--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই পঞ্জাৱৰ লুধিয়ানাৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গমনৰ ঘটনা ঘটিছে। দুৰ্ঘটনাটোত কমেও নজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। ঘটনাটোত অতিয়ালৈকে আন ১১ জন লোক গুৰুতৰভাবে  অসুস্থ হৈ পৰাৰ খবৰ আহিছে। স্থানীয় লোকসকলে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱা লুধিয়ানাৰ গিয়াচপুৰাৰ শ্বেৰপুৰ চক অঞ্চলৰ চুয়া ৰোডৰ এটা কাৰখানাৰ পৰা বিষাক্ত গেছ ওলোৱা আৰম্ভ হয়। বিষাক্ত গেছ  চাৰিওফালে বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে উশাহ লোৱাত কষ্ট পাবলৈ  ধৰে। খবৰ অনুসৰি ২০ জন লোক অসুস্থ হৈ পৰে। তেওঁলোকৰ নজনৰ মৃত্যু ঘটিছে। বাকী ১১ জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ মৃতসকলৰ ভিতৰত কেইবাটাও শিশুও আছে।জানিব পৰা মতে দেওবাৰে পুৱা ৭.১৫ বজাত এটা দুগ্ধ কাৰখানাৰ শীতলকৰণ কাৰখানাৰ  পৰা বিষাক্ত গেছ নিৰ্গত  হয়।

কাৰখানাটোৰ চাৰিওফালে গেছ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কেইবাজনো লোকে জ্ঞান হেৰুৱায় পেলায়। তেওঁলোকৰ মাজত কেইবাটাও শিশুও আছে। স্থানীয় আৰক্ষী প্ৰশাসনে তথ্য পোৱাৰ পিছত অঞ্চলটোলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো ঘটনাটো  অৱগত কৰা হৈছে। 

এন ডি আৰ এফৰ এটা দলঘটনাস্থলীত উপস্থিত হৈছে।এন ডি আৰ এফ আৰু আৰক্ষীয়ে  কাৰখানাটোৰ চাৰিওফালে এটা বৃহৎ এলেকা ঘেৰাও কৰি ৰাখিছে। আৰক্ষীয়ে গেছ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেয়া জানিবলৈ চেষ্টা কৰি আছে। অঞ্চলটো  খালী  কৰা হৈছে। সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement