--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ দিনটো দেশৰ বাবে এক বিশেষ দিন৷ কাৰণ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান মন কি বাতে ১০০ টা খণ্ডত ভৰি দিলে৷ ২০১৪  চনত নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু 'মন কি বাত' অনুষ্ঠান আৰম্ভ কৰিছিল। 

আজি ৰেডিঅ' অনুষ্ঠানটোৱে ১০০ টা খণ্ডত প্ৰৱেশ কৰিছে। মন কি বাত ২২ টা ভাৰতীয় ভাষা আৰু ১১ টা বিদেশী ভাষাত সম্প্ৰচাৰি হৈ আহিছে৷   মন কি বাতৰ ১০০ সংখ্যক খণ্ডত  ভাষণ প্ৰদান কৰোঁতে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। তেওঁ কয়  যে অনুষ্ঠানটো কেৱল তেওঁৰ বাবে এটা অনুষ্ঠান নহয়। তেওঁৰ বাবে এই অনুষ্ঠানটো এটা পূজা। তেওঁৰ মনৰ আধ্যাত্মিক যাত্ৰা। 

 প্ৰধানমন্ত্ৰীৰ মন কি বাত  ৰেডিঅ'ৰ লগতে অন্যান্য মাধ্যমত পূৰ্ণ গতিত চলি আহিছে। ৰাষ্ট্ৰসংঘয়ো 'মন কি বাত'ৰ সম্প্ৰচাৰৰ বিষয়েও টুইট কৰিছে। অনুষ্ঠানটো ৰাষ্ট্ৰসংঘৰ ট্ৰাষ্টিশ্বিপ কাউন্সিল চেম্বাৰত সম্প্ৰচাৰ কৰা হৈছে। সামগ্ৰিকভাৱে, দেশ আৰু বিদেশত 'মন কি বাত'ৰ ১০০  সংখ্যক খণ্ডকলৈ  চাৰিওফালে যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে৷  মোদীয়ে তেওঁৰ ভাষণত দেশৰ বহু কেইটা ইতিবাচক দিশৰ কথা দাঙি ধৰে৷ তেওঁ কয় যে জনতাই তেওঁৰ বাবে ভগৱান৷  

প্ৰধানমন্ত্ৰীৰ কণ্ঠত আজিও অৰুৰণিত হ’ল জনতাৰ প্ৰতি থকা তেওঁৰ দায়ব্ধতাৰ কথা৷অনুষ্ঠানটোৰ আৰম্ভণিতে তেওঁ কোৱা শুনা গ’ল , "মোৰ বাবে 'মন কি বাত' ঈশ্বৰৰ দৰে,  জনতাৰ চৰণত যঁচা  প্ৰসাদৰ প্লেটৰ দৰে। 'মন কি বাত' মোৰ মনৰ আধ্যাত্মিক যাত্ৰা। 'মন কি বাত' হৈছে আত্মৰ পৰা সামূহিকলৈ যাত্ৰা। 'মন কি বাত' হৈছে অহমৰ  পৰা বয়মলৈ যাত্ৰা। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement