--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম দিৱসত গৰুক সাৱটি নল’লেও হ’ব! ব্যাপক সমালোচনাৰ সন্মুখীন হৈ অৱশেষত কেন্দ্ৰই প্ৰত্যাহাৰ কৰিলে গৰু আলিংগনৰ অনুৰোধ। কেন্দ্ৰৰ ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন কৰাৰ অনুৰোধ প্ৰত্যাহাৰ কৰা হৈছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাটোৱে জাৰি কৰা নিৰ্দেশনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। ইয়াৰ পিছত ব’ৰ্ডে এই সিদ্ধান্ত লৈছে।

'ভেলেন্টাইন ডে' পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ বুলি হিন্দুত্ববাদীসকলৰ এটা শ্ৰেণীৰ মুখত শুনা যায়। বিজেপিৰ বহু লোকেও এই দিৱসৰ বিৰোধিতা কৰে। প্ৰেম দিৱসৰ দিনা বিজেপি বা তেওঁলোকৰ ঘনিষ্ঠ যিকোনো সংগঠনে প্ৰেম ৰোধ কৰিবলৈ ৰাস্তাত নামি আহে ৰাজপথলৈ। প্ৰেমিক দম্পতী  দেখা পোৱাৰ লগে লগে হাৰাশাস্তিৰ অভিযোগ উত্থাপন হয়।

এতিয়া পশু কল্যাণ পৰিষদে প্ৰেম দিৱসৰ দিনা গৰু সাৱটি ধৰিবলৈ আহ্বান জনাইছিল। বৃহস্পতিবাৰে আশা প্ৰকাশ কৰি কয় ব’ৰ্ডে কৈছিল- "ব'ৰ্ডৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মানুহে প্ৰেম দিৱসত গৰু সাৱটি ধৰি 'গৰু আলিংগন দিৱস' পালন কৰিব।"

যাৰ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল নানাধৰণৰ কৌতুক। শেষত পৰিষদে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। সংবাদ সংস্থা পিটিআইয়ে জাৰি কৰা জাননীত পৰিষদৰ সম্পাদক এছ কে দত্তই কয় যে ভাৰতীয় পশু কল্যাণ পৰিষদে ১৪ ফেব্ৰুৱাৰীক ‘গৰু আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ কৰা অনুৰোধ প্ৰত্যাহাৰ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই