--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই পঞ্জাৱৰ লুধিয়ানাৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গমনৰ ঘটনা ঘটিছে। দুৰ্ঘটনাটোত কমেও নজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। ঘটনাটোত অতিয়ালৈকে আন ১১ জন লোক গুৰুতৰভাবে  অসুস্থ হৈ পৰাৰ খবৰ আহিছে। স্থানীয় লোকসকলে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা লুধিয়ানাৰ গিয়াচপুৰাৰ শ্বেৰপুৰ চক অঞ্চলৰ চুয়া ৰোডৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ ওলোৱা আৰম্ভ হয়। বিষাক্ত গেছ  চাৰিওফালে বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে উশাহ লোৱাত কষ্ট পাবলৈ  ধৰে। খবৰ অনুসৰি ২০ জন লোক অসুস্থ হৈ পৰে। তেওঁলোকৰ নজনৰ মৃত্যু ঘটিছে। বাকী ১১ জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ মৃতসকলৰ ভিতৰত কেইবাটাও শিশুও আছে।জানিব পৰা মতে দেওবাৰে পুৱা ৭.১৫ বজাত এটা দুগ্ধ কাৰখানাৰ শীতলকৰণ কাৰখানাৰ  পৰা বিষাক্ত গেছ নিৰ্গত  হয়।

কাৰখানাটোৰ চাৰিওফালে গেছ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কেইবাজনো লোকে জ্ঞান হেৰুৱায় পেলায়। তেওঁলোকৰ মাজত কেইবাটাও শিশুও আছে। স্থানীয় আৰক্ষী প্ৰশাসনে তথ্য পোৱাৰ পিছত অঞ্চলটোলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো ঘটনাটো  অৱগত কৰা হৈছে। 

এন ডি আৰ এফৰ এটা দলঘটনাস্থলীত উপস্থিত হৈছে।এন ডি আৰ এফ আৰু আৰক্ষীয়ে  কাৰখানাটোৰ চাৰিওফালে এটা বৃহৎ এলেকা ঘেৰাও কৰি ৰাখিছে। আৰক্ষীয়ে গেছ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া জানিবলৈ চেষ্টা কৰি আছে। অঞ্চলটো  খালী  কৰা হৈছে। সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট