--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানিৰ জালিয়াতিৰ তথ্য বিদেশী সংস্থা এটাই ফাদিল কৰাৰ পিছত দেশ তথা বিদেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ নৈৰ গড়া খহা দি খহিছিল আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে  নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত ছেবিয়ে আদানি তদন্ত সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে। 

২ মাৰ্চত উচ্চতম ন্যায়ালয়ে কৈছিল যে সমগ্ৰ বিষয়টোত কোনো অনিয়ম হৈছে নেকি, আদানীয়ে কোনো অবৈধ পন্থাৰে শ্বেয়াৰ বজাৰক প্ৰভাৱান্বিত কৰিছে নেকি, হিন্দেনবাৰ্গ প্ৰতিবেদনৰ যথাৰ্থতা পৰীক্ষা কৰাৰ পিছত ছেবিয়ে দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।সেই সময়সীমা প্ৰায় শেষ হৈছে। অৱশ্যে, ছেবিয়ে এতিয়াও তদন্তত যথেষ্ট অগ্ৰগতি দেখুৱাব পৰা নাই। 

সূত্ৰ অনুসৰি ছেবিয়ে আদানি বিষয়টোকলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ছেবিয়ে আদানিৰ কেলেংকাৰীৰ বিষয়ত নিশ্চিত সিদ্ধান্তত উপনীত হোৱাৰ এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা  নাই। সেয়ে অনুসন্ধানৰ বাবে আৰু ছয় মাহৰ প্ৰয়োজন বুলি ছেবিয়ে কৈছে। শীৰ্ষ ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখত বিষয়টো সন্দৰ্ভত সিদ্ধান্ত ল'ব।

ইপিনে আদানি গোটে ছেবিৰ অতিৰিক্ত সময় বিচৰা সিদ্ধান্তক আদৰণি জনাইছে। আদানি গোটে এক বিবৃতিত কয়, "আমি আৰম্ভণিৰে পৰা এই তদন্তক আদৰণি জনাইছো। সংস্থাটোৱে অনাগত দিনবোৰত অনুসন্ধানকাৰীসকলৰ সৈতে সহযোগিতা অব্যাহত ৰাখিব, যিদৰে ই ইমান দিন ধৰি অনুসন্ধানকাৰীসকলৰ সৈতে সহযোগিতা কৰি আহিছে। সত্য উন্মোচন কৰাৰ বাবে এক নিৰপেক্ষ আৰু সময় সাপেক্ষ অনুসন্ধানৰ প্ৰয়োজন।’’ একে সময়তে আদানি গোটে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তদন্ত সম্পৰ্কে কোনো বিভ্ৰান্তিকৰ বাতৰি সম্প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাইছে।

ইফালে বিৰোধী শিবিৰে ছেবিয়ে অতিৰিক্ত সময়সীমা বিচৰাক লৈ চিন্তিত হৈ পৰিছে। কংগ্ৰেছে আশংকা কৰিছে যে এই অতিৰিক্ত সময় বিচৰাটো প্ৰকৃততে সমগ্ৰ কেলেংকাৰীটো ঢাকি ৰখাৰ এটা প্ৰয়াস। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, "মই আশা কৰোঁ ছেবিৰ অতিৰিক্ত সময় সমগ্ৰ কেলেংকাৰীটো ঢাকি ৰখাৰ প্ৰয়াস বা সময় বিচাৰি বিষয়টোৰ গুৰুত্ব হ্ৰাস কৰাৰ প্ৰয়াস ’’। টিএমচিৰ মহুয়া মৈত্ৰাই কয়, " প্ৰকৃততে প্ৰধানমন্ত্ৰীৰ প্ৰিয় ব্যৱসায়ীজনক অতিৰিক্ত সময় দিব বিচাৰিছে , যাতে তেওঁ সকলো প্ৰমাণ ধ্বংস কৰিবলৈ অতিৰিক্ত সময় পায়।" "

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ