--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম দিৱসত গৰুক সাৱটি নল’লেও হ’ব! ব্যাপক সমালোচনাৰ সন্মুখীন হৈ অৱশেষত কেন্দ্ৰই প্ৰত্যাহাৰ কৰিলে গৰু আলিংগনৰ অনুৰোধ। কেন্দ্ৰৰ ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন কৰাৰ অনুৰোধ প্ৰত্যাহাৰ কৰা হৈছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাটোৱে জাৰি কৰা নিৰ্দেশনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। ইয়াৰ পিছত ব’ৰ্ডে এই সিদ্ধান্ত লৈছে।

'ভেলেন্টাইন ডে' পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ বুলি হিন্দুত্ববাদীসকলৰ এটা শ্ৰেণীৰ মুখত শুনা যায়। বিজেপিৰ বহু লোকেও এই দিৱসৰ বিৰোধিতা কৰে। প্ৰেম দিৱসৰ দিনা বিজেপি বা তেওঁলোকৰ ঘনিষ্ঠ যিকোনো সংগঠনে প্ৰেম ৰোধ কৰিবলৈ ৰাস্তাত নামি আহে ৰাজপথলৈ। প্ৰেমিক দম্পতী  দেখা পোৱাৰ লগে লগে হাৰাশাস্তিৰ অভিযোগ উত্থাপন হয়।

এতিয়া পশু কল্যাণ পৰিষদে প্ৰেম দিৱসৰ দিনা গৰু সাৱটি ধৰিবলৈ আহ্বান জনাইছিল। বৃহস্পতিবাৰে আশা প্ৰকাশ কৰি কয় ব’ৰ্ডে কৈছিল- "ব'ৰ্ডৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মানুহে প্ৰেম দিৱসত গৰু সাৱটি ধৰি 'গৰু আলিংগন দিৱস' পালন কৰিব।"

যাৰ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল নানাধৰণৰ কৌতুক। শেষত পৰিষদে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। সংবাদ সংস্থা পিটিআইয়ে জাৰি কৰা জাননীত পৰিষদৰ সম্পাদক এছ কে দত্তই কয় যে ভাৰতীয় পশু কল্যাণ পৰিষদে ১৪ ফেব্ৰুৱাৰীক ‘গৰু আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ কৰা অনুৰোধ প্ৰত্যাহাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক