--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ দিনটো দেশৰ বাবে এক বিশেষ দিন৷ কাৰণ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান মন কি বাতে ১০০ টা খণ্ডত ভৰি দিলে৷ ২০১৪  চনত নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু 'মন কি বাত' অনুষ্ঠান আৰম্ভ কৰিছিল। 

আজি ৰেডিঅ' অনুষ্ঠানটোৱে ১০০ টা খণ্ডত প্ৰৱেশ কৰিছে। মন কি বাত ২২ টা ভাৰতীয় ভাষা আৰু ১১ টা বিদেশী ভাষাত সম্প্ৰচাৰি হৈ আহিছে৷   মন কি বাতৰ ১০০ সংখ্যক খণ্ডত  ভাষণ প্ৰদান কৰোঁতে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। তেওঁ কয়  যে অনুষ্ঠানটো কেৱল তেওঁৰ বাবে এটা অনুষ্ঠান নহয়। তেওঁৰ বাবে এই অনুষ্ঠানটো এটা পূজা। তেওঁৰ মনৰ আধ্যাত্মিক যাত্ৰা। 

 প্ৰধানমন্ত্ৰীৰ মন কি বাত  ৰেডিঅ'ৰ লগতে অন্যান্য মাধ্যমত পূৰ্ণ গতিত চলি আহিছে। ৰাষ্ট্ৰসংঘয়ো 'মন কি বাত'ৰ সম্প্ৰচাৰৰ বিষয়েও টুইট কৰিছে। অনুষ্ঠানটো ৰাষ্ট্ৰসংঘৰ ট্ৰাষ্টিশ্বিপ কাউন্সিল চেম্বাৰত সম্প্ৰচাৰ কৰা হৈছে। সামগ্ৰিকভাৱে, দেশ আৰু বিদেশত 'মন কি বাত'ৰ ১০০  সংখ্যক খণ্ডকলৈ  চাৰিওফালে যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে৷  মোদীয়ে তেওঁৰ ভাষণত দেশৰ বহু কেইটা ইতিবাচক দিশৰ কথা দাঙি ধৰে৷ তেওঁ কয় যে জনতাই তেওঁৰ বাবে ভগৱান৷  

প্ৰধানমন্ত্ৰীৰ কণ্ঠত আজিও অৰুৰণিত হ’ল জনতাৰ প্ৰতি থকা তেওঁৰ দায়ব্ধতাৰ কথা৷অনুষ্ঠানটোৰ আৰম্ভণিতে তেওঁ কোৱা শুনা গ’ল , "মোৰ বাবে 'মন কি বাত' ঈশ্বৰৰ দৰে,  জনতাৰ চৰণত যঁচা  প্ৰসাদৰ প্লেটৰ দৰে। 'মন কি বাত' মোৰ মনৰ আধ্যাত্মিক যাত্ৰা। 'মন কি বাত' হৈছে আত্মৰ পৰা সামূহিকলৈ যাত্ৰা। 'মন কি বাত' হৈছে অহমৰ  পৰা বয়মলৈ যাত্ৰা। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল