্লী চৰকাৰক বিষয়াৰ বদলি-পোষ্টিঙৰ অধিকাৰ দিয়া হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস